ETV Bharat / bharat

Bengaluru sensational murder : মাতৃৰ মৃতদেহসহ থানাত আত্মসমৰ্পণ কন্যাৰ

প্ৰথমে ৭০ বছৰীয়া মাতৃক হত্যা । তাৰ পাছত ছুটকেচত ভৰালে মৃতদেহ আৰু নিশা থানাত মৃতদেহ ভৰ্তি ছুটকেচসহ আত্মসমৰ্পণ কন্যাৰ । সমগ্ৰ ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ।

Bengaluru sensational murder
মাতৃৰ মৃতদেহসহ থানাত আত্মসমৰ্পণ কন্যাৰ
author img

By

Published : Jun 13, 2023, 3:45 PM IST

নেশ্যনেল ডেস্ক,১৩ জুন : বেংগালুৰুত ভয়ংকৰ ঘটনা সংঘটিত হৈছে । ৭০ বছৰীয়া মাতৃক হত্যা কন্যাৰ । মাতৃক হত্যা কৰি ছুটকেচত ভৰালে মৃতদেহ । কেৱল এয়াই নহয় ছুটকেচত মাতৃৰ মৃতদেহ লৈ থানাত উপস্থিত হ'ল কন্যা ।

ঘটনাটো বেংগালুৰুৰ মিকো লেআউটৰ এটা ব্যক্তিগত এপাৰ্টমেণ্টত সংঘটিত হৈছে । ৩৯ বছৰীয়া অভিযুক্ত মহিলাগৰাকী পৰিয়ালৰ সৈতে প্ৰায় ৬ বছৰ ধৰি এপাৰ্টমেণ্টটোত আছে । অভিযুক্ত মহিলাগৰাকী বিবাহিত আৰু তেওঁৰ এটা পুত্ৰ সন্তানো আছে । তেওঁলোক মূলত কলকাতাৰ বাসিন্দা । কিন্তু পিতৃৰ মৃত্যুৰ পাছত মাতৃৰ দায়িত্বও কন্যা অৰ্থাৎ অভিযুক্ত মহিলাগৰাকীৰ ওপৰত পৰিছিল ।

পাছত মহিলাগৰাকীয়ে মাতৃক লৈ বেংগালুৰুৰ এপাৰ্টমেণ্ট অৰ্থাৎ স্বামীৰ ঘৰলৈ লৈ আহে । কিন্তু জানিব পৰা মতে একেটা ঘৰতে বাস কৰা শাহুৱেকৰ সৈতে তেওঁৰ মাতৃৰ প্ৰায় প্ৰতিদিনে কাজিয়া হৈছিল । প্ৰতিদিন হৈ থকা এই কাজিয়াক লৈ ঘৰত অশান্তি পৰিৱেশৰ সৃষ্টি হৈছিল । অৱশেষত অতিষ্ঠ হৈ মহিলাগৰাকীয়ে মাতৃক শ্লীপিং টেবলেট খুৱাই দিয়ে । তাৰ পাছতে নিশা প্ৰায় ১১ বজাত মাতৃয়ে প্ৰচণ্ড পেটৰ বিষত ভুগিছিল । মহিলাগৰাকীয়ে মাতৃক ডিঙিত চেপি ধৰে আৰু অৱশেষত মাতৃৰ মৃত্যু হয় ।

আচৰিত কথাটো হ'ল যে কন্যাই তাৰ পাছতে মাতৃৰ মৃতদেহ ছুটকেচ এটাত ভৰাই আৰু পিতৃৰ ফটো এখনো তাত ভৰাই লয় । অভিযুক্ত কন্যাই এখন কেব বুক কৰে আৰু পোনে পোনে মিকো লেআউট আৰক্ষী চকীলৈ লৈ যায় । লগতে মহিলাগৰাকীয়ে আত্মসমৰ্পণ কৰে । অভিযুক্ত কন্যাৰ এই কাৰ্যকলাপে এক মুহূৰ্তৰ বাবে আৰক্ষীক হতবাক কৰি তুলিছিল । আৰক্ষীয়ে জনোৱা মতে ঘটনা সন্দৰ্ভত এটা গোচৰ ৰুজু কৰা হৈছে আৰু তদন্ত অব্যাহত ৰাখিছে ।

উল্লেখ্য যে মুম্বাইৰ মীৰা ৰোডৰ হত্যাকাণ্ডক লৈ দেশজুৰি প্ৰতিক্ৰিয়া চলি আছে । তাৰ মাজতে বেংগালুৰুত সংঘটিত এই ঘটনাই পুনৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ।

লগতে পঢ়ক:Jonali Nath murder updates: প্ৰেম জনিত সংঘাত; প্ৰেমিক হাছানুৰে হত্যা কৰি ৰাজপথত পেলাই থৈছিল জোনালী নাথক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.