মেষ ৰাশি: ঘৰুৱা পৰিবেশত শান্তি আৰু আনন্দ বিৰাজ কৰিব ৷ গ্ৰহৰ দশাই আপোনাৰ লুকাই থকা প্ৰতিভাক ওলিয়াই অনাত সহায় কৰিব ৷ মনৰ ভিতৰত আনন্দ অনুভৱ কৰিব ৷ বিদেশৰ লগত ব্যৱসায় কৰা সকলৰ বাবে লাভজনক সময় ৷ খঙক দমন কৰক আৰু নাজকে অদৰকাৰি আলোচনাৰ পৰা আঁতৰাই ৰাখক ৷
বৃষ ৰাশি: মাতৃৰ ফালৰ পৰা অহা ভাল খবৰে আজি সমগ্ৰ দিনটোৱেই আপোনাক আনন্দিত কৰি ৰাখিব ৷ লগতে গণেশৰ কৃপাত আপোনাৰ কৰ্মক্ষেত্ৰ আৰু ব্যক্তিগত জীৱনৰ সকলো কাম সুগঠিত ভাবে চলি আছে ৷ আপোনাৰ সহকৰ্মীসকলৰ সহযোগিতাত আগতে ৰৈ যোৱা কামবোৰ সমাধা হ’ব যিবোৰ কামে আপোনাক অসুবিধাত পেলাইচিল ৷ স্বাস্থ্য ভালে থাকিব৷
মিথুন ৰাশি: গ্ৰহৰ দশা বিশেষ ভাল দেখা যোৱা নাই৷ খৰচ বৃদ্ধি পাব ৷ নতুন একো আৰম্ভ নকৰাটোৱেই মংগল ৷ সন্তান আৰু পত্নীৰ চিন্তা আপোনাৰ মনত অনবৰতে থাকিব আৰু আপোনাৰ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে ৷ তৰ্ক বিতৰ্কৰ পৰা আঁতৰি থাকক আৰু দীঘলীয়া কাজিয়াক আওকাণ কৰক ৷ উচ্চ শিক্ষাগ্ৰহণ কৰিবলৈ বিচাৰি থকাসকলে ভাল ফল লাভ কৰিব ৷
কৰ্কট ৰাশি: আজি আপুনি শান্ত থকা দৰকাৰ ৷ শাৰীৰিক আৰু মানসিকভাৱে দুৰ্বলতা অনুভৱ কৰিব পাৰে ৷ বুকুৰ বিষ আৰু নিদ্ৰাহীনতাই দিনটো আপোনাক অশান্তি দিব৷ পাৰিবাৰিক অশান্তিয়েও আপোনাক দিগদাৰি দিব ৷ গণেশৰ পৰামৰ্শ মতে ধ্যান কৰক আৰু হুলস্থুলীয়া পৰিবেশৰ পৰা আঁতৰি থাকক ৷
সিংহ ৰাশি: কৰ্মত সফলতা ৷ ভাতৃ ভগ্নীৰ লগত আৰু বন্ধুৰ লগত সম্বন্ধ উন্নত হ’ব আৰু সকলো মিলি বনভোজ বা সৰু ভ্ৰমণত যাব পাৰে ৷ শৰীৰ আৰু ধনৰ দিশ লাভজনক ৷ নতুন ব্যৱসায় আৰম্ভ কৰিবলৈ এইটো এটা সুন্দৰ সময় ৷
কন্যা ৰাশি: এটা ভাগ্যশালী দিন ৷ পাৰিবাৰিক সমস্যা দুৰ হ’ব আৰু ধনৰ দিশ উন্নত হ’ব ৷চিনাকি লোকৰ সহযোগত আপুনি ভালদৰে সকলোকে প্ৰভাবিত কৰিব পাৰিব ৷ বিপৰিত চিন্তাৰ পৰা মনক আঁতৰাই ৰাখক আৰু যিবোৰ আলোচনাৰ অন্ত কাজিয়াত শেষ হয় তেনে আলোচনাৰ পৰা আঁতৰত থাকক ৷ প্ৰিয়জনক বা বন্ধুক লগ কৰক , ভাল লাগিব ৷
