ETV Bharat / bharat

দিল্লীৰ বায়ুৰ মানদণ্ড নিম্নগামী হোৱাৰ সম্ভাৱনা

author img

By

Published : Mar 4, 2021, 11:42 AM IST

বৃহস্পতিবাৰে পুৱা দেশৰ ৰাজধানী দিল্লীত বায়ুৰ মানদণ্ড মধ্যম শ্ৰেণীত থকা অনূভূত হয় । বায়ুৰ মানদণ্ড আৰু বতৰৰ পূৰ্বানুমান আৰু গৱেষণা প্ৰণালী চমুকৈ এছএফএআৰৰ তথ্য অনুসৰি, বৃহস্পতিবাৰে পুৱা বায়ুৰ মানদণ্ড সূচক চমুকৈ একিউআই আছিল ১৫৭ ।

শুকুৰবাৰৰ পৰা দিল্লীত বায়ুৰ মানদণ্ড নিম্নগামী হোৱাৰ ধাৰণা
দিল্লীৰ বায়ুৰ মানদণ্ড নিম্নগামী হোৱাৰ সম্ভাৱনা

নিউজ ডেস্ক,৪ মাৰ্চ: বৃহস্পতিবাৰে পুৱা দেশৰ ৰাজধানী দিল্লীত বায়ুৰ মানদণ্ড মধ্যম শ্ৰেণীত থকা অনূভূত হয় । বায়ুৰ মানদণ্ড আৰু বতৰৰ পূৰ্বানুমান আৰু গৱেষণা প্ৰণালী চমুকৈ এছএফএআৰৰ তথ্য অনুসৰি, বৃহস্পতিবাৰে পুৱা বায়ুৰ মানদণ্ড সূচক চমুকৈ একিউআই আছিল ১৫৭ । কিন্তু শুকুৰবাৰে ইয়াৰ মানদণ্ড সূচক নিম্নগামী হোৱাৰ ধাৰণা কৰা হৈছে ।

কিন্তু অধিক সময়ৰ বাবে বায়ুৰ মানদণ্ড সূচক নিম্নগামী হৈ নাথাকিব । পৰৱৰ্তী সময়ত সামান্য উন্নতি হোৱাৰ সম্ভাৱনা জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে । অহা ৫-৬ মাৰ্চত নিম্নগামীৰ পৰা মধ্যম শ্ৰেণীত থকাৰ সম্ভাৱনা জাৰি কৰা হৈছে বতৰ বিজ্ঞান বিভাগৰ তৰফৰ পৰা ।

এছএফএআৰৰ তথ্য অনুসৰি, বৃহস্পতিবাৰে পুৱা দিল্লীত ১০ আৰু ২.৫ মাইক্ৰনৰ ব্যাসৰ সৈতে ক্ষুদ্ৰ কণিকা (পিএম)ৰ ঘনত্ব ক্ৰমান্বয়ে ১৮৬ আৰু ৭২ আছিল । এই ঘনত্ব মধ্যম শ্ৰেণীৰ অধীনত আছিল । উল্লেখ্য যে, শূন্য আৰু ৫০ ৰ মাজৰ একিউআই ভাল, ৫১ আৰু ১০০ ৰ মাজত সন্তোষজনক, ১০১ আৰু ২০০ ৰ মাজত মধ্যম, ২০১ আৰু ৩০০ ৰ মাজৰ নিম্ন, ৩০১ আৰু ৪০০ ৰ মাজৰ অতি নিম্ন আৰু ৪০১ আৰু ৫০০ ৰ মাজৰ শ্ৰেণীটো গুৰুত্বৰ বুলি ধাৰ্য কৰা হৈছে ৷

লগতে পঢ়ক: এটা সমষ্টিত এখনকৈ ৰেলী : মমতাৰ নিৰ্বাচনী প্ৰচাৰৰ লক্ষ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.