ETV Bharat / bharat

দেওবাৰে "মধ্যম শ্ৰেণীত" ৰাজধানী দিল্লীৰ বায়ুৰ মানদণ্ড

author img

By

Published : Mar 7, 2021, 12:04 PM IST

দেওবাৰে পুৱা দেশৰ ৰাজধানী দিল্লীত বায়ুৰ মানদণ্ড মধ্যম শ্ৰেণীত থকা অনূভূত হয় । বায়ুৰ মানদণ্ড আৰু বতৰৰ পূৰ্বানুমান আৰু গৱেষণা প্ৰণালী চমুকৈ এছএফএআৰৰ তথ্য অনুসৰি, হেওবাৰে পুৱা বায়ুৰ মানদণ্ড সূচক চমুকৈ একিউআই আছিল ১৫৯ ।

দিল্লীৰ বায়ুৰ মানদণ্ড নিম্নগামী হোৱাৰ সম্ভাৱনা

নিউজ ডেস্ক,৭ মাৰ্চ: দেওবাৰে পুৱা দেশৰ ৰাজধানী দিল্লীত বায়ুৰ মানদণ্ড মধ্যম শ্ৰেণীত থকা অনূভূত হয় । বায়ুৰ মানদণ্ড আৰু বতৰৰ পূৰ্বানুমান আৰু গৱেষণা প্ৰণালী চমুকৈ এছএফএআৰৰ তথ্য অনুসৰি, দেওবাৰে পুৱা বায়ুৰ মানদণ্ড সূচক চমুকৈ একিউআই আছিল ১৫৯ । কিন্তু সোমবাৰ আৰু মঙলবাৰে বায়ুৰ মানদণ্ড সূচক সামান্য নিম্নগামী হোৱাৰ ধাৰণা কৰা হৈছে । ভূ-পৃষ্ঠৰ বতাহৰ গতি দক্ষিণ-পশ্চিমত উচ্চ, পূৱত ইয়াৰ গতি পৰিৱৰ্তন হ'ব বুলি ভৱিষ্যতবাণী কৰিছে বতৰ বিজ্ঞান বিভাগে ।

ৰাজধানী দিল্লীত ৭ মাৰ্চত মধ্যম শ্ৰেণীত থকাৰ ফলত সন্তোষজনক শ্ৰেণীত, ৮-৯ মাৰ্চত মধ্যম শ্ৰেণীৰ পৰা নিম্নগামী শ্ৰেণীলৈ সামান্য অৱনতি হ'ব বুলি সম্ভাৱনা জাৰি কৰা হৈছে ৷ বায়ুৰ মানদণ্ড আৰু বতৰৰ পূৰ্বানুমান আৰু গৱেষণা প্ৰণালী চমুকৈ এছএফএআৰে সদৰী কৰে এই তথ্য ৷ এছএফএআৰৰ তথ্য অনুসৰি, দেওবাৰে পুৱা দিল্লীত ১০ আৰু ২.৫ মাইক্ৰন ব্যাসৰ সৈতে ক্ষুদ্ৰ কণিকা (পিএম)ৰ ঘনত্ব ক্ৰমান্বয়ে ১৮১ আৰু ৭৮ আছিল । এই ঘনত্ব মধ্যম শ্ৰেণীৰ অধীনত আছিল ।

দিল্লী বিশ্ববিদ্যালয়ত ১০ আৰু ২.৫ মাইক্ৰনৰ ব্যাসৰ সৈতে ক্ষুদ্ৰ কণিকাৰ ঘনত্ব ক্ৰমান্বয়ে ১৪১ আৰু ১৩২ আছিল । পুচাত ১০ আৰু ২.৫ মাইক্ৰনৰ ব্যাসৰ সৈতে ক্ষুদ্ৰ কণিকাৰ ঘনত্ব ১৫৫ আৰু ১৮৩ আছিল । লোধী ৰোডত ১৫৮ আৰু ১৬৬ আছিল । মন কৰিবলগীয়া যে, এই স্থানসমূহত বায়ুৰ মানদণ্ড সূচক মধ্যম শ্ৰেণীত আছিল । উল্লেখ্য যে, শূন্য আৰু ৫০ ৰ মাজৰ একিউআই ভাল, ৫১ আৰু ১০০ ৰ মাজত সন্তোষজনক, ১০১ আৰু ২০০ ৰ মাজত মধ্যম, ২০১ আৰু ৩০০ ৰ মাজৰ নিম্ন, ৩০১ আৰু ৪০০ ৰ মাজৰ অতি নিম্ন আৰু ৪০১ আৰু ৫০০ ৰ মাজৰ শ্ৰেণীটো গুৰুত্বৰ বুলি ধাৰ্য কৰা হৈছে ৷

লগতে পঢ়ক: গুজৰাটত জৰুৰী অৱতৰণ ভাৰতীয় সেনাৰ হেলিকপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.