তুলা ৰাশি: আপুনি কৰা প্ৰত্যেক কামতে নিজৰ আত্মবিশ্বাসৰ পৰিচয় দিব পাৰিব ৷ ব্যৱসায় আৰু ধনৰ দিশত সকলো কাম সময়ত শেষ কৰিব পাৰিব ৷ আপোনাৰ চিন্তাধাৰাত সবলতাৰ পৰিচয় দিব ৷ শৰীৰৰ আৰু বৌদ্ধিক দিশত গণেশৰ আৰ্শীবাদ লাভ কৰিব ৷ গহনা বা কাপোৰ কিনাত টকা খৰচ কৰি আনন্দ পাব ৷ কলাসন্মত কামত সফলতা লাভ কৰিব ৷
বৃশ্চিক ৰাশি: আজি আপোনাৰ বহুত টকা খৰচ হ’ব । তাৰে সৰহ ভাগ ধন আপোনাৰ খৰচ হ’ব আমোদ-প্ৰমোদ আৰু মনোৰঞ্জনৰ নামত । আজি আপুনি বিচিত্ৰালয় বা মাল্টিপ্লেক্সত চিনেমা চাব যাব পাৰে বা কোনো চাৰ্কাচ চাবলৈয়ো যাব পাৰে । কিন্তু আপোনাৰ স্বাস্থ্য বেয়া থাকিব কাৰণে আপুনি এইবোৰ উপভোগ কৰিব নোৱাৰিব । মানসিকভাৱেও আপুনি উত্তম অৱস্থাত নাথাকিব যেন লাগিছে । আজি আপুনি দুৰ্ঘটনাত পৰিব পাৰে, গতিকে অতি-সতৰ্ক হৈ থাকক । আনকি আনৰ সৈতে কথা পতাৰ সময়তো আপুনি হয়তো অজানিতেই এনেকুৱা কথা কৈ দিব পাৰে যে, সেয়া শুনি মানুহে বেয়া পাব পাৰে, যাৰ ফলত শত্ৰুতাৰ সৃষ্টি হ’ব পাৰে । আজি আপুনি ৰক্তচাপ সম্বন্ধীয় সমস্যাত পৰিব পাৰে আৰু ধৈৰ্য ধৰি আপুনি আজি মুঠেও থাকিব নোৱাৰিব । ন্যায়ালয় সম্বন্ধীয় বিষয়ত সতৰ্ক থাকক ।
ধনু ৰাশি: আজি দিনটো আপোনাৰ বহুত কৰ্মব্যস্তাত কাটিব । আপুনি কৰ্মক্ষেত্ৰত, ঘৰত আৰু আনকি সমাজত সফলতা পালেও এই সফলতাক উপভোগ কৰাৰ পৰ্যাপ্ত সময় নাপাব । যেনে ধৰক আপুনি নিজৰ জীৱনসংগী বা জীৱনসংগিনীৰ সৈতে অসাধাৰণ এটা সময় কটালে, কিন্তু আপোনাৰ এনেকুৱা ভাৱ হ’ব যেন আৰু অলপপৰ এই সময় কটাব পাৰিলে ভাল হ’লহেঁতেন । আপুনি হয়তো বন্ধুসকলৰ সৈতে বহুত ভাল সময় কটাই আছে, কিন্তু আপোনাৰ মনত পৰি থাকিব সেইজনৰ কথা যিজন আপোনাৰ অন্তৰৰ বিশেষ মানুহ । আপুনি যদি আপোনাৰ জীৱনৰ বিশেষ কোনো মানুহক বিচাৰি আছে, তেতিয়া হ’লে আজি তেওঁৰ সন্ধান পাব । আপুনি নিজৰ সন্তান আৰু সংগী বা সংগিনীৰ মৰম পাব আৰু তেওঁলোকে আপোনাক গৰ্বিত কৰি তুলিব । আপোনাৰ আয় আজি অধিক ভাল হ’ব আৰু লগতে নাৰীৰ সৈতে সম্পৰ্কও ভাল হ’ব ।
