ETV Bharat / bharat

পাকিস্তানত বিধ্বংসী বান, মৃত্যুৰ সংখ্যা ১৩২৫ গৰাকীলৈ বৃদ্ধি

পাকিস্তানত প্ৰলয়ংকাৰী বানত যোৱা ২৪ ঘণ্টাত মৃত্যু হৈছে ১১ গৰাকী লোকৰ ৷ ইয়াকে লৈ বৰ্তমানলৈ মৃত্যুৰ সংখ্যা বৃদ্ধি পাই হৈছেগৈ ১৩২৫ গৰাকী ।

author img

By

Published : Sep 6, 2022, 1:39 PM IST

Death toll from Pakistan floods rises to 1,325
পাকিস্তানত বিধ্বংসী বান, মৃত্যুৰ সংখ্যা ১৩২৫ গৰাকীলৈ বৃদ্ধি

নেশ্যনেল ডেস্ক, 6 চেপ্টেম্বৰ: পাকিস্তানত বানৰ প্ৰলয়ংকাৰী ৰূপ ৷ বিধ্বংসী বানে এফালৰ পৰা তচনচ কৰি গৈছে সকলো (Flood In Pakistan) ৷ ধ্বংসৰ কৱলত পাকিস্তানৰ অৰ্ধ শতাংশ জনতা ৷ প্ৰলয়ংকাৰী বানত যোৱা ২৪ ঘণ্টাত পাকিস্তানত মৃত্যু হৈছে ১১ গৰাকী লোকৰ ৷ ইয়াকে লৈ বৰ্তমানলৈ মৃত্যুৰ সংখ্যা বৃদ্ধি পাই হৈছেগৈ ১৩২৫ গৰাকী ।

দেশখনৰ ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই জনোৱা মতে, বানত ক্ষতিগ্ৰস্ত হোৱা পথেৰে যাতায়তৰ সময়ত দুৰ্ঘটনাগ্ৰস্ত হৈছে বহু বাহন (National Disaster Management Authority) ৷ এনে দুৰ্ঘটনাসমূহত আহত হৈছে ১২,৭০৩ গৰাকী লোক ।

দেশখনৰ উত্তৰ প্ৰান্তৰ পাহাৰীয়া অঞ্চলসমূহত পৰিস্থিতি কিছু উন্নত হৈছে যদিও বানে ঘৰ-দুৱাৰ তথা বাণিজ্যিক অট্টালিকাসমূহ উটুৱাই লৈ যোৱাৰ ফলত বাৰুকৈ ক্ষতিগ্ৰস্ত হৈছে জণসাধাৰণৰ ৷ দক্ষিণৰ সিন্ধ প্ৰদেশ এতিয়াও বানৰ কৱলত ৷ ইয়াৰ মাজতে পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফে সিন্ধৰ কাম্বাৰ-শ্বাহদাদকোট জিলা ভ্ৰমণ কৰি বানপীড়িত লোকক কিছু সকাহ দিবলৈ ক্ষতিপূৰণৰ ঘোষণা কৰিছিল ৷ কথা মতেই কাম, বানপীড়িতসকলক ক্ষতিপূৰণ হিচাপে ২৮ বিলিয়ন টকা প্ৰদান কৰা হৈছে ৷ কিন্তু বানত ব্যাপক ভাৱে ক্ষতিগ্ৰস্ত হোৱাৰ বাবেই ২৮ বিলিয়ন টকাৰ পৰা ৭২ বিলিয়ন টকালৈ বৃদ্ধি কৰা হয় সাহাৰ্যৰ পৰিমাণ ।

বিশ্ব স্বাস্থ্য সংস্থাই জনোৱা মতে (World Health Organisation), বানৰ ফলত প্ৰায় ৯০০ স্বাস্থ্য সেৱা প্ৰদানৰ সুবিধা বাধাগ্ৰস্ত হৈছে, ইয়াৰে ১৮০ টা সম্পূৰ্ণৰূপে ধ্বংস হৈছে । ইফালে, মহিলা কংগ্ৰেছৰ নেত্ৰী শ্বিলা জেকচন লীৰ নেতৃত্বত আমেৰিকা কংগ্ৰেছৰ এটা প্ৰতিনিধি দলে পাকিস্তানৰ বানপীড়িত অঞ্চলসমূহ পৰিদৰ্শন কৰি পাকিস্তানক সহায় কৰাৰ ক্ষেত্ৰত আমেৰিকা ‘সামঞ্জস্যপূৰ্ণ অংশীদাৰ’ হ’ব বুলি মন্তব্য কৰে ।

লগতে পঢ়ক: জোনাইত ভদীয়া বানৰ তাণ্ডৱ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.