মেষ ৰাশি: নিজৰ প্ৰতিভা বিকাশ কৰাৰ সুযোগ লাভ কৰিব ৷ বিবাহৰত সংযোগত সফল হʼব ৷ কৰ্ম জীৱনত ভাল বন্ধু লগ পাব ৷ ঘৰটো নতুনকৈ সজোৱাৰ পৰিকল্পনা কৰিব পাৰে ৷ প্ৰেমত শুভ ৷
বৃষ ৰাশি: আৱেগিক চিন্তাধাৰাবোৰৰ সৈতে যুঁজিব ৷ পৰিয়ালৰ মাজত তৰ্ক-বিতৰ্ক হʼব পাৰে ৷ প্ৰেমত শুভ ৷ বিয়া আৰু সংযোগত সফল হ’ব ৷ কোনো বিপদৰ সন্মুখীন হ’লে সাহেসেৰে এই বিপদক প্ৰতিহিত কৰিব ৷ শুভ দিন ৷
মিথুন ৰাশি: কোনো ক্ষেত্ৰত আৱেগিক হৈ পৰিব পাৰে ৷ সফলতা লাভ কৰিব ৷ ধৈৰ্য্যশীল আৰু সহনশীল হৈ থাকিব ৷ ঘৰটো নতুনকৈ সজোৱাৰ পৰিকল্পনা কৰিব পাৰে ৷ দিনটো প্ৰায় ভাল ৷
কৰ্কট ৰাশি: পৰিয়ালৰ লগত সম্পৰ্ক ভাল হ’ব ৷ ব্যস্ততাৰ মাজেৰে সময় উলিয়াই প্ৰেমত মনোযোগ দিব ৷ মানসিক আৰু শাৰীৰিক চিন্তা ভাল হʼব ৷ দিনটো শুভ ৷
সিংহ ৰাশি: খৰচ বৃদ্ধি ৷ সাৱধানতা অৱলম্বন কৰিব ৷ কোনো নতুন কাম হাতত নোলোৱাই ভাল ৷ দিনটো শুভ ৷
কন্যা ৰাশি: নিজৰ প্ৰতিভা বিকাশ কৰাৰ সুযোগ লাভ কৰিব ৷ কলাৰ প্ৰতি প্ৰেম হʼব | ভাগ্য প্ৰায় ভাল ৷ গান গোৱা, কবিতা আবৃত্তি কৰা ইত্যাদি কাম আৰম্ভ কৰিলে প্ৰায় সফল হʼব ৷
তুলা ৰাশি: দিনটো প্ৰায় ভাল হʼব ৷ কঠোৰ পৰিশ্ৰম কৰিলে সফল হ’ব ৷ দিনটো আনন্দময় হ’ব ৷ প্ৰশংসা লাভ ৷ তথাপিও সতৰ্কতা অৱলম্বন কৰিব ৷ শিক্ষার্থীৰ অধ্যয়নৰ প্ৰতি আগ্ৰহ জন্মিব ৷
বৃশ্চিক ৰাশি: দিনটো কঠিন হʼব পাৰে ৷ কৰ্মত বেছি মনোযোগ দিবলগীয়া হʼব ,লক্ষ্য সফল হʼব ৷ কৰ্মত কঠোৰ পৰিশ্ৰম কৰিলে সফল হʼব ৷ কৰ্ম জীৱনত ভাল পদোন্নতি হʼব পাৰে ৷ নতুন লক্ষ্য স্থিৰ কৰিব পাৰে ৷ কৰ্ম জীৱনত ভাল বন্ধু লগ পাব ৷
ধনু ৰাশি: এটা একঘেয়ামি দিন ৷ বিপদত পৰিব পাৰে ৷ সৰ্তকতা অৱলম্বন কৰিব ৷ মানসিক শান্তি লাভ কৰিব আৰু সামাজিক সন্মান বৃদ্ধি হ’ব ৷ ঘৰৰ পৰিৱেশ ভুল বুজাবুজি আৰু অমনোযোগিতাৰ বাবে বেয়া হৈ পৰিব ৷ আইনী কাম-কাজৰ পৰা আঁতৰত থকাই ভাল ৷
মকৰ ৰাশি: কোনো পুৰণি ইচ্ছা পূৰণ হ’ব পাৰে ৷ কৰ্ম জীৱনত ভাল বন্ধু লাভ কৰিব ৷ সফল হʼব ৷ পৰৰ বিচাৰ নকৰিব ৷ টকা-পইচা জমা কৰিব ৷ টকা-পইচাৰ নিশ্চিতি হʼব ৷
কুম্ভ ৰাশি: যুক্তিসূত্ৰ আৰু চিন্তাধাৰাবোৰৰ সৈতে যুঁজিবলৈ চেষ্টা কৰিব ৷ কোনো বিষয়ত বিচাৰ কৰাত আৰু নিৰ্ণয় লোৱাত কঠিন হʼব পাৰে ৷ কর্মত শান্ত হৈ থাকিব, সফল হʼব ৷ কোনো ক্ষেত্ৰত নিৰ্ণয় লোৱাৰ ক্ষেত্ৰত খেলিমেলি হʼব পাৰে ৷
মীন ৰাশি: ব্যৱসায়ত অধিক ব্যস্ত হʼব ৷ বিপদৰ পৰা হাত সাৰিব ৷ কর্মত ব্যস্ত থকাৰ ফলত ব্যক্তিগত জীৱন প্ৰভাৱান্বিত হʼব ৷ সন্ধিয়ালৈ আশাৰ আৰু আনন্দৰ দিন হʼব ৷ কর্মৰ প্ৰবল হেঁচা আৰু কঠোৰ পৰিশ্ৰম কৰিব লাগিব ৷ সফল হʼব ৷