মকৰ ৰাশি: আজিৰ দিনটো আপুনি বহুত সংঘৰ্ষ কৰিব লাগিব । ব্যৱসায় অন্যান্য দিনৰ দৰে আজি ইমান ভাল নহ’ব । আপোনাৰ স্বাস্থ্য কিছু অনিশ্চিত হৈ থাকিব । তদুপৰি আপুনি দুৰ্ঘটনাতো পৰিব পাৰে । গতিকে এনেকুৱা কোনো বস্তুৰপৰা দূৰত থাকক, যি বিপজ্জনক হ’ব পাৰে । কিন্তু আজিৰ দিনটো আপোনাৰ বাবে ইতিবাচক হৈ থাকিব । ব্যৱসায়ৰ কাৰণে ভ্ৰমণ কৰিলে ভৱিষ্যতত তাৰপৰা লাভ হোৱাৰ সম্ভাৱনা আছে । আফোনাৰ ঊৰ্ধ্বতনসকলে আপোনাৰ কামত সন্তুষ্ট হ’ব । আপুনি সন্তানৰ উন্নতিত আনন্দ পাব, আপুনি নিজৰো অৱস্থান উন্নত হোৱা বুলি লক্ষ্য কৰিব । অলপ সতৰ্ক থাকিব পাৰিলেই আজিৰ দিনটো আপোনাৰ বাবে অত্যন্ত ভাল হৈ থাকিব ।
কুম্ভ ৰাশি: আজি আপোনাৰ দিনটো মিশ্ৰ । আপোনাৰ স্বাস্থ্য আজি বৰ ভাল নাথাকিব, তাৰ বাবে আপুনি আমনি পাই থাকিব । কিন্তু তথাপি ইয়াক আওকাণ কৰি আপুনি কঠোৰ পৰিশ্ৰম কৰি যাব পাৰিব । আপুনি কামত ইমানেই মগ্ন হৈ থাকিব যে আপুনি নিজৰ অসুস্থতাৰ কথা পাহৰিয়ে যাব । কিন্তু আপোনাৰ ঊৰ্ধ্বতনসকলে আপোনাৰ এই অসুস্থতাৰ মাজতো কাম কৰি যোৱাটোক ভাল নাপাব । আপোনাৰ এই অসুস্থতাই হয়তো আপোনাৰ কৰ্মক্ষমতাক কিছু পৰিমাণে হ’লেও হ্ৰাস কৰি দিব । আনন্দ উপভোগ বা ব্যৱসায়াৰ বাবে সৰুসুৰা ভ্ৰমণ হ’ব পাৰে । আপোনাৰ উপৰত নিৰ্ভৰশীলসকলক লৈ আপোনাৰ চিন্তা বাঢ়িব পাৰে । নিজৰ প্ৰতিপক্ষসকলৰ সৈতে অনাৱশ্যক তৰ্ক-বিতৰ্ক কৰি নিজৰ সময় আৰু শক্তি অপব্যয় নকৰিব ।
মীন ৰাশি: স্বাস্থ্য আৰু ভাগ্যৰ দিশত আজিৰ দিনটো মধ্যমীয়া । অত্যধিক প্ৰয়াস পাবলগীয়া কাম আজি নকৰাই ভাল । আপোনাৰ শৰীৰ-মন আজি উত্তম অৱস্থাত নাথাকিব । আচলতে আপোনাৰ সন্মুখত আজি এনেকুৱা কিছু প্ৰত্যাহ্বান আহিব যে, তাৰপৰা হাত সাৰিব নোৱাৰিব । কিন্তু সেই প্ৰত্যাহ্বানসমূহৰ মুখামুখি হৈ আপুনি তাৰ ভাল ফলহে পাব । আপুনি কেৱল নিজৰ স্বাস্থ্য আৰু অৰ্থব্যয়ৰ প্ৰতি সতৰ্ক হ’ব লাগিব । ঈশ্বৰৰ প্ৰতি সামান্য আস্থাই আপোনাৰ আজিৰ দিনটোক অসাধাৰণ কৰি তুলিব ।