ETV Bharat / bharat

কৰ’ণাত পিতৃ-মাতৃ হেৰুওৱা শিশুৰ দায়িত্ব ল’ব কোনে ?

author img

By

Published : Sep 20, 2021, 2:55 PM IST

কৰ’ণাৰ মহামাৰীৰ বাবে পিতৃ-মাতৃ দুয়োকে হেৰুওৱা শিশুসকলৰ চোৱা-চিতাৰ দায়িত্ব বিচাৰি কৰা আবেদনৰ আজি শুনানি গ্ৰহণ কৰিব দিল্লী উচ্চ ন্যায়ালয়ে ৷

Delhi High Court Hearing on care of children who lost their parents during Corona period
কৰ’ণাত পিতৃ-মাতৃ হেৰুওৱা শিশুৰ দায়িত্ব ল’ব কোনে ?

নেশ্যনেল ডেস্ক, 20 ছেপ্তেম্বৰ : কৰ’ণা মহামাৰীৰ বাবে পিতৃ-মাতৃ দুয়োকে হেৰুওৱা শিশুসকলৰ চোৱা-চিতাৰ দায়িত্ব বিচাৰি কৰা আবেদনৰ আজি শুনানি গ্ৰহণ কৰিব দিল্লী উচ্চ ন্যায়ালয়ে ৷ দিল্লী উচ্চ ন্যায়ালৰ মুখ্য ন্যায়াধীশ ডি এন পেটেলৰ বিচাপীঠে গ্ৰহণ কৰিব এই আবেদনৰ শুনানি ৷ এই আবেদন দাখিল কৰিছিল অধিবক্তা জিতেন্দ্ৰ গুপ্তাই ৷

এই আবেদনখনত উল্লেখ কৰা হৈছে যে, সেইসকল শিশুৰ আত্মীয়ক আৰ্থিক সাহাৰ্য প্ৰদান কৰা হওক যিসকলে ক’ভিড মহামাৰীৰৰ বাবে পিতৃ-মাতৃক হেৰুৱাইছে ৷ কেন্দ্ৰীয় আৰু দিল্লী চৰকাৰৰ গাফিলতিৰ বাবে কৰ’ণাৰ দ্বিতীয় প্ৰৱাহৰ সময়ত ৰাজধানী দিল্লীত স্বাস্থ্য বিভাগৰ আন্তঃগাঠনি সম্পূৰ্ণৰূপে ধ্বংস হৈছে ৷ ইয়াৰ ফলতে দিল্লীত হাজাৰ হাজাৰ লোকে অসময়তে প্ৰাণ হেৰুৱাবলগীয়া হৈছে ৷

আবেদনখনত আৰু উল্লেখ কৰা হৈছে যে, কেন্দ্ৰীয় আৰু দিল্লী চৰকাৰে সাধাৰণ লোকৰ স্বাস্থ্য আৰু সুৰক্ষাৰ সৈতে গাফলতি কৰিছে ৷ এই কাৰ্যৰ দ্বাৰা তেওঁলোকে সংবিধানৰ 21 নং ধাৰাৰ উলংঘা কৰিছে ৷

আবেদনখনত সেইসমূহ বাতৰিৰ উদ্ধৃতি দিয়া হৈছে, য’ত বহু পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰীগৰাকীৰ মৃত্যু হৈছিল ৷ ইয়াৰ ফলতে বহু শিশুৱে নিজৰ পিতৃ-মাতৃক হেৰুৱা বলগীয়া হৈছে ৷ উল্লেখ্য যে, এনে এখন আবেদন উচ্চতম ন্যায়ালতো দাখিল কৰা হৈছে ৷ যোৱা 8 জুনৰ উচ্চতম ন্যায়ালয়ে সকলো ৰাজ্যৰে চৰকাৰক নিৰ্দেশ দিছিল যে তেওঁলোকে ৰাজ্যত কৰ’ণা মহামাৰীৰ ফলত নিথৰুৱা হোৱা শিশুসকলৰ পঢ়া-শুনাত যাতে কোনো ধৰণৰ বাধা নাহে সেয়া সুনিশ্চিত কৰক ৷

লগতে পঢ়ক : আজম খানসহ ED ৰ জেৰাৰ সন্মুখীন হ'ব উত্তৰ প্ৰদেশৰ তিনি ৰাজনীতিবিদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.