ETV Bharat / bharat

Daily Horoscope For 18th July: আপোনাৰ দিনটোৰ ৰাশিফল

author img

By

Published : Jul 18, 2023, 5:11 AM IST

কেনে যাব আপোনাৰ আজিৰ দিনটো (Know Your day with ETV Bharat Astrology) ? চাওক দিনটোৰ ৰাশিফল (Astrological predictions for the day)৷

Daily Horoscope For 18th July 2023
আপোনাৰ দিনটোৰ ৰাশিফল

মেষ ৰাশি: মেষ ৰাশিৰ জাতক-জাতিকাসকলৰ কাৰণে সময় সংবেদনশীল । আজি আপোনাৰ মনত আবেগৰ সৃষ্টি হ’ব, আপুনি সকলো প্ৰকাৰৰ কাম কৰিবলৈ সাজু হৈ থাকিব । কোনো বন্ধুৰ অপ্ৰত্যাশিত আচৰণে আপোনাৰ মনত আঘাত দিব পাৰে । সম্পত্তি বা মাটি-বাৰী সম্বন্ধীয় সমস্যাত নোসোমাব । এইবোৰ সম্বন্ধীয় কোনো চুক্তিত চহী নকৰিব । আপুনি যদি পিতৃ-মাতৃক লৈ কোনো সমস্যাত থাকে, তেতিয়া হ’লে তেওঁলোকৰ সৈতে এই বিষয়ত কথা পাতক । ক্ৰোধ ত্যাগ কৰক ৷ নেতিবাচক প্ৰভাৱ পেলাব পৰা মহিলাৰ পৰা আঁতৰত থাকক । উদ্বেগ আৰু দুশ্চিন্তাক দূৰ কৰিবলৈ সাঁতুৰিবলৈ যোৱাৰ সলনি যোগাভ্যাস, ধ্যান, আধ্যাত্মিকতাৰ চৰ্চা কৰক । শিক্ষকসকলৰ কাৰণে সময়টো বৰ কষ্টদায়ক ।

বৃষ ৰাশি: আজি আপুনি আৱেগিক হৈ ৰ’ব । ভাগ্য ভাল, গ্ৰহৰ অৱস্থানে এই আৱেগিক ভাৱৰ ওপৰত ভাল প্ৰভাৱ পেলাইছিল, সেয়ে আপুনি স্বপ্নময়, প্ৰেমময় আৰু আৱেগৰ উষ্মতাৰে পৰিপূৰ্ণ হৈ থাকিব । সেয়ে আপোনাৰ পুৰণি কোনো বন্ধুৱে আপোনাক সাৱটি ধৰিব বা ক’ৰবাৰপৰা আৱেগিক এটি গীতৰ সুৰ আপোনাৰ কাণত ভাঁহি অহাৰ ফলত আপোনাৰ চকুৰপৰা যদি পানী নিগৰি আহে, তেতিয়া হ’লে আপোনাৰ মনৰ এই অস্বাভাৱিক আচৰণ চাই আচৰিত নহ’ব । আপুনি আজি নষ্টালজিক হৈ ৰ’ব, আৰু নিজৰ পৃথিৱীতেই নিমগ্ন হৈ ৰ’ব, নিজৰ দৈনন্দিন কামবোৰ পাহৰি থাকিব । আপোনাৰ মনটো ভাল লাগিব, আপুনি কল্পনাপ্ৰৱণ আৰু সৃজনশীল হৈ থাকিব । সৃজনাত্মক সৃষ্টিশীল ক্ৰিয়াকলাপত যুক্ত হ’ব । প্ৰিয়জনৰ বাবে ৰন্ধাবঢ়া কৰক, কিয়নো এয়াও যে এক প্ৰকাৰ শিল্প । অকস্মাৎ ভ্ৰমণ বা আৰ্থিক সমস্যাৰ যোগ আছে ।

