ETV Bharat / bharat

দিল্লীত অক্সিজেন, ৰেমডেচিবিৰৰ যোগান নিৰীক্ষণৰ বাবে বিষয়া নিয়োগ - বিষয়াৰ দুটা দল নিয়োগ কৰিছে দিল্লী চৰকাৰে

দিল্লীত ক'ভিড-১৯ৰ সংক্ৰমণ দৈনিক ভয়াৱহ ৰূপত বৃদ্ধি পাইছে । আক্ৰান্তৰ বৰ্ধিত সংখ্যাৰ বাবে ৰোগীক উপযুক্ত চিকিৎসা প্ৰদান কৰিব পৰা নাই স্বাস্থ্য বিভাগে । দেওবাৰে দিল্লীত আটাইতকৈ বেছি সংখ্যক লোক মহামাৰীত আক্ৰান্ত হোৱাৰ তথ্য পোহৰলৈ আহিছে । অক্সিজেন আৰু ৰেমডেচিবিৰ ঔষধৰ ক্ৰয় আৰু যোগান নিৰীক্ষণৰ বাবে বিষয়াৰ দুটা দল নিয়োগ কৰিছে দিল্লী চৰকাৰে ।

অক্সিজেন আৰু ৰেমডেচিবিৰৰ যোগান নিৰীক্ষণৰ বাবে বিষয়া নিয়োগ দিল্লী চৰকাৰৰ

author img

By

Published : Apr 19, 2021, 2:55 PM IST

নেশ্যনেল ডেস্ক, ১৯ এপ্ৰিল: বৰ্ধিত ক'ভিড-১৯ৰ সংক্ৰমণ ৰোধৰ বাবে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিও ব্যৰ্থ হ'বলগীয়া হৈছে দিল্লী চৰকাৰ । দিল্লীত প্ৰতিদিনে বৃদ্ধি পাইছে আক্ৰান্তৰ সংখ্যা । মহামাৰীৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি দিল্লী চৰকাৰে অক্সিজেন আৰু ৰেমডেচিবিৰ ঔষধৰ ক্ৰয় আৰু যোগান নিৰীক্ষণৰ বাবে বিষয়াৰ দুটা দল নিয়োজিত কৰিছে । দেওবাৰৰ দিনটোত ৰাজধানী চহৰখনত দৈনিক আক্ৰান্তৰ সংখ্যা সৰ্বাধিক হোৱাৰ তথ্য পঞ্জীয়ন কৰা হৈছে ।

দিল্লীত দেওবাৰে ২৫,৪৬২ জন লোক নতুনকৈ মহামাৰীৰ কবলত পৰিছে । চহৰখনত যদি তিনিটা নমুনা পৰীক্ষা কৰা হৈছে তেন্তে তাৰ ভিতৰত এটা নমুনা পজিটিভ হৈছে । স্বাস্থ্য বিভাগে জাৰি কৰা এক নিৰ্দেশ অনুসৰি, ৯ জন বিষয়াৰ এটা দলক অক্সিজেন ভৰোৱা প্ৰকল্পত নিযুক্তি দিয়া হ'ব আৰু অক্সিজেন যোগান ধৰোঁতাসকলৰ কাৰ্যকলাপ তদাৰক কৰা হ'ব । বিষয়াসকলে অক্সিজেন ফিলাৰ এজেঞ্চীৰ দ্বাৰা চিকিৎসা অক্সিজেন ক্ৰয় কৰাৰ সমগ্ৰ প্ৰক্ৰিয়াটো তদাৰক কৰিব ।

দলটোৱে দিল্লীৰ বিভিন্ন চিকিৎসালয় আৰু নাৰ্চিংহোমলৈ চিকিৎসা অক্সিজেন বিতৰণৰ বিষয়টোও তদাৰক কৰিব । বিশেষ কৰ্তব্যৰত বিষয়াৰ ওচৰত দৈনিক ভিত্তিত প্ৰতিবেদন দাখিল কৰিব লাগিব প্ৰতিজন বিষয়াই । এক পৃথক নিৰ্দেশৰ জৰিয়তে দিল্লী চৰকাৰে কৈছে যে, ৰাষ্ট্ৰীয় ৰাজধানীত দৈনিক ভিত্তিত ৰেমডেচিবিৰ বেজীৰ ব্যৱহাৰৰ বিষয়ে নিৰীক্ষণ কৰিবলৈ ২৮ জন ঔষধ পৰিদৰ্শককো নিযুক্তি দিয়া হৈছে ।

অৰ্ডাৰ দিয়াৰ পৰা আৰম্ভ কৰি ৰেমডেচিবিৰ বেজীৰ সমগ্ৰ ক্ৰয় প্ৰক্ৰিয়াটো তদাৰক কৰিব ঔষধ পৰিদৰ্শকসকলে আৰু ইয়াৰ বাবে ডিষ্ট্ৰিবিউটৰ বা ডিলাৰৰ জৰিয়তে সংশ্লিষ্ট কোম্পানীৰ পৰা ইয়াৰ ৰচিদ সংগ্ৰহ কৰিব । যোগান ধৰোতা আৰু ডিলাৰসকলে লাভ কৰা সকলো সামগ্ৰী তেওঁলোকৰ প্ৰাসংগিক নথিত যাতে অন্তৰ্ভুক্ত কৰা হয় সেয়া বিষয়াসকলে নিশ্চিত কৰিব ।

লগতে পঢ়ক:অভিনেতা দীপ সিদ্ধুক পুনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.