নেশ্যনেল ডেস্ক, ২৫ জুন : ১৯৭৫ চনৰ ২৫ জুনৰ নিশা সেই সময়ৰ প্ৰধানমন্ত্ৰী ইণ্ডিৰা গান্ধীৰ পৰামৰ্শ মতে ৰাষ্ট্ৰপতি ফখৰুদ্দিন আলী আহমেদে দেশত ঘোষণা কৰিছিল আভ্যন্তৰীণ জৰুৰীকালীন অৱস্থা । ভাৰতত ২১ মাহ পৰ্যন্ত জৰুৰী অৱস্থা বাহাল আছিল । সেই জৰুৰীকালীন অৱস্থাই অতিক্ৰম কৰিলে ৪৫ বছৰ ।
জৰুৰীকালীন অৱস্থাৰ ৪৬ তম বাৰ্ষিকীত দেশবাসীক উদ্দেশ্যি বিশেষ টুইট কৰে দেশৰ বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে । প্ৰধানমন্ত্ৰীগৰাকীয়ে শুকুৰবাৰে কয় যে সেই "ক'লা দিনবোৰ"(dark days) কেতিয়াও পাহৰিব নোৱাৰি । তেওঁ লগতে ভাৰতৰ গণতান্ত্ৰিক চেতনা শক্তিশালী কৰাৰ আৰু সংবিধানত সন্নিবিষ্ট মূল্যবোধৰ সৈতে জীয়াই থকাৰ প্ৰতিশ্ৰুতি ল'বলৈ সকলোকে আহ্বান জনায় ।
তেওঁ কংগ্ৰেছ দলক সমালোচনা কৰি সময়ত দেশত শাসন কৰা দলটোক উদ্দেশ্যি কয় যে কংগ্ৰেছে এনেদৰে আমাৰ গণতান্ত্ৰিক নীতিক পদ-দলিত কৰিছিল । আনহাতে, জৰুৰীকালীন (The Emergency) অৱস্থাক প্ৰতিৰোধ কৰা আৰু ভাৰতীয় গণতন্ত্ৰক সুৰক্ষিত কৰা সকলো মহান ব্যক্তিক স্মৰণ কৰে প্ৰধানমন্ত্ৰী মোডীয়ে ।
-
The #DarkDaysOfEmergency can never be forgotten. The period from 1975 to 1977 witnessed a systematic destruction of institutions.
— Narendra Modi (@narendramodi) June 25, 2021 " class="align-text-top noRightClick twitterSection" data="
Let us pledge to do everything possible to strengthen India’s democratic spirit, and live up to the values enshrined in our Constitution.
">The #DarkDaysOfEmergency can never be forgotten. The period from 1975 to 1977 witnessed a systematic destruction of institutions.
— Narendra Modi (@narendramodi) June 25, 2021
Let us pledge to do everything possible to strengthen India’s democratic spirit, and live up to the values enshrined in our Constitution.The #DarkDaysOfEmergency can never be forgotten. The period from 1975 to 1977 witnessed a systematic destruction of institutions.
— Narendra Modi (@narendramodi) June 25, 2021
Let us pledge to do everything possible to strengthen India’s democratic spirit, and live up to the values enshrined in our Constitution.
তদানীন্তন কংগ্ৰেছ চৰকাৰে গ্ৰহণ কৰা কেইবাটাও কঠোৰ পদক্ষেপৰ বিষয়ে উল্লেখ কৰি দেশবাসীৰ সৈতে প্ৰধানমন্ত্ৰীগৰাকীয়ে শ্বেয়াৰ কৰে । তেওঁৰ মতে ১৯৭৫ চনৰ পৰা ১৯৭৭ চনলৈ প্ৰতিষ্ঠানসমূহ প্ৰণালীবদ্ধ ধ্বংসৰ সাক্ষী হৈ ৰৈছিল । যাৰ বাবে ভাৰতৰ গণতান্ত্ৰিক চেতনা শক্তিশালী কৰাৰ বাবে সকলো সম্ভৱ প্ৰচেষ্টা কৰাৰ প্ৰতিশ্ৰুতি দিয়াৰ লগতে সংবিধানত সন্নিবিষ্ট মূল্যবোধৰ সৈতে খাপ খাই থকাৰ বাবে সকলোকে আহ্বান জনায় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ।
প্ৰধানমন্ত্ৰীৰ উপৰিও গৃহমন্ত্ৰী অমিত শ্বাহ আৰু জ্যেষ্ঠ বিজেপি নেতাসকলেও কংগ্ৰেছ চৰকাৰক সমালোচনা কৰা দেখা যায় । কংগ্ৰেছক আক্ৰমণ কৰি কয় যে কংগ্ৰেছে ১৯৭৫ চনৰ আজিৰ দিনটোতে ক্ষমতাৰ কামনা আৰু অহংকাৰৰ বাবে গণতন্ত্ৰক "হত্যা" কৰিছিল । গৃহমন্ত্ৰীগৰাকীয়ে লগতে কয় যে এটা পৰিয়ালৰ বিৰুদ্ধে উত্থাপিত কণ্ঠস্বৰক পদদলিত কৰিবলৈ জৰুৰীকালীন অৱস্থা জাৰি কৰা হৈছিল, তেওঁ ইয়াক ভাৰতৰ গণতন্ত্ৰৰ এক ক'লা অধ্যায় বুলি অভিহিত কৰে ।
বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই জৰুৰীকালীন অৱস্থাৰ বিৰুদ্ধে যুঁজ দিয়া আৰু বহুতো অত্যাচাৰৰ সন্মুখীন হোৱা সকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । ১৯৭৫ চনৰ পৰা ১৯৭৭ চনলৈ ২১ মাহৰ বাবে তদানীন্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে দেশত জৰুৰীকালীন অৱস্থা জাৰি কৰিছিল যেতিয়া মানুহৰ মৌলিক অধিকাৰৰ ওপৰত নিয়ন্ত্ৰণ আৰোপ কৰা হৈছিল । গান্ধীয়ে ১৯৭৭ চনত জৰুৰীকালীন অৱস্থা প্ৰত্যাহাৰ কৰে আৰু লোকসভা নিৰ্বাচনৰ আহ্বান জনায় য'ত জনতা পাৰ্টিৰ মিত্ৰজোঁটে ১৯৪৭ চনৰ দেশৰ স্বাধীনতাৰ পিছত কংগ্ৰেছক প্ৰথমবাৰৰ বাবে শোচনীয় পৰাজয় কৰে ।
লগতে পঢ়ক : ভাৰতত জৰুৰী অৱস্থা: ৰাষ্ট্ৰৰ ক'লা অতীতৰ এক অৱলোকন