মেষ ৰাশি: দিনটো সুখী আৰু আনন্দময় হৈ থাকিব ৷ সফলতা পাব ৷ বন্ধু তথা পৰিয়ালবৰ্গৰ লগত বাহিৰলৈ যাওক বা ভ্ৰমণৰ পৰিকল্পনা কৰক ৷ সামাজিক দিশত খ্যাতি বৃদ্ধি পাব ৷
বৃষ ৰাশি: এটা মিশ্ৰিত দিন হ’ব ৷ ব্যয় বৃদ্ধি ৷ শিক্ষাৰ্থীৰ বাবে সমস্যাৰ সৃষ্টি হ’ব পাৰে ৷ দিনটো আনন্দময় আৰু সুখৰ হ’ব ৷
মিথুন ৰাশি: দিনটো মিথুনৰাশিৰ লোকৰ বাবে সহজ নহ’ব ৷ পৰিয়ালৰ লোকৰ লগত কাজিয়া হ’ব পাৰে ৷ ধৈৰ্য ধৰিব ৷ শান্ত হৈ থকাটো অলপ কঠিন হ’ব পাৰে ৷ শিক্ষাৰ্থীসকলৰ বাবেও দিনটো কঠিন হ’ব ৷
কৰ্কট ৰাশি: আত্মবিশ্বাসেৰে আগবাঢ়িব ৷ ধ্যান-সাধনা কৰিব ৷ সংবেদনশীল অনুভৱ কৰিব৷ আৱেগিক হৈ নপৰিব ৷ শৰীৰ ভালে থাকিব ৷ পৰিয়ালৰ সদস্যৰ মাজত ব্যৱধান আহিব ৷ ব্যয় বৃদ্ধি ৷
সিংহ ৰাশি: অমায়িক ব্যক্তিত্ব আৰু শান্ত আচৰণেৰে বহুতো লোকৰ হৃদয় জয় কৰিব ৷ সফল হ’ব ৷ লেনেদেন কৰিব পাৰে ৷
কন্যা ৰাশি: শুভ দিন ৷ প্ৰশংসা লাভ ৷ প্ৰিয়জন আৰু বন্ধুবৰ্গৰ লগত সম্পৰ্ক উন্নত হ’ব ৷ বৌদ্ধিক আলোচনা বা যুক্তিতৰ্কত অংশগ্ৰহণ কৰিব পাৰে ৷ আৰ্থিক আৰু ব্যৱসায়িক লাভ হ’ব ৷
তুলা ৰাশি: দিনটো জটিল হ’ব ৷ মানসিক আৰু শাৰীৰিক স্বাস্থ্যৰ অৱনতি হোৱাৰ বাবে ক্লান্ত, এলাহ আৰু দুখী অনুভৱ কৰিব পাৰে ৷ ক্ৰোধ বৃদ্ধি কৰিব পাৰে ৷ আইনী সমস্যাসমূহৰ লগত লেনদেনৰ পৰা আঁতৰি থাকক ৷ সাৱধান হওক ৷
বৃশ্চিক ৰাশি: গ্ৰহসমূহৰ কৃপাত দিনটো সুস্থ হৈ থাকিব ৷ আৰ্থিক, ব্যৱসায়িক আৰু পেচাদাৰী লাভ বৃদ্ধি ৷ বন্ধুবৰ্গ আৰু প্ৰিয়জনৰ লগত ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে ৷ খৰচৰ প্ৰতি লক্ষ্য ৰাখিব ৷ শৰীৰৰ অৱনতি হ’ব পাৰে ৷ মাত্ৰাধিক বা অধিক আহাৰ গ্ৰহণ নকৰিব ৷
ধনু ৰাশি: সুন্দৰ দিন ৷ ঘৰত আৰু কাৰ্যালয়ত সৌহাদ্যপূৰ্ণ আৰু শান্ত পৰিৱেশে বিৰাজ কৰিব ৷ পৰিয়াল আৰু বন্ধুবৰ্গৰ সৈতে বাহিৰলৈ যাব পাৰে ৷ পেচাদাৰী দিশত লাভ অৰ্জন কৰিব ৷ পদোন্নতি বা বেতন বৃদ্ধি ৷ সন্মান বৃদ্ধি পাব ৷
মকৰ ৰাশি: ব্যৱসায়ীসকলৰ বাবে দিনটো শুভ ৷ সাফল্য লাভ ৷ সুযোগ গ্ৰহণ কৰক ৷ তীৰ্থযাত্ৰা পৰিকল্পনা কৰিব পাৰে ৷ বিদেশত থকা সম্পৰ্কীয় লোকৰ পৰা ভাল খবৰৰ আশা কৰক ৷
কুম্ভ ৰাশি: নিজকে ইতিবাচক, শান্ত আৰু সংযমিত হৈ থাকক ৷ দিনটো সুন্দৰভাৱে পাৰ কৰিব ৷ ক্ৰোধক নিয়ন্ত্ৰণত ৰাখিব ৷ তৰ্ক কৰাৰ পৰা আৰু কঠোৰ হোৱাৰ পৰা এৰাই চলিব ৷ উদ্দেশ্যপ্ৰণিত হওক আৰু সমস্যাৰ সমাধান কৰক ৷
মীন ৰাশি: দিনটো মিশ্ৰিত হ’ব ৷ আনন্দদায়ক হ’ব ৷ বন্ধু আৰু প্ৰিয়জনৰ লগত ভ্ৰমণলৈ যাব পাৰে ৷ পেচাদাৰী দিশত সফল হ’ব ৷ স্বাস্থ্যৰ অৱনতি হ’ব পাৰে ৷ তৰ্কযুদ্ধ বা কাজিয়াৰ পৰা আঁতৰি থাকক ৷ আৰ্থিক লোকচান হ’ব পাৰে ৷