মিথুন ৰাশি: আজিৰ দিনটো আপোনাৰ বাবে বৰ আকৰ্ষণীয় । আত্মীয়, প্ৰিয়জন বা বন্ধুসকলৰ সৈতে আনন্দ, হাঁহি, ফুৰ্তিত পাৰ হ’ব দিনটো, তেওঁলোকৰ সৈতে সাক্ষাতে আপোনাক প্ৰচুৰ আনন্দ দিব । আপোনাৰ যদি বাগদান বা বিবাহ অনুষ্ঠানৰ নিমন্ত্ৰণ থাকে, তেতিয়া হ’লে নোযোৱাকৈ নাথাকিব । সন্ধিয়া আপোনাৰ ক’ৰবাত যাবলগীয়া থাকিলে, আপুনি হয়তো সেয়া বাতিল কৰিব, কিয়নো কিছু আৰ্থিক পৰিকল্পনা তৈয়াৰ কৰিবলগীয়া হ’ব পাৰে। আৰম্ভণিত আপোনাৰ অলপ কষ্ট হ’ব । কিন্তু চিন্তা কৰিব নালাগে, এয়া সাময়িক, অতি সোণকালেই সকলো সমস্যাৰ সমাধান হৈ যাব । আপুনি বহুত সকাহ পাব, আনন্দও পাব । কৰ্মক্ষেত্ৰত অলুকূল অৱস্থা, কিন্তু তাৎক্ষণিকভাৱে লেখতল’বলগীয়াকৈ একো নোহোৱাৰ সম্ভাৱনাই অধিক । আপোনাৰ ব্যক্তি জীৱনত গ্ৰহই যি লাভ কঢ়িয়াই আনি আছে, সেইটোক প্ৰাধান্য দিয়ক আৰু তাৰ সদ্ব্যৱহাৰ কৰক ।

কৰ্কট ৰাশি: কৰ্কট ৰাশিৰ জাতক-জাতিকাসকলৰ কাৰণে এনেকুৱা সময় আৰু দোনাই নাহে । আজি আপোনাৰ গ্ৰহবোৰ এনেকৈ কাৰ্যকৰ হ’ব যে সেয়া একেবাৰে আপোনাৰ স্বভাৱৰ অনুকূল । কৰ্কট ৰাশিৰ জাতক-জাতিকাসকলে সংবেদনশীল, খেয়ালী, আৰু অতি স্পৰ্শকাতৰ, তেওঁলোকে আজিৰ দিনটো উপভোগ কৰিব, কিয়নো সকলোৱে আৰু সকলো বস্তু আপোনাৰ পছন্দ অনুসৰি কাম কৰিব। আপুনি যি বিচাৰে তাকেই হ’ব । বন্ধুক লগ ধৰক, তেওঁলোকৰ লগত বহি কফিৰ পিছত কফি খাই মেল পাতি থাকক, উপহাৰ আদানপ্ৰদান কৰক, আৰু ভাগৰি নপৰালৈকে শ্বপিং কৰি থাকক! দিনটো উপভোগ কৰি যাওঁক । আজি আপোনাৰ গ্ৰহৰ অৱস্থান ভালে আছে, ইয়াৰ সদ্ব্যৱহাৰ কৰক। আৰু আপুনি যদি নিজৰ মনৰ একেবাৰে গভীৰ অনুভূতি কোনোবাৰ ওচৰত ব্যক্ত কৰিব বিচাৰে, তেতিয়া হ’লে কৰি দিয়ক এতিয়াই। আনন্দদায়ক ভ্ৰমণ, জুতিলগা খাদ্য উপভোগৰ যোগ আছে। প্ৰেমৰ সম্পৰ্কত থকা মানুহে আশ্চৰ্য, শিহৰণকাৰী এক সম্পৰ্ক উপভোগ কৰিব নিজৰ সংগী বা সংগিনীৰ সৈতে ।

