মেষ ৰাশি: দিনটো প্ৰায় ভাল হ’ব ৷ দিনটো আনন্দৰে যাব ৷ পৰিয়ালৰ লগত সম্পর্ক ভাল হʼব ৷ সন্তানৰ মন ভালে ৰখাত মনোযোগ দিব ৷
বৃষ ৰাশি: ব্যক্তিগত জীৱনত মনোযোগ দিব ৷ সিদ্ধান্ত লওঁতে খেলিমেলি হʼব পাৰে ৷ খং-ৰাগে সম্পর্কত প্ৰভাৱ পেলাব পাৰে ৷ প্ৰেমত শুভ ৷
মিথুন ৰাশি: উৎসাহিত হʼব ৷ প্ৰেমত শুভ ৷ ভ্ৰমণত শুভ ৷ শিক্ষার্থীৰ অধ্যয়নৰ প্ৰতি আগ্ৰহ জন্মিব ৷
কৰ্কট ৰাশি: সৌভাগ্যৱান হ’ব ৷ সফল হʼব ৷ শিক্ষার্থীৰ অধ্যয়নৰ প্ৰতি আগ্ৰহ জন্মিব ৷ দিনটো প্ৰায় ভাল হʼব ৷ প্ৰেমত শুভ ৷
সিংহ ৰাশি: ব্যৱসায়-কর্মত মনোযোগ দিব ৷ কর্মত ব্যস্ততা বৃদ্ধি ৷ কৰ্ম জীৱনত ভাল বন্ধু লাভ কৰিব ৷ ব্যৱসায় কৰিলে লক্ষ্যত সফল হʼব ৷ লাভ হʼব ৷
কন্যা ৰাশি: যুক্তিৰে চিন্তাধাৰাবোৰৰ সৈতে যুঁজিবলৈ চেষ্টা কৰিব ৷ সক্ৰিয় অনুভৱ হʼব ৷ সিদ্ধান্ত লওঁতে খেলিমেলি হʼব পাৰে ৷
তুলা ৰাশি: প্ৰতিভাৰ উপযুক্ত ব্যৱহাৰ হ’ব ৷ কলাৰ প্ৰতি প্ৰেম হʼব ৷ ভাগ্য প্ৰায় ভাল হʼব ৷ ঘৰটো সজাবলৈ নতুন পৰিকল্পনা কৰিব পাৰে ৷
বৃশ্চিক ৰাশি: হতাশ নহ’ব, পুনৰ চেষ্টা কৰক ৷ কঠোৰ পৰিশ্ৰম কৰিলে ফল পাব ৷ ধৈৰ্য্যশীল হ’লে লাভৱান হ’ব ৷ ব্যৱসায় কৰিলে লক্ষ্যত সফল হʼব ৷ লাভ হʼব ৷
ধনু ৰাশি: কর্মব্যস্ততা বৃদ্ধি ৷ কঠোৰ পৰিশ্ৰম কৰিলে সফল হʼব ৷ নতুন ব্যৱসায় আৰম্ভ নকৰিব ৷ সন্ধিয়া সকলো অশান্তিৰ কাৰণ দূৰ হʼব ৷ সমনীয়াৰ লগত সম্পৰ্ক ভাল হʼব ৷
মকৰ ৰাশি: বিদেশত শিক্ষা অধ্যয়ন কৰিবলৈ সুযোগ পাব পাৰে ৷ ভাগ্য ভাল ৷ ধন উপাৰ্জন কৰিব ৷ ব্যৱসায় কৰিলে লক্ষ্যত সফল হʼব ৷
কুম্ভ ৰাশি: নতুন ব্যক্তিক লগ পাব ৷ কর্মত ব্যস্ততাই ব্যক্তিগত জীৱনত প্ৰভাৱ পেলাব ৷ এলেহুৱা-নিৰুৎসাহিত হৈ পৰিব পাৰে ৷ মানসিক আৰু শাৰীৰিক চিন্তা ভাল হʼব ৷
মীন ৰাশি: কৰ্ম জীৱনত অশান্তি হʼব পাৰে ৷ হতাশ নহ’ব, পুনৰ চেষ্টা কৰিব ৷ কঠোৰ পৰিশ্ৰমৰ ফল লাভ কৰিব ৷ ধৈৰ্য্যশীল হ’লে লাভৱান হ’ব ৷ সন্ধিয়া সকলো অশান্তিৰ কাৰণ দূৰ হʼব ৷ দিনটো আনন্দময় হʼব ৷