নিউজ ডেস্ক, ৪ মাৰ্চ: দিল্লীৰ উপ-ৰাজ্যপাল অনিল বৈজলে গ্ৰহণ কৰিলে প্ৰথম পালি COVID-১৯ ৰ প্ৰতিষেধক । বৃহস্পতিবাৰে দিল্লীৰ তিৰথ ৰাম শ্বাহ চিকিৎসালয়ত উপ-ৰাজ্যপালগৰাকীয়ে গ্ৰহণ কৰে প্ৰতিষেধক । ইয়াৰ পূৰ্বে, দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে দিল্লী চৰকাৰৰ অধীনৰ এল এন জে পি চিকিৎসালয়ত COVID-১৯ প্ৰতিষেধকৰ প্ৰথম পালি গ্ৰহণ কৰে । যোৱা ১০ বছৰ ধৰি ৫২ বছৰীয়া কেজৰিৱাল মধুমেহ ৰোগত আক্ৰান্ত হৈ আছে ৷ সেয়েহে টীকাকৰণ অভিযানৰ নিয়ম অনুসৰি তেওঁ প্ৰতিষেধক গ্ৰহণৰ বাবে যোগ্য ।
উল্লেখ্য যে, দেশজুৰি ১৬ জানুৱাৰীৰ পৰা প্ৰতিষেধক প্ৰদান অভিযান আৰম্ভ হৈছিল । ২ ফেব্ৰুৱাৰীৰ পৰা কৰ'ণাযোদ্ধাসকলৰ বাবে টীকাকৰণ অভিযান আৰম্ভ কৰা হয় । দ্বিতীয় পৰ্যায়ৰ প্ৰতিষেধক প্ৰদান কাৰ্যসূচী ১ মাৰ্চৰ পৰা আৰম্ভ হৈছে । এই পৰ্যায়ত ৬০ বছৰৰ ঊৰ্দ্ধৰ ব্যক্তি আৰু ৪৫ বছৰ ঊৰ্দ্ধৰ যিসকল ব্যক্তি আনুসংগিক ৰোগত আক্ৰান্ত তেওঁলোকক প্ৰতিষেধক প্ৰদান কৰা হৈছে । ইতিমধ্যে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী ড৹ হৰ্ষবৰ্ধনকে ধৰি বহু শীৰ্ষ নেতাই প্ৰতিষেধক গ্ৰহণ কৰিছে ।
স্বাস্থ্য মন্ত্ৰালয়ৰ মতে এতিয়ালৈ দেশৰ ১ কোটি ৬৬ লাখ ১৬ হাজাৰ ৪৮ গৰাকী লোকক প্ৰতিষেধক প্ৰদান কৰা হৈছে । সমান্তৰালকৈ যোৱা ২৪ ঘণ্টাত ১৭ হাজাৰ ৪০৭ গৰাকী লোক নতুনকৈ আক্ৰান্ত হৈছে আৰু ৮৯ গৰাকী লোকৰ মৃত্যু হৈছে ।
লগতে পঢ়ক: ঝাৰখণ্ডৰ আইইডি বিস্ফোৰণত নিহত ৩ আৰক্ষী জোৱান