ETV Bharat / bharat

কংগনা ৰাণাৱটৰ বিৰুদ্ধে ৰাষ্ট্ৰপতিলৈ পত্ৰ দিল্লী মহিলা আয়োগৰ অধ্যক্ষৰ

author img

By

Published : Nov 14, 2021, 10:13 PM IST

কংগনা ৰাণাৱটৰ বিৰুদ্ধে সৰৱ দিল্লী মহিলা আয়োগ ৷ ভাৰতৰ স্বাধীনতাৰ সম্পৰ্কে বিশেষ মন্তব্য কৰি পুনৰ বিতৰ্কৰ মাজত অভিনেত্ৰীগৰাকী ৷

dcw wrote letter to president against kangana ranaut statement
কংগনা ৰাণাৱটৰ বিৰুদ্ধে ৰাষ্ট্ৰপতিলৈ পত্ৰ দিল্লী মহিলা আয়োগৰ অধ্যক্ষৰ

চিটাৰা ডেস্ক, 14 নৱেম্বৰ : বলিউড অভিনেত্ৰী কংগনা ৰাণাৱটৰ পৰা পদ্মশ্ৰী বঁটা তাৎক্ষণিকভাৱে প্ৰত্যাহাৰ কৰিবলৈ ৰাষ্ট্ৰপতিক আহ্বান জনাইছে দিল্লী মহিলা আয়োগৰ অধ্যক্ষা স্বাতী মালিৱালে ৷ ইয়াৰ লগতে কংগনাৰ বিৰুদ্ধে ৰাজদ্ৰোহ অভিযোগত গোচৰ ৰুজু কৰাৰ বাবেও মহিলা আয়োগৰ অধ্যক্ষগৰাকীয়ে ৰাষ্ট্ৰপতিক আহ্বান জনায় ৷

  • कंगना रनाउत ऐसी महिला है जिसे गांधी भगत सिंह की शहादत मज़ाक़ लगती है और लाखों लोगों की त्याग तपस्या से हासिल आज़ादी भीख लगती है! इसको पुरस्कार की नही इलाज की ज़रूरत है!

    मैंने राष्ट्रपति को पत्र लिखा है कि तुरंत रनाउत का पद्म श्री वापिस लेके उसपे राष्ट्रद्रोह की FIR होनी चाहिए! pic.twitter.com/GqlwwUSpfK

    — Swati Maliwal (@SwatiJaiHind) November 14, 2021 " class="align-text-top noRightClick twitterSection" data=" ">

উল্লেখ্য যে, দিল্লী মহিলা আয়োগৰ অধ্যক্ষা স্বাতী মালিৱালে দেওবাৰে ৰাষ্ট্ৰপতিলৈ এখন পত্ৰ প্ৰেৰণ কৰে ৷ ইয়াৰ পাছতেই মহিলা আয়োগৰ অধ্যক্ষগৰাকীয়ে টুইট কৰি এই কথা সদৰি কৰে ৷ স্বাতী মালিৱালে টুইটটোত কয় যে, কংগনা এনে এগৰাকী মহিলা যিয়ে গান্ধী, ভগত সিঙৰ বলিদানক হাস্যকৰ বুলি ক’ব বিচাৰে । তেওঁ লাখ লাখ মানুহৰ ত্যাগ-তপস্যাৰ পাছত লাভ কৰা স্বাধীনতাক ভিক্ষা বুলি ক’ব বিচাৰে ।

তেওঁ লগতে কয় যে, কংগনা ৰাণাৱটক পুৰস্কাৰ নহয় চিকিৎসাৰ প্ৰয়োজন ৷ বলীউডৰ অভিনেত্ৰী কংগনা ৰাণাৱটে ভাৰতৰ স্বাধীনতাৰ সম্পৰ্কে বিশেষ মন্তব্য কৰি পুনৰ বিতৰ্কৰ মাজত সোমাই পৰিছে ৷ অভিনেত্ৰীগৰাকীয়ে ১৯৪৭ চনৰ স্বাধীনতাক ভিক্ষা বুলি অভিহিত কৰি নৰেন্দ্ৰ মোডীৰ চৰকাৰ শাসনলৈ অহাৰ পাছতহে ভাৰতে প্ৰকৃত স্বাধীনতা লাভ কৰিছে বুলি কৈছিল ।

শেহতীয়াকৈ পদ্মশ্ৰী সন্মান (Padma Shri award) লাভ কৰা অভিনেত্ৰীগৰাকীয়ে এই মন্তব্যৰ পাছতে তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছিল ৷ বিভিন্নজনে অভিযোগো দাখিল কৰিছে অভিনেত্ৰীগৰাকীৰ বিৰুদ্ধে ।

লগতে পঢ়ক : ভাৰতৰ স্বাধীনতা সম্পৰ্কে মন্তব্য কৰি পুনৰ বিতৰ্কত Kangana Ranaut

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.