মেষ ৰাশি: আপোনাৰ বাবে এটা সুন্দৰ দিন, বন্ধু আৰু আপোনজনৰ সৈতে মিলিত হোৱাৰ দিন ৷ তেওঁলোকৰ সৈতে বনভোজ আৰু ফুৰিবলৈ যাব পাৰে ৷ বন্ধুৰ বাবে যিকোনো সময়ত সহায়ৰ বাবে আপুনি সাজু ৷ অযথা খৰছ কৰি লোকচান নভৰিব ৷ হঠাৎ ধনৰ আগমণ হ'ব পাৰে ৷ গ্ৰহৰ প্ৰভাৱত আপোনাৰ আনন্দ বৃদ্ধি পাব ৷ সন্তানৰ ফালৰ পৰাও সুখ অনুভৱ কৰিব ৷
বৃষ ৰাশি: সুদৃঢ় ইচ্ছাশক্তি, সাহসিকতাৰ সৈতে আপুনি কৰ্মক্ষেত্ৰত, ব্যৱসায়ত আৰু ব্যক্তিগত জীৱনত সফলতা লাভ কৰিব । পিতৃৰ দ্বাৰা উপকৃত হ’ব পাৰে । আৰ্থিক লাভৰ যোগ । শিক্ষাৰ্থীৰ বাবে দিনটো শুভ ৷
মিথুন ৰাশি: আজি আপুনি যি কোনো নতুন কাম আৰম্ভ কৰিব পাৰে । নিজৰ ৰাজহুৱা খণ্ড আৰু ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ সৈতে কাম কৰা বা ৰাজহুৱা খণ্ডতে কাম কৰা লোকসকলৰ বাবে দিনটো লাভদায়ক আৰু ফলদায়ক । আৰ্থিক দিশত সাৱধানে চলক ৷
কৰ্কট ৰাশি: নেতিবাচক চিন্তাৰ পৰা আঁতৰত থাকক । কৰ্কট ৰাশিৰ জাতক-জাতিকাসকলে দুখ-দুৰ্দশাৰ কথা বৰকৈ ভাবি থাকে । এনেকুৱা কৰাটো আপোনাৰ ক্ষতি কৰিব পাৰে । শিক্ষাৰ্থীৰ বাবে বৰ্তমান সময় শুভ নহয় । নিৰাশ নহ'ব চেষ্টা অব্যাহত ৰাখক ৷
সিংহ ৰাশি: আজি আপুনি সাহসিকতা আৰু আত্মবিশ্বাসেৰে পৰিপূৰ্ণ হৈ থাকিব । আজি আপুনি পিতৃৰ আৰু আনকি বয়োজ্যেষ্ঠসকলৰ দ্বাৰা উপকৃত হ’ব । খঙৰ ওপৰত নিয়ন্ত্ৰণত ৰাখক । নিজৰ স্বাস্থ্যৰ যত্ন লওক ।
কন্যা ৰাশি: আজি আপুনি এক অসাধাৰণ মানসিকতা লৈ থাকিব । অহংকাৰৰ পৰা দূৰত থাকক । মানসিক অস্থিৰতাই আপোনাৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলাব পাৰে । গতিকে নিজক ওপৰত নিয়ন্ত্ৰণ কৰি ৰাখক ।
তুলা ৰাশি: আজি আপুনি আপোনাৰ কলাত্মক দিশবোৰত গুৰুত্ব দিব ৷ দিনটো বহুত যুক্তিসংগত আলোচনা আৰু তৰ্কত লিপ্ত হ'ব লগীয়া হ'ব পাৰে ৷ আপোনাৰ সন্তানৰ পৰা ভাল খবৰ আশা কৰিব পাৰি ৷ পত্নীৰ সহযোগিতাত ঘৰত স্বৰ্গসুখ অনুভৱ কৰিব ৷ আপোনাৰ শাৰীৰিক সুস্থতাই আপোনাক সুখী কৰিব ৷ বন্ধুৰ সহযোগিতা লাভ কৰিব ৷ এই সকলো মিলাই এটা সম্পূৰ্ণ সুন্দৰ দিন ৷
বৃশ্চিক ৰাশি: আপুনি ব্যক্তিগত সম্পৰ্কত, সংসাৰত প্ৰেম আৰু সুখ-শান্তি উপভোগ কৰিব । কৰ্মক্ষেত্ৰত পৰিৱেশ সুখদায়ক আৰু অনুকূল হৈ থাকিব । আপোনাৰ সামাজিক মৰ্যাদা আৰু সন্মান বৃদ্ধি পাব । সন্তানৰ সফলতাই আপোনাক আনন্দ দিব ।
ধনু ৰাশি: স্বাস্থ্যৰ যত্ন লওক । অনিদ্ৰা, উদ্বেগ, বিৰক্তি ভাৱ দেখা দিলে আওকাণ নকৰিব ৷ ভ্ৰমণৰ দিনো পিছুৱাই দিয়ক । বিবাদৰ পৰা আঁতৰি থাকক । আৰাম কৰক ৷
মকৰ ৰাশি: আজি আপোনাৰ অপ্ৰত্যাশিতভাৱে ব্যয় বৃদ্ধি হ’ব । সাৱধানে থাকিব ৷ কৰ্মক্ষেত্ৰত তুলনামূলকভাৱে শান্ত পৰিৱেশ থাকিব ৷ বিবাদৰ পৰা আঁতৰি থাকক ।
কুম্ভ ৰাশি: আজিৰ দিনটো শুভ । আপুনি আজি প্ৰেম, ভালপোৱা, তীব্ৰ আসক্তি প্ৰকাশৰ পৰ্যাপ্ত সুযোগ পাব । দিনটোক উপভোগ কৰক ৷ আপুনি ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে । গাড়ী-বাহন ক্ৰয়ৰ বাবে সময়টো ভাল ।
মীন ৰাশি: গোটেই দিনটো আপুনি সাৱধান হৈ থাকিব লাগিব ৷ মনোযোগহীনতাই আপোনাৰ কাম বিফল কৰি তুলিব ৷ যোগ আৰু ধ্যান কৰক ৷ আপোনাৰ খৰচৰ মাত্ৰা বাঢ়িব ৷ ধৰ্মীয় কামত আপোনাৰ বৃহৎ পৰিমাণৰ ধন খৰচ হ'ব ৷ বন্ধু আৰু প্ৰিয়জনৰ মাজৰ তৰ্কই আপোনাক দুবিধাত পেলাব ৷ আইনী কাম-কাজত বিশেষভাৱে সাৱধান হোৱাটো প্ৰয়োজন ৷