ETV Bharat / bharat

Dead body cut into three pieces : তিনি টুকুৰা অৱস্থাত উদ্ধাৰ মৃতদেহ

author img

By

Published : Jan 15, 2023, 2:59 PM IST

দিল্লীৰ এটা নলাত উদ্ধাৰ হৈছে টুকুৰা টুকুৰ অৱস্থাত মৃতদেহ (dead body cut into three pieces found in Delhi)। হত্যাকাণ্ডৰ আঁৰৰ কাৰণ জানিবলৈ আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত ।

dead body cut into three pieces found in Delhi
দিল্লীৰ নলাত উদ্ধাৰ টুকুৰা টুকুৰ অৱস্থাত মৃতদেহ

নেশ্যনেল ডেস্ক, 15 জানুৱাৰী : দেশৰ ৰাজধানীত পুনৰ পোহৰলৈ আহিছে মানৱতাক ভুলুণ্ঠিত কৰা আন এক ঘটনা ৷ দিল্লী আৰক্ষীৰ বিশেষ কোষে এটা নলাৰ পৰা উদ্ধাৰ কৰে তিনি টুকুৰা অৱস্থাত এটি মৃতদেহ (dead body cut into three pieces found in Delhi) ৷ আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে যদিও এতিয়াও চিনাক্ত কৰিব পৰা নাই । এক গোপন সূত্ৰৰ ভিত্তিত বৃহস্পতিবাৰে আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰে দুজনক ।

জগজিৎ সিং ওৰফে জগ্গা আৰু নৌছাদক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷ জগজিৎ সিং ওৰফে জগ্গা আৰু নৌছাদক আৰক্ষীয়ে ঘটনা সন্দৰ্ভত জেৰা চলায় ৷ জেৰাৰ সময়চোৱাত আৰক্ষীয়ে জগজিৎ সিং ওৰফে জগ্গা আৰু নৌছাদৰ শ্ৰদ্ধাত থকা ভাড়াঘৰত লাভ কৰে মানুহৰ তেজৰ অৱস্থিতি ৷ ইয়াৰ পাছতে ফৰেনছিক বিজ্ঞান পৰীক্ষাগাৰৰ দল উক্ত স্থানত উপস্থিত হয় ৷ এই দুজনক গ্ৰেপ্তাৰ কৰাৰ পাচতেই পোহৰলৈ আহে সমগ্ৰ ঘটনা ৷

সূত্ৰৰ পৰা জানিব পৰা মতে, দুয়োজন সন্দেহযুক্ত লোকে লোকজনৰ ডিঙি ফালি ভিডিঅ’ বনাই তেওঁলোকৰ হেণ্ডলাৰলৈ প্ৰেৰণ কৰে । মৃতদেহটো তিনিটা টুকুৰা কৰি প্লাষ্টিকৰ বেগত মেৰিয়াই থয় । অভিযুক্ত দুজনৰ বিৰুদ্ধে সংশ্লিষ্ট ধাৰাত গোচৰ ৰুজু কৰিছে আৰক্ষীয়ে। অধিক সোধা-পোছাৰ বাবে ১৪ দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে জগ্গা আৰু নৌছাদক ।

গ্ৰেপ্তাৰ হোৱা অভিযুক্ত দুজনৰ ভিতৰত দিল্লীৰ জাহাংগীৰপুৰীৰ পৰা অহা নৌছাদৰ সম্পৰ্ক আছে সন্ত্ৰাসবাদী সংগঠন হৰকত উল আনছাৰৰ সৈতে (terrorist organization Harkat ul Ansar)। হত্যাৰ দুটা পৃথক গোচৰত যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত নৌছাদ । উত্তৰাখণ্ডৰ উধম সিং নগৰৰ অভিযুক্ত জগজিৎ কুখ্যাত বাম্বিহা চক্ৰৰ সৈতে জড়িত বুলি জানিব পৰা গৈছে (Bambiha gang) । জানিব পৰা মতে, কানাডাত থকা খালিস্তানী সন্ত্ৰাসবাদী আৰ্শদীপ ডাল্লাৰ সৈতে সম্পৰ্ক আছে জগজিৎ সিঙৰ (Khalistani terrorist Arshdeep Dalla) ।

উত্তৰাখণ্ডৰ হত্যাকাণ্ডৰ গোচৰত দোষী সাব্যস্ত হোৱা পেৰ’ল জাম্পাৰো জগজিৎ । কিছুদিন আগতে গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে জগজিৎ সিঙক সন্ত্ৰাসবাদী ঘোষণা কৰিছিল (Ministry of Home Affairs declared Jagjit Singh terrorist)। জগজিৎ সিং ওৰফে জগ্গা আৰু নৌছাদক গ্ৰেপ্তাৰৰ পাছতে গণৰাজ্য দিৱস উদযাপনৰ পূৰ্বে সন্ত্ৰাসবাদী অভিযান বিফল কৰা বুলি দাবী কৰে দিল্লী আৰক্ষীয়ে (Delhi police) ।

আৰক্ষীয়ে জগজিৎ সিং ওৰফে জগ্গা আৰু নৌছাদৰ পৰা তিনিটা পিষ্টল আৰু ২২টা সজীৱ কাৰ্টিজ উদ্ধাৰ কৰে । এই ঘটনাই সম্প্ৰতি দেশ জুৰি লাভ কৰিছে বিশেষ চৰ্চা ৷

লগতে পঢ়ক : PM Modi greets people: মাঘ বিহু উপলক্ষ্যে অসমবাসীলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শুভেচ্ছা বাৰ্তা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.