সিংহ ৰাশি: আজিৰ দিনটো আপোনাৰ বাবে বহুত কষ্টকৰ । আজি আপুনি বিপাঙত থাকিব, মনত দুখ পাব আৰু দৈনন্দিন কামবোৰ কৰাৰ ক্ষেত্ৰত কোনো নিয়ম নমনাকৈ চলিব লাগিব বাবে আপুনি বিমোৰত পৰি যাব । আজি আপোনাৰ আৱেগিক প্ৰতিক্ৰিয়া স্বাভাৱিকৰ তুলনাত অধিক শক্তিশালী হৈ থাকিব । সতৰ্ক থাকক, কথাবতৰা আৰু কামকাজত নিজক নিয়ন্ত্ৰণ কৰি চলক, আৰু আইনী বিষয়ত বিশেষ সাৱধান হ’ব । সম্ভৱ হ’লে আইনী বা আমোলাতান্ত্ৰিক সিদ্ধান্ত লোৱাৰ দিন পিছুৱাই দিয়ক । আপুনি নিজৰ মনৰ অৱস্থাক বুজি চলক, আপুনি যি কোনো মানুহৰ চক্ৰান্তৰ চিকাৰ হ’ব পাৰে, কোনোবাই আপোনাক আপোনাৰ ইচ্ছাৰ বিৰুদ্ধেই অকস্মাৎআৱেগৰ বশৱৰ্তী কৰাই কোনো কাম কৰাই ল’ব পাৰে, যি কাম কৰি আপোনাৰ পিছত অনুতাপ হ’ব পাৰে । চিনাকী মহিলাসকলৰপৰা দূৰত থাকক । বিদেশৰপৰা খবৰ আহিব ।

কন্যা ৰাশি: আজিৰ দিনটো আপোনাৰ বাবে সৌভাগ্যশালী। পুৰস্কাৰ, সুযোগ-সুবিধা, লাভ ইত্যাদি আপোনাক যি লাগে, তাকেই পাব। ঘৰতেই হওক বা পৰিয়ালৰ মাজতেই হওক বা ব্যৱসায়তেই হওক, জীৱনৰ প্ৰায় সকলো ক্ষেত্ৰত এই প্ৰাপ্তিৰ যোগ আছে। এই সময়ত ভ্ৰমণ হ’লে বৰ আনন্দ পাব, আৰু ইয়াৰ ফলত আপুনি নিজৰ প্ৰেয়সীৰ অধিক ঘনিষ্ঠ হৈ উঠিব পাৰিব । যিসকলে প্ৰেম বা বিবাহপ্ৰাৰ্থী, তেওঁলোকৰ বাবে গ্ৰহৰ অৱস্থান অতি অনুকূল । বান্ধৱীসকলৰ দ্বাৰা উপকৃত হ’ব পাৰে । আনন্দ উপভোগ কৰক! আৰ্থিক দিশত গ্ৰহৰ অৱস্থান অত্যন্ত উদাৰ, সেয়ে আপোনাৰ ধনবৃদ্ধি হ’ব । ব্যৱসায়ত প্ৰাপ্য ধন পোৱাৰ বাবে আপুনি ক’ৰবাত যাব পাৰে, এই ভ্ৰমণ আপোনাৰ বাবে ফলদায়ক হ’ব ।

তুলা ৰাশি: আজিৰ এই সংবেদনশীল আৰু অনুভূতিশীল দিনটো আপোনাক আনন্দ আৰু তৃপ্তি দিব । প্ৰেয়সীৰ পৰা যিমানেই দূৰত নাথাকক কিয়, আজি তেওঁৰ সৈতে সাক্ষাৎ হ’বই হ’ব । আজি যদি আপোনালোক দুয়ো দুয়োক লগ পাব পাৰে, তেতিয়া হ’লে দুয়ো দুয়োৰ অধিক ঘনিষ্ঠ হ’ব পাৰিব। আজি আপুনি আৱেগিক হৈ থাকিব, আৰু আনকি নিজৰ প্ৰেয়সীক উৎসৰ্গা কৰি কেইশাৰীমান কবিতাও লেখিব পাৰে । জাগতিক ক্ষেত্ৰত কিছু লাভবান হ’ব। কৰ্মক্ষেত্ৰত আৰু আৰ্থিক দিশত সময় ভাল । আপুনি আজি নিজৰ সপোনৰ কাম পাব পাৰে, বা নিজৰ কামৰ বাবে প্ৰশংসা পাব পাৰে । সম্পত্তি বিষয়ক মামলাত সফল হ’ব, ব্যৱসায়ৰ উন্নতি হ’ব ।

