ETV Bharat / bharat

অভিনেতা দীপ সিদ্ধুক পুনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ

author img

By

Published : Apr 19, 2021, 12:31 PM IST

লালকিল্লাত সংঘটিত হোৱা হিংসাত্মক ঘটনাৰ লগত জৰিত অভিনেতা দীপ সিদ্ধুৰ বিৰুদ্ধে শুনানি গ্ৰহণ কৰা হ'ব সোমবাৰে ৷ আন্দোলনৰ সময়ত কৃষক সকলে ট্ৰেক্টৰ লৈ ৰেলী কৰাৰ সময়তে অভিনেতা দীপ সিদ্ধুৱে বিপথে পৰিচালিত কৰাৰ ফলতে দিল্লীৰ কেইবাটাও প্ৰান্তত হিংসাত্মক কাণ্ড সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হোৱাৰ পাচতে দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল অভিনেতা জনক ৷

অভিনেতা দীপ সিদ্ধুক পুনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ
অভিনেতা দীপ সিদ্ধুক পুনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ

নেশ্যনেল ডেস্ক, 19 এপ্ৰিল : গণতন্ত্ৰ দিৱসৰ দিনা দিল্লীৰ লালকিল্লাত সংঘটিত হোৱা হিংসাত্মক ঘটনাৰ লগত জৰিত অভিনেতা দীপ সিদ্ধুৰ বিৰুদ্ধে শুনানি গ্ৰহণ কৰা হ'ব সোমবাৰে ৷ কৃষক প্ৰতিবাদৰ পৰা সূত্ৰপাত হোৱা এই প্ৰতিবাদে গণতন্ত্ৰ দিৱসৰ দিনা হিংসাত্মক আন্দোলনৰ ৰূপ লৈছিল ৷ আন্দোলনৰ সময়ত কৃষক সকলে ট্ৰেক্টৰ লৈ ৰেলী কৰাৰ সময়তে অভিনেতা দীপ সিদ্ধুৱে বিপথে পৰিচালিত কৰাৰ ফলতে দিল্লীৰ কেইবাটাও প্ৰান্তত হিংসাত্মক কাণ্ড সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হোৱাৰ পাচতে দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল অভিনেতা জনক ৷

তিহাৰ কাৰাগাৰত কাৰাৰুদ্ধ অভিনেতাজনক জামিন প্ৰদান কৰা হৈছিল যদিও দিল্লী আৰক্ষীৰ আন এটা গোচৰৰ বাবে শনিবাৰে পুনৰ গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷ তিহাৰ কাৰাগাৰৰ কৰ্তব্যৰত এগৰাকী দণ্ডাধীশে জনোৱা মতে, অভিনেতা গৰাকীক পুনৰ চাৰি দিনৰ বাবে আৰক্ষীৰ জিম্মাত ৰখা হ'ব ৷ জামিনৰ বাবে আদালতত আবেদন জনাইছে যদিও আদালতে জামিন আবেদন নাকচ কৰিছে ৷ সেয়েহে ঘটনা সন্দৰ্ভত পুনৰ সোমবাৰে শুনানি গ্ৰহণ কৰা হ'ব ৷

লগতে পঢ়ক: কিহৰ তাড়ণাত পত্নী-কন্যা আৰু ঘৰুৱা শিক্ষকক হত্যা কৰিলে দীপকে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.