ETV Bharat / bharat

কেৰালাত মুষলধাৰ বৰষুণঃ প্ৰাকৃতিক দুৰ্যোগে প্ৰাণ কাঢ়িলে ৩৩ জনৰ - ১২ জন লোকৰ মৃত্যু

ধাৰাসাৰ বৰষুণৰ বাবে অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে কেৰালাত । ভূমিস্খলন, হঠাতে অহা বানত এতিয়ালৈকে ৩৩ জন লোকে প্ৰাণ হেৰুৱাবলগীয়া হৈছে । মঙলবাৰে ইডুক্কি, ইদামালায়াৰ আৰু পাম্বা বান্ধ খুলি দিয়া হৈছে আৰু লগতে জিলা প্ৰশাসনে সমীপৰ বাসিন্দা সকলক সাৱধান হৈ থাকিবলৈ সতৰ্ক কৰি দিছে ।

Death toll in rain related incident rise to 33 in Kerala
কেৰালাত প্ৰাকৃতিক দুৰ্যোগে প্ৰাণ কাঢ়িলে ৩৩ জনৰ
author img

By

Published : Oct 19, 2021, 5:26 PM IST

নেশ্যনেল ডেস্ক, ১৯ অক্টোবৰ: কেৰালাত ৰুষ্ট হৈছে প্ৰকৃতি । প্ৰাকৃতিক দুৰ্যোগৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ৩৩ জনলৈ বৃদ্ধি পাইছে । মুষলধাৰ বৃষ্টিপাতৰ ফলত কেৰালাৰ বিভিন্ন প্ৰান্তত বহু লোক ক্ষতিগ্ৰস্ত হৈছে । ৰাজহুৱা, ব্যক্তিগত সম্পত্তিৰো ক্ষতিসাধন হৈছে ।

ইডুক্কিৰ কোক্কায়াৰত ভূমিস্খলনৰ ফলত ৭ জন আৰু কোট্টায়ামৰ কোট্টিক্কালত ১২ জন লোকৰ মৃত্যু হৈছে । কেন্দ্ৰ আৰু ৰাজ্যিক উদ্ধাৰকাৰী দলে যুটীয়া অভিযান চলাই মৃতদেহ উদ্ধাৰ কৰিছে । ৰাজ্যখনৰ আন বিভিন্ন স্থানতো বৰষুণৰ বাবে সংঘটিত দুৰ্যোগৰ বাবে বহু লোকে প্ৰাণ হেৰুৱাবলগীয়া হৈছে । পাথানামথিট্টা, আলাপুঝা, ইডুক্কি, এৰানাকুলাম, ত্ৰিচুৰ আৰু মালাপ্পুৰমত এন ডি আৰ এফৰ ১১টা দল মোতায়েন কৰা হৈছে ।

সেনাৰ এটা গোট তিৰুৱন্তপুৰমত আৰু এটা গোট কোট্টায়ামত নিয়োজিত কৰা হৈছে । জৰুৰীকালীন পৰিস্থিতিত সহায় কৰাৰ বাবে তিৰুৱন্তপুৰম আৰু কোচিত বায়ু সেনাৰ দুখন হেলিকপ্টাৰো সাজু কৰা হৈছে । ইডুক্কি আৰু ইদামালায়াৰ বান্ধ মুকলি কৰাৰ বাবে সুৰক্ষা নিশ্চিত কৰাৰ বাবে পালাক্কাড়ত নিয়োজিত এটা দলক এৰানাকুলামলৈ স্থানান্তৰ কৰা হয় ।

  • fairly widespread to wide spread rainfall with isolated heavy falls likely over Kerala, Tamilnadu during 20-22, over Rayalaseema, coastal & South Interior Karnataka on 21 & 22. Isolated very heavy falls also very likely over Kerala, Tamilnadu Puducherry & Karaikal on 21 & 22 Oct.

    — India Meteorological Department (@Indiametdept) October 18, 2021 " class="align-text-top noRightClick twitterSection" data=" ">

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে ২০-২৪ অক্টোবৰলৈ ৰাজ্যখনত বৃষ্টিপাতৰ মাত্ৰা বৃদ্ধি পোৱাৰ আগজাননী দিছে । মঙলবাৰে দিনৰ ১১ বজাত ইডুক্কি বান্ধৰ দ্বাৰ খোলা হয় । একেটা দিনতে ইদালমালায়াৰ আৰু পাম্বা বান্ধৰ দ্বাৰো খোলা হয় । ইডুক্কি বান্ধৰ পৰা পেৰিয়াৰ নদীলৈ এৰি দিয়া পানী ৪-৬ ঘণ্টাৰ ভিতৰত কামদি-আলুভাত পাব ।

