ETV Bharat / bharat

দেশত ৰাষ্ট্ৰীয় স্বাস্থ্য জৰুৰীকালীন অৱস্থা ঘোষণা কৰিবলৈ আহ্বান কপিল ছিবালৰ

author img

By

Published : Apr 18, 2021, 1:58 PM IST

কংগ্ৰেছৰ ৱৰ্কিং কমিটীয়ে এক বিবৃতিত কেন্দ্ৰীয় চৰকাৰক প্ৰস্তুতিৰ অবিহনে দেশক আটাইতকৈ ডাঙৰ দুৰ্যোগৰ মাজলৈ ঠেলি দিয়াৰ অভিযোগ কৰে ।

Declare national health emergency: Sibal
দেশত ৰাষ্ট্ৰীয় স্বাস্থ্য জৰুৰীকালীন অৱস্থা ঘোষণা কৰিবলৈ আহ্বান কপিল ছিবালৰ

নিউজ ডেস্ক , 18 এপ্ৰিল : প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা কংগ্ৰেছ নেতা কপিল ছিবালে ক’ৰণাৰ দ্ৰুত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি দেওবাৰে কেন্দ্ৰীয় চৰকাৰক দেশত ৰাষ্ট্ৰীয় স্বাস্থ্য জৰুৰীকালীন অৱস্থা ঘোষণা কৰিবলৈ আহ্বান জনায় । তেওঁ নিৰ্বাচন আয়োগকো নিৰ্বাচনী ৰেলীৰ ওপৰত স্থগিতাদেশ জাৰি কৰিবলৈও আহ্বান জনায় । মন্ত্ৰীগৰাকীয়ে টুইটত কয় যে, ক’ভিড ১৯ ত আৰোগ্য লোকতকৈ সংক্ৰমণ সংখ্যা দ্ৰুত গতিত বৃদ্ধি পাইছে । মোডীজীয়ে ৰাষ্ট্ৰীয় স্বাস্থ্য জৰুৰীকালীন অৱস্থা ঘোষণা কৰক । নিৰ্বাচন আয়োগেও নিৰ্বাচনী ৰেলীৰ ওপৰত স্থগিতা দেশ জাৰি কৰক ৷ ন্যায়ালয়ে মানুহৰ জীৱন সুৰক্ষিত কৰক ।

  • COVID-19
    Infections faster than recoveries

    Modiji :
    Declare a National Health Emergency

    Election Commission :
    Declare a moratorium on election rallies

    Courts :
    Protect people’s lives

    — Kapil Sibal (@KapilSibal) April 18, 2021 " class="align-text-top noRightClick twitterSection" data=" ">

শনিবাৰে অনুষ্ঠিত কংগ্ৰেছৰ ৱৰ্কিং কমিটীয়ে এক বিবৃতিত কেন্দ্ৰীয় চৰকাৰক প্ৰস্তুতিৰ অবিহনে দেশক আটাইতকৈ ডাঙৰ দুৰ্যোগৰ মাজলৈ ঠেলি দিয়াৰ অভিযোগ কৰি তীব্ৰ ভাষাৰে সমালোচনা কৰে । প্ৰাক্তন কেন্দ্ৰীয় বিত্তমন্ত্ৰী তথা কংগ্ৰেছ নেতা পি চিদাম্বৰমেও দেশৰ আটাইতকৈ ডাঙৰ বিপৰ্যয়ৰ (ক’ভিড মহামাৰী) সময়ৰ বাবে এন ডি এ চৰকাৰ সাজু নথকাত ৰাষ্ট্ৰই বহু ডাঙৰ মূল্য পৰিশোধ কৰিবলগীয়া হৈছে বুলি অভিযোগ কৰি এতিয়ালৈ ১,৭৫,৬৭৩ জন লোকে প্ৰাণ হেৰুওৱা লগতে লাখ লাখ পৰিয়াল প্ৰভাৱান্বিত হৈছে বুলি মন্তব্য কৰে ।

কংগ্ৰেছৰ ৱৰ্কিং কমিটীয়ে বিবৃতিটোত কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰক ধন প্ৰদান কৰা কথা উল্লেখ কৰি প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙে কমিটিৰ পৰামৰ্শসমূহ অন্তৰ্ভুক্ত কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ পত্ৰ প্ৰেৰণ কৰাৰ কথা ব্যক্ত কৰে ।

লগতে পঢ়ক : ডিব্ৰুগড়ত ক’ভিডত আক্ৰান্ত হৈ দুজনৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.