বৃশ্চিক ৰাশি: আজি আপুনি সকলো প্ৰকাৰ আৱেগেৰে পৰিপূৰ্ণ হৈ ৰ’ব । আজি নিজক নিয়ন্ত্ৰণ কৰি চলক । আজিৰ দিনটো বৰ কঠিন! লগতে বৰ গুৰুত্বপূৰ্ণও। আপোনাৰ উন্নতি নিৰ্ভৰ কৰি আছে আজিৰ দিনটোৰ উপৰত। আজি আপোনার দিনটো ভাল যাব আৰু কেতিয়াবা বেয়াও যাব, এই উত্থান-পতন আপোনাক বিমোৰত পেলাব । আপুনি যদি লেখক বা কোনো সৃষ্টিশীল কাম যদি আপোনাৰ জীৱিকা, তেন্তে আজিৰ সময়টো আপোনাৰ বাবে ভাল । কিন্তু আপুনি যদি ব্যৱসায়ী বা কোনো বৈষয়িক কামৰ লগত যুক্ত, তেতিয়া হ’লে আপুনি কিছু অপ্ৰত্যাশিত সমস্যাত পৰিব পাৰে । ঊৰ্ধ্বতন কৰ্তৃপক্ষই আপোনাৰ কামত এতিয়া যদি সন্তুষ্ট হয়, পিছ মুহূৰ্ততেই বেয়া পাব । কৰ্মক্ষেত্ৰত ঈৰ্ষান্বিত প্ৰপতিপক্ষৰ সৈতে কথা নাপাতিব, সন্তানৰ সৈতেও আনকি কথা নাপাতিব । ভ্ৰমণৰ যোগ আছে, ব্যয়বৃদ্ধি হ’ব পাৰে ।

ধনু ৰাশি: যোৱা কেইদিনমান ধৰি আপুনি ক’ব গ’লে প্ৰচণ্ড কাম কৰি আছে । এতিয়া এইবোৰ অলপ কমাব লাগিব । আপোনাৰ অতি আৱেগিক গ্ৰহৰ অৱস্থানৰ ফলত আপুনি হয়তো আজি অধিক সময়লৈকে কাম কৰিব বিচাৰিব, কিন্তু আচলতে আপুনি অলপ ছুটীতে ল’ব লাগে । স্বাস্থ্যৰ যতন লওঁক আৰু মনত ভাল ভাল চিন্তা আনক । ব্যয়বৃদ্ধি হ’লে, কামত বাধা পালে চিন্তা নকৰিব, এইবোৰৰ ব্যাপক হেঁচা অনুভৱ কৰিব আপুনি । কিন্তু যি হৈ আছে হ’বলৈ দিয়ক । আপোনাৰ শৰীৰ আৰু মন আগৰেপৰা ভাগৰুৱা হৈ আছে, ইয়াৰ ওপৰতঅধিক হেঁচা নিদিব আৰু। কোনো নতুন কাম আৰম্ভ নকৰিব । তাতকৈ স্বাস্থ্যকৰ খাদ্য ৰান্ধক, সুগন্ধি মছলা উপভোগ কৰক, দুপৰীয়া ভালকৈ টোপনি মাৰক ।

