নেশ্যনেল ডেস্ক,২৩ ফেব্ৰুৱাৰী: দিল্লীত বায়ু প্ৰদূষণে অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি কৰিছে । মঙলবাৰে 'অতি বেয়া' শ্ৰেণীৰ পৰ্যায় পাইছে দিল্লীৰ বায়ুৰ গুণগত মানে । বায়ুৰ মান আৰু বতৰৰ পূৰ্বানুমান আৰু গৱেষণা প্ৰণালী (এছএফএআৰ)ৰ তথ্য অনুসৰি, দিল্লীত বায়ুৰ গুণগত মান ভয়াৱহভাৱে নিম্নগামী হৈছে । ৰাজধানী চহৰখনত বৰ্তমান বায়ুৰ গুণগত মানৰ সূচাংক হৈছেগৈ ৩০৯ আৰু ইয়াক 'অতি বেয়া' শ্ৰেণীত তালিকাভুক্ত কৰা হৈছে ।
বতাহৰ গতিবেগ এতিয়াও বৃদ্ধি পোৱা নাই । মঙলবাৰে বিয়লিৰ পৰা বুধবাৰ পৰ্যন্ত বায়ুৰ গুণগত মানৰ সূচাংক উন্নীত হোৱাৰ সম্ভাৱনা প্ৰকট কৰা হৈছে । আনহাতে অহা ২৪ ফেব্ৰুৱাৰী আৰু ২৫ ফেব্ৰুৱাৰীত বায়ুৰ গুণগত মানৰ সূচাংক 'অতি বেয়া' শ্ৰেণীত থকাৰ সম্ভাৱনা আছে বুলি প্ৰকাশ কৰিছে এছএফএআৰে ।
উল্লেখ্য যে, বায়ুৰ গুণগত মানৰ সূচাংক ০-৫০ৰ ভিতৰত থাকিলে ভাল, ৫১-১০০ৰ ভিতৰত থাকিলে সন্তোষজনক, ১০১-২০০ৰ ভিতৰত থাকিলে মধ্যমীয়া, ২০১-৩০০লৈকে বেয়া, ৩০১ৰ পৰা ৪০০লৈকে অতি বেয়া আৰু ৪০১ ৰ পৰা ৫০০ৰ ভিতৰত থাকিলে জটিল পৰিস্থিতি বুলি গণ্য কৰা হয় ।
লগতে পঢ়ক:কৰ'ণাসৃষ্ট সংকটৰে মোকাবিলা কৰাত স্বাস্থ্যখণ্ড সফল হৈছে: প্ৰধানমন্ত্ৰী