ETV Bharat / bharat

Delhi liquor scam: সঞ্জয় সিঙৰ জামিন আবেদন নাকচ দিল্লী উচ্চ ন্যায়ালয়ৰ

author img

By ETV Bharat Assamese Team

Published : Oct 20, 2023, 8:20 PM IST

শুকুৰবাৰে আম আদমী পাৰ্টিৰ সাংসদ সঞ্জয় সিঙৰ জামিন আবেদন নাকচ কৰে দিল্লী উচ্চ ন্যায়ালয়ে ৷ আদালতে তেওঁৰ । ইয়াৰ পূৰ্বে বৃহস্পতিবাৰে দিল্লী সুৰা কেলেংকাৰীৰ গোচৰৰ শুনানি গ্ৰহণ কৰি আদালতে নিজৰ ৰায় সংৰক্ষণ কৰি ৰাখিছিল ।

Delhi liquor scam
সঞ্জয় সিঙৰ জামিন আবেদন নাকচ

নিউজ ডেস্ক, 20 অক্টোবৰ : দিল্লীৰ সুৰা কেলেংকাৰিৰ গোচৰত জেলত থকা আপৰ ৰাজ্যসভাৰ সাংসদ সঞ্জয় সিঙে আদালতত মুখ ঠেকেচা খাইছে । শুকুৰবাৰে তেওঁৰ জামিন আৱেদন নাকচ কৰে দিল্লী উচ্চ ন্যায়ালয়ে ৷ ইয়াৰ পূৰ্বে বৃহস্পতিবাৰে আদালতে জামিনত এই সিদ্ধান্ত সংৰক্ষণ কৰি ৰাখিছিল ৷ যোৱা ৪ অক্টোবৰত বিধি বলবৎকাৰী সঞ্চালকালয়ে গ্ৰেপ্তাৰ কৰিছিল সিঙক ৷

বৃহস্পতিবাৰে অনুষ্ঠিত হোৱা শুনানিত ইডিয়ে জামিন আবেদনৰ তীব্ৰ বিৰোধিতা কৰিছিল ৷ তেওঁৰ আবেদনত কৈছিল যে সঞ্জয় সিং ন্যায়িক জিম্মাত আছে ৷ এনে পৰিস্থিতিত তেওঁৰ আবেদন শুনানিৰ কোনো ন্যাৰ্যতা নাই ৷ গ্ৰেপ্তাৰৰ ফলত তেওঁৰ কোনো মৌলিক অধিকাৰ খৰ্ব হোৱা নাই ৷ উৎকোচৰ ধন লোৱাৰ প্ৰত্যক্ষ অভিযোগো আছে সিঙৰ বিৰুদ্ধে ।

লগতে পঢ়ক : Actress Jayaprada's imprisonment: অভিনেত্ৰী জয়াপ্ৰদাক 6 মাহৰ কাৰাদণ্ড

ইয়াৰ পূৰ্বে ১৭ অক্টোবৰত সঞ্জয় সিঙৰ আবেদনৰ শুনানি গ্ৰহণ কৰা হৈছিল । সঞ্জয়ে সিঙে আদালতত কৈছিল যে তেওঁক ক্ষমতাৰ অপব্যৱহাৰ কৰি গ্ৰেপ্তাৰ কৰা হৈছে । ধন সৰবৰাহৰ আইন অত্যাচাৰৰ আহিলা হ’ব নোৱাৰে ৷ তেওঁ কয় যে এই গোচৰত ইডিয়ে তেওঁক এটাও চমন দিয়া নাই ৷ ৪ অক্টোবৰত তেওঁৰ ঘৰত উপস্থিত হৈ তালাচী চলাই হঠাৎ গ্ৰেপ্তাৰ কৰিছিল ইডিয়ে ৷

সিঙৰ অধিবক্তা বিক্ৰম চৌধুৰীয়ে যুক্তি দিছিল যে তেওঁৰ ক্লায়েণ্টক গ্ৰেপ্তাৰ কৰাটো অবৈধ, অসৎ ইচ্ছাৰ দ্বাৰা প্ৰেৰিত আৰু ক্ষমতাৰ অপব্যৱহাৰৰ উদাহৰণ । সেয়েহে নিম্ন আদালতে তেওঁক ইডিৰ জিম্মালৈ পঠিয়াবলৈ দিয়া নিৰ্দেশ বাতিল কৰিব লাগে । চৌধুৰীয়ে আৰু কয় যে ধন সৰবৰাহৰ প্ৰতিৰোধ আইন অত্যাচাৰৰ আহিলা হ’ব নোৱাৰে । যদি এনে শিথিলতা দিয়া হয় তেন্তে কোনোৱেই নিৰাপদ নহয় । এয়া ক্ষমতাৰ অপব্যৱহাৰৰ স্পষ্ট উদাহৰণ ৷

লগতে পঢ়ক : Chandrababu Naidu FiberNet scam : চন্দ্ৰবাবু নাইডুৰ অন্তৱৰ্তীকালীন জামিনৰ শুনানি স্থগিত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.