ETV Bharat / bharat

গোগী গেঙৰ সদস্য ভূপেন্দ্ৰ সিঙৰ জামিন আবেদন নাকচ

গোগী গেঙৰ অন্যতম প্ৰাক্তন সদস্য ভূপেন্দ্ৰ সিং ওৰফে ভুট্টানে আদালতত জনোৱা আবেদন অনুসৰি মাতৃৰ শুশ্ৰূষাৰ বাবে তেওঁক অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰিব লাগে । বুধবাৰে তেওঁৰ আবেদন খাৰিজ কৰে (Gogi Gang ex member bail plea rejected)। মাতৃৰ শুশ্ৰূষাৰ বাবে পৰিয়ালৰ আন সদস্য থকাৰ কথা উল্লেখ কৰে আদালতে ।

author img

By

Published : Sep 7, 2022, 2:22 PM IST

Delhi High court
গোগী গেঙৰ সদস্য ভূপেন্দ্ৰ সিঙৰ জামিন আবেদন নাকচ

নেশ্যনেল ডেস্ক,৭ ছেপ্টেম্বৰ : দিল্লী উচ্চ ন্যায়ালয়ে গোগী গেঙৰ এজন প্ৰাক্তন সদস্যৰ অন্তৱৰ্তীকালীন জামিন আবেদন নাকচ কৰে (Delhi HC denies interim bail of Gogi gang member)। গেঙৰ সদস্য ভূপেন্দ্ৰ সিং ওৰফে ভুট্টানে আদালতত জনোৱা আবেদনত কৈছে যে তেওঁৰ মাতৃ অসুস্থ । মাতৃৰ অস্ত্ৰোপচাৰৰ পাছত তেওঁক চোৱাচিতা কৰিবলৈ পৰিয়ালৰ কোনো নাই । ভূপেন্দ্ৰ সিং ওৰফে ভু্ট্টানৰ বিৰুদ্ধে সশস্ত্ৰ ডকাইতি, চৰকাৰী কৰ্মচাৰীৰ ওপৰত আক্ৰমণ, অপৰাধমূলক ষড়যন্ত্ৰ আৰু জিটিবি এনক্লেভ আৰক্ষী থানাত পঞ্জীয়ন হোৱা অস্ত্ৰ আইনৰ গোচৰৰ অভিযুক্ত ।

উল্লেখ্য যে ২০২১ চনৰ ২৪ ছেপ্টেম্বৰত তিলু তাজপুৰীয়াৰ এটা প্ৰতিদ্বন্দী দলৰ শ্বুটাৰে ৰোহিণী আদালতত জীতেন্দ্ৰ ওৰফে গোগীক গুলীয়াই হত্যা কৰিছিল (Gogi murder case)। দিল্লী আৰক্ষীয়ে আক্ৰমণকাৰীসকলকো গুলীয়াই হত্যা কৰিছিল । উক্ত গোগী গেঙৰে প্ৰাক্তন সদস্য এই ভূপেন্দ্ৰ সিং (Gogi gang ex member Bhupender Singh)। ন্যায়াধীশ আশা মেননে জামিন আবেদন খাৰিজ কৰি কয় যে অসুস্থৰ যত্ন ল'বলৈ কেৱল আবেদনকাৰীয়ে তেওঁৰ পৰিয়ালৰ একমাত্ৰ সদস্য বুলি বুজি পোৱাটো কঠিন । ইফালে নিয়মীয়া জামিন আবেদনবোৰ খাৰিজ হোৱাৰ পাছত অন্তৱৰ্তীকালীন জামিন লাভৰ বাবে আকস্মিকভাৱে চিকিৎসা অৱস্থাৰ ব্যৱহাৰ কৰা হৈছে ।

ন্যায়াধীশে লগতে কয় যে যিহেতু আৱেদনকাৰীৰ মাতৃৰ অস্ত্ৰোপচাৰ কৰিব লাগিব । সেয়ে আবেদনকাৰীৰ পৰিৱৰ্তে তেওঁৰ জীয়ৰী বা বোৱাৰী চিকিৎসালয়ত ভৰ্তি হোৱা সময়ত ওচৰত থকাটো বেছি প্ৰয়োজনীয় হ'ব । পৰিয়ালত আন কিছুমান সদস্য আছে যিসকলে মাতৃৰ আন প্ৰয়োজনীয়তা পূৰণ কৰিব পাৰিব বুলিও আদালতে কয় ।

অধিবক্তা মীৰা কৌৰ পেটেলে দাখিল কৰা আবেদন অনুসৰি আবেদনকাৰীৰ মাতৃ অসুস্থ । অভিযুক্তৰ ভাতৃয়ে তেওঁৰ পিতৃ-মাতৃৰ যত্ন ল'বলৈ অস্বীকাৰ কৰিছে আৰু সেয়েহে মাতৃৰ যত্ন ল'ব পৰা একমাত্ৰ ব্যক্তিজন হৈছে আবেদনকাৰী ।

আনহাতে, জামিন আবেদনৰ বিৰোধিতা কৰি চৰকাৰী অধিবক্তাই উল্লেখ কৰিছে যে আবেদনকাৰীৰ পৰিয়ালত তেওঁৰ ভাতৃ আছে যি আলিপুৰত তেওঁৰ পৰিয়ালৰ সৈতে বাস থাকে । অষ্ট্ৰেলিয়াত তেওঁৰ আন এজন ভাতৃ আছে আৰু হাৰিয়ানাৰ চনিপতত এগৰাকী ভগ্নী আছে । আনহাতে আদালতে কয় যে আবেদনখন গুণাগুণৰ ওপৰত বিবেচনা কৰিব লাগিব । আবেদনকাৰীয়ে এবাৰ নহয় বছৰত ইতিমধ্যে দুবাৰ অন্তৱৰ্তীকালীন জামিনৰ সুবিধা লাভ কৰিছে ।

লগতে পঢ়ক :প্ৰকৃত শিৱসেনা সন্দৰ্ভত ২৭ ছেপ্টেম্বৰত ছুপ্ৰিম কোৰ্টৰ সিদ্ধান্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.