ইদামালায়াৰৰ পৰা বৈ অহা পানী নিশা ১২ বজাৰ ভিতৰত কামদি-আলুভা অঞ্চলত পাবহি বুলি অনুমান কৰা হৈছে । কৰ্তৃপক্ষই আগজাননী দিছে যে বান্ধৰ পৰা পানী তললৈ অহাৰ লগে লগে পেৰিয়াৰ নদীৰ জলস্তৰ এক মিটাৰ বৃদ্ধি পাব । আনহাতে, তলৰ অঞ্চলত বাস কৰা লোকসকলক সাৱধান হৈ থাকিবলৈ প্ৰশাসনে সতৰ্ক কৰি দিছে । ইফালে, জলমগ্ন অঞ্চলৰ পৰা মানুহক স্থানান্তৰ কৰিবলৈ আশ্ৰয় শিবিৰসমূহ নিৰ্মাণ কৰা হৈছে ।

আৰক্ষী, ৰাজহ বিভাগ আৰু স্থানীয় নিকায়ৰ বিষয়াসকলে যুটীয়াভাৱে এই কাম চোৱা-চিতা কৰিছে । জিলা উপায়ুক্ত আৰু জিলা দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ অধ্যক্ষ ড০ দিব্যা এছ আয়াৰে বান্ধৰ দ্বাৰ খোলাৰ নিৰ্দেশ দিছিল । মঙলবাৰে পুৱা ৬ বজাত ইদামালায়াৰৰ বান্ধৰ দুখন শ্বাটাৰ ৫০ চেমি পৰ্যন্ত খোলা হয় । পানীৰ গতিবেগ প্ৰতি ছেকেণ্ডত ১০০ ঘন চেণ্টিমিটাৰ হ'ব ।

কেৰালা ৰাজ্যিক বিদ্যুৎ পৰিষদ লিমিটেডৰ চাবৰিগিৰি প্ৰকল্পৰ অংশ পাম্বা বান্ধৰ দ্বাৰ ৩০ চেঃমিঃ পৰ্যন্ত মুকলি কৰা হৈছে বুলিও তেওঁ জানিবলৈ দিয়ে । চৰকাৰী বিষয়াই লগতে কয় যে, এই দ্বাৰসমূহ ক্ৰমান্বয়ে ২৫ চেণ্টিমিটাৰৰ পৰা সৰ্বাধিক ৫০ ঘন চেণ্টিমিটাৰ পৰ্যন্ত খোলা হ'ব, যাতে পাম্বা নদীত জলস্তৰ ১০ চেঃমিঃতকৈ অধিক নহয় । এতিয়ালৈকে, ৰাজ্যখনত ২৮১টা সাহায্য শিবিৰ মুকলি কৰা হৈছে । আলাপুঝা আৰু কোট্টায়াম জিলাত ১০,৯৫৬ জন লোকক সেৱা আগবঢ়োৱা হৈছে । মুখ্যমন্ত্ৰী পিনাৰায়ী বিজয়নে জনোৱা মতে, প্ৰয়োজন হ'লে অধিক আশ্ৰয় শিবিৰ স্থাপন কৰা হ'ব আৰু এই শিবিৰসমূহত সকলো মৌলিক প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ'ব ।

নেৰানেপেৰা বৰষুণে ৰাজ্যখনত ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিছে, যাৰ ফলত ভূমিস্খলন আৰু আকস্মিক বানপানী আদি হৈছে । পূৰ্বে প্ৰকাশ কৰা তথ্য অনুসৰি, বৰষুণৰ ফলত প্ৰায় ২৭ জন লোকে প্ৰাণ হেৰুৱাইছিল । ৰাজ্যখনৰ তথ্য আৰু জনসম্পৰ্ক বিভাগৰ মতে, কোট্টায়াম জিলাৰ ভূমিস্খলনত ক্ষতিগ্ৰস্ত কুট্টিকালৰ পৰা ১৪ টা আৰু ইডুক্কিৰ কোক্কায়াৰৰ পৰা ৯ টা মৃতদেহ উদ্ধাৰ কৰা হৈছে । ৰাজ্যখনত ৪ জন লোকৰ সলিল সমাধিও ঘটিছে ।

লগতে পঢ়ক:C-TET 2021 ৰ বাবে ৰেজিষ্ট্ৰেশ্যনৰ সময়সীমা 25 অক্টোবৰলৈ বৃদ্ধি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.