ETV Bharat / bharat

Eyes disappeared from body: চিকিৎসালয়ৰ মৰ্গৰ পৰা নোহোৱা হ’ল মৃতদেহৰ চকু আৰু গালৰ মাংস - ধৰ্মনগৰ জিলা চিকিৎসালয়

উত্তৰ ত্ৰিপুৰাৰ ধৰ্মনগৰ জিলা চিকিৎসালয়ত আজৱ ঘটনা (Strange incident in Trupura)৷ চিকিৎসালয়ৰ মৰ্গৰ পৰা অন্তৰ্ধান হ’ল মৃতদেহৰ এটা চকু আৰু গালৰ মাংস (dead body eyes and cheeks disappeared)৷

dead body eyes and cheeks disappeared from morgue at hospital
চিকিৎসালয়ৰ মৰ্গৰ পৰা অন্তৰ্ধান হ’ল মৃতদেহৰ চকু আৰু গালৰ মাংস
author img

By

Published : May 27, 2023, 10:42 PM IST

চিকিৎসালয়ৰ মৰ্গৰ পৰা অন্তৰ্ধান হ’ল মৃতদেহৰ চকু আৰু গালৰ মাংস

আগৰতলা, 27 মে’ : চিকিৎসালয়ৰ মৰ্গৰ পৰা নোহোৱা হ’ল মৃতদেহৰ এটা চকু (Strange incident in Trupura)! অক্ষত আৰু সতেজ মৃতদেহটোৰ পৰা চকু নোহোৱা হোৱাই নহয়, গালৰ এক অংশ কাটিও লৈ গৈছিল । উত্তৰ ত্ৰিপুৰাৰ ধৰ্মনগৰ জিলা চিকিৎসালয়ত সংঘটিত হয় এই চাঞ্চল্যকৰ ঘটনা (Eyes disappeared from body)। আত্মীয়ই মৃতদেহটো নিবলৈ আহোঁতে এই ঘটনা দেখি অবাক হৈ পৰে ৷ তাৰ পিচতে চিকিৎসালয়ৰ চৌহদত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় (dead body eyes and cheeks disappeared) ৷

ঘটনাৰ সবিশেষ তথ্য অনুসৰি শুকুৰবাৰে বিয়লি পানীসাগৰত সংঘটিত পথ দুৰ্ঘটনাত সংকটজনক অৱস্থাত এজন স্কুটি চালকক ধৰ্মনগৰ জিলা চিকিৎসালয়লৈ অনা হয়। দুৰ্ঘটনাত আহত সুমেশ ৰায় নামৰ ব্যক্তিজনৰ নিশা মৃত্যু হয়। নিশা পৰিয়ালৰ লোকে আৰক্ষী আৰু চিকিৎসকক জিলা চিকিৎসালয়ৰ পৰা মৃতদেহটো ঘৰলৈ নিবলৈ অনুৰোধ জনায়,কিন্তু আইনী কাৰণত মৃতদেহটো পৰিয়ালক গতাই নিদিলে আৰক্ষীয়ে।

আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়ৰ মৰ্গলৈ লৈ যায়। শনিবাৰে পুৱা পৰিয়ালৰ লোকে জিলা চিকিৎসালয়ৰপৰা মৃতদেহ নিবলৈ জিলা চিকিৎসালয়লৈ আহিছিল। মৰণোত্তৰ পৰীক্ষাৰ অন্তত পৰিয়ালটোৱে মৃতদেহটোৰ সোঁ চকুটো নোহোৱা হোৱাৰ লগতে গালৰ কেবাটাও অংশত মাংস নোহোৱা হোৱাৰ লগতে সেই অংশৰ পৰা সতেজ তেজ ওলাই থকা বুলি জানিব পৰা গৈছে।

ঘটনাটো প্ৰত্যক্ষ কৰি পৰিয়ালৰ লোকে উত্তেজিত হৈ পৰে আৰু আৰক্ষী-চিকিৎসকৰ ওপৰত ক্ষোভ প্ৰকাশ কৰে। পৰিয়ালৰ লোকে জানিব বিচাৰে যে নিশা অক্ষত অৱস্থাত এৰি থৈ যোৱা মৃতদেহটোত কেনেদেৰে এই ঘটনা ঘটিল ? আৰক্ষীয়ে জনোৱা মতে, মৃতদেহটো নিশা অক্ষত অৱস্থাত আছিল আৰু এই ঘটনা মৰণোত্তৰ পৰীক্ষাৰ পিচত সংঘটিত হৈছিল ৷

ইফালে এই ঘটনা পোহৰলৈ অহাৰ পাচত সুকীয়া গোচৰ উত্থাপন কৰি পৰিয়ালৰ লোকে মৃতদেহটো পুনৰ মৰণোত্তৰ পৰীক্ষা কৰিবলৈ দাবী উত্থাপন কৰে ৷ ইয়াৰ পিচতে চিকিৎসালয় কৰ্তৃপক্ষৰ পৰা কোনো সঁহাৰি নোপোৱাত পৰিয়ালৰ লোকে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে ৷ অৱশেষত পৰিয়ালৰ লোকে আজি পুনৰ আৰক্ষীৰ ওচৰত গোচৰ ৰুজু কৰে ৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক: Theft for marriage: হাতত বিয়াৰ জেতুকা; উপহাৰ আৰক্ষীৰ হেণ্ডকাফ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.