নিউজ ডেস্ক,4 নৱেম্বৰঃ দিল্লীস্থিত ইন্দিৰা গান্ধি আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ সুৰক্ষালৈ ভাবুকি প্ৰদান কৰিছে কোনো দুষ্ট চক্ৰই ৷ উল্লেখযোগ্য যে, SFJ জীক্স ফ’ৰ যাষ্টিচ নামৰ এটা সংগঠনে ভাবুকি ভৰা ফোন ক’লৰ জৰিয়তে এয়াৰ ইণ্ডিয়া বাহন লণ্ডন নোপোৱাৰ আগতে ধব্বংস কৰি দিয়াৰ ভাবুকি প্ৰদান কিছিল ৷
ঘটনাৰ সৰ্ন্দভত আৰক্ষী উপায়ুক্ত IGIৰ ৰাজীব ৰঞ্জনে জনোৱা মতে,বৃহস্পতিবাৰে SFJ নামৰ সংগঠন এটাই ভাবুকি দিয়াৰ পিচতে দিল্লীৰ পৰা লণ্ডনলৈ যাব লগীয়া বিমান খনৰ যাত্ৰা বাতিল কৰিছে কৰ্তৃপক্ষই ৷
ইপিনেদি দিল্লীৰ বিমান বন্দৰৰ আভ্যন্তৰীণ আৰু বাহ্যিক নিৰাপত্তা অধিক কটকটীয়া কৰাৰ লগতে এয়াৰ ইণ্ডিয়া কৰ্তৃপক্ষক অধিক সৰ্তক থাকিবলৈ জনাইছে আৰক্ষীয়ে ৷
লগতে পঢ়কঃ ওড়িশাত সুৰক্ষা বাহিনীয়ে উৎখাত কৰিলে মাওবাদী শিৱিৰ