ETV Bharat / bharat

ৰাহুল গান্ধীক নিজৰ সমস্ত সম্পত্তি অৰ্পণ কৰিলে পুষ্পাই - ৰাহুল গান্ধীক নিজৰ সমস্ত সম্পত্তি অৰ্পণ

ৰাহুল গান্ধীৰ দৃষ্টিভংগীৰ দ্বাৰা গভীৰভাৱে প্ৰভাৱিত হৈ ডেৰাডুনৰ এগৰাকী বয়োজ্যেষ্ঠ মহিলাই তেওঁৰ সকলো সম্পত্তিৰ উত্তৰাধিকাৰী হিচাপে নিৰ্বাচিত কৰিছে কংগ্ৰেছৰ যুৱৰাজ গৰাকীক (property to Rahul Gandhi ) ৷

dehraduns-elderly-woman-pushpa-manjial-gave-all-her-property-to-congress-leader-rahul-gandhi
ৰাহুল গান্ধীক নিজৰ সমস্ত সম্পত্তি অৰ্পণ কৰিলে পুষ্পাই
author img

By

Published : Apr 4, 2022, 10:38 PM IST

নিউজ ডেস্ক, 4 এপ্ৰিল : উত্তৰাখণ্ডৰ ৰাজধানী ডেৰাডুনৰ নেহৰু কলনী দালানৱালাৰ বাসিন্দা পুষ্পা মুঞ্জিয়ালে তেওঁৰ সকলো সম্পত্তি কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীক অৰ্পণ কৰিছে (Women donates her property to Rahul Gandhi)। মহিলাগৰাকীয়ে এই সন্দৰ্ভত ডেৰাডুন আদালতত এখন ইচ্ছাপত্ৰও দাখিল কৰিছে । পুষ্পাই জানিব দিছে যে, তেওঁ ৰাহুল গান্ধীৰ দৃষ্টিভংগীৰ দ্বাৰা গভীৰভাৱে প্ৰভাৱিত ।

তেওঁৰ পৰিয়ালে আজিলৈকে দেশৰ স্বাধীনতাৰ পৰা সদায় সৰ্বোচ্চ ত্যাগ কৰি আহিছে। এই তথ্য প্ৰদান কৰি কংগ্ৰেছ দলৰ ডেৰাডুন মহানগৰৰ সভাপতি লাল চান্দ শৰ্মাই কয় যে, প্ৰাক্তন ৰাজ্যিক সভাপতি প্ৰীতম সিঙক তেওঁৰ যমুনা কলনিৰ বাসগৃহত এই ইচ্ছাপত্ৰ হস্তান্তৰ কৰা হৈছে । উল্লেখ্য যে, ৰাহুল গান্ধীক এইদৰে সম্পত্তি প্ৰদান কৰা পুষ্পা এগৰাকী দৃষ্টিহীন মহিলা ৷

কংগ্ৰেছ দলৰ ডেৰাডুন মহানগৰৰ সভাপতি লাল চান্দ শৰ্মাই জানিব দিছে যে, মহিলাগৰাকীৰ ওচৰত তেওঁৰ সকলো এফডি আছিল, যিটো তেওঁ বেংকৰ লকাৰত ৰাখিছিল । তেওঁ ইচ্ছাপত্ৰত বেংকৰ লকাৰ নম্বৰ আৰু একাউণ্ট নম্বৰ লিখিছে । তেওঁ এইটোও উল্লেখ কৰিছে যে, পাছলৈ লকাৰত থকা সম্পত্তিসমূহো ৰাহুল গান্ধীৰ নামত হ'ব ।

উইলখন মহিলাগৰাকীয়ে আদালতত পঞ্জীয়ন কৰাৰ অন্তত প্ৰীতম সিঙক হস্তান্তৰ কৰিছে ৷ জানিব পৰা গৈছে যে, পুষ্পা মুঞ্জিয়ালৰ ৫০ লাখ টকাৰ এফডি আৰু ১০ টোলা সোণ আছে । কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধীৰ দ্বাৰা প্ৰভাৱিত হৈ পুষ্পাই তেওঁক এই সম্পত্তিৰ উত্তৰাধিকাৰী হিচাপে নিৰ্বাচিত কৰিছে (Rahul Gandhi got property as gift) ।

লগতে পঢ়ক : Post wedding shoot ৰ বাবেই প্ৰাণ হেৰুৱালে দৰাই

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.