মকৰ ৰাশি: আজিৰ এই অসাধাৰণ দিনটো আপোনাৰ বাবে যি সৌভাগ্য কঢ়িয়াই লৈ আহিছে, তাতকৈ ভাল দিন আপোনালোক মকৰ ৰাশিৰ কঠোৰ পৰিশ্ৰমী জাতক-জাতিকাসকলে আৰু কি আশা কৰিব পাৰে । আৰ্থিক আৰু ব্যৱসায়িক উদ্যোগত সফলতা, জাগতিক লাভ আৰু প্ৰচণ্ড বৃদ্ধি দেখিবলৈ পোৱা যাব । আপুনি আজি হয়তো লটাৰীও জিকিব পাৰে, যি একেবাৰে আপোনাৰ স্বভাৱসিদ্ধ নহয় । গতিকে আপুনি লাভবান হ’ব নিজৰে কৰ্মৰ দ্বাৰা আৰু সেইসকল কামৰপৰাও লাভবান হ’ব, যিবোৰ কাম আপোনাৰ লাভদায়ক যেন লগা নাছিল । যেতিয়া কোনো ঠিকাৰ কাম বাস্তৱায়িত হ’ব বা যেতিয়া কমিছন হিচাপে হাতত বহুত টকা আহি পাব, তেতিয়া আচৰিত হৈ নুঠিব । আনন্দ উপভোগ কৰাৰ বাবে সাজু হওঁক । ভিন্ন সংস্কৃতিৰ আকৰ্ষণীয় মানুহৰ সৈতে সাক্ষাৎহ’ব পাৰে । তেওঁৰ সৈতে এক সুদীৰ্ঘ সম্পৰ্ক গঢ়ি উঠিব । ৰুচিশীল পোছাক পিন্ধক ।

কুম্ভ ৰাশি: আজি আপোনাৰ গ্ৰহৰ অৱস্থান অত্যন্ত উৎসাহ ব্যঞ্জক, উদাৰ । যাৰ ফলত আপোনাৰ খ্যাতি, সন্মান আৰু সামাজিক মৰ্যাদা বৃদ্ধি পাব । সেয়ে আপুনি লক্ষ্য আপোনাৰ কোনো প্ৰকল্প বাস্তৱায়িত হৈ আছে, সহকৰ্মীসকলে অপ্ৰত্যাশিতভাৱে সহযোগিতা কৰি আছে, আৰু প্ৰচুৰ প্ৰশংসা লাভ কৰিব । মোমায়েকৰ ঘৰৰপৰা ভাল খবৰ পাব পাৰে আৰু ঘৰোৱা পৰিৱেশো আনন্দময় আৰু উজ্জ্বল হৈ থাকিব । ইয়াত কোনো আশ্চৰ্য নাই যে, আপুনি তেতিয়া প্ৰচণ্ড আনন্দ অনুভৱ কৰিব, আপুনি মানসিক আৰু শাৰীৰিক সুস্বাস্থ্য উপভোগ কৰিব। আপোনাৰ দিনটোক অধিক আকৰ্ষণীয় কৰি তোলাৰ বাবে ওচৰৰ হাবিত অলপ ফুৰিবলৈ যাওঁক, ভাল লাগিব ।

মীন ৰাশি: প্ৰেয়সীক সাক্ষাৎ কৰিব পাৰে, তেওঁৰ সৈতে সময় পাৰ কৰক আপোনালোকৰ সম্পৰ্ক আৰু অধিক মজবুত হ’ব । কৰ্মক্ষেত্ৰত আপোনাৰ দিনটো অত্যন্ত ভাল, আপোনাৰ জীৱিকাৰ বাবে নতুন সুযোগো পাব পাৰে, তথাপিও আজি আপুনি বিশেষকৈ অধিক প্ৰাধান্য দিব লাগিব আপোনাৰ ব্যক্তিগত জীৱনক । আপুনি আৱেগিক, আপোনাৰ মনোভাৱ অত্যধিক সংবেদনশীল । প্ৰিয়জনৰ সৈতে আপুনি আজি যি সন্ধিয়া কটাব সেয়া আপোনাৰ বাবে স্মৰণীয় হৈ ৰ’ব । আপুনি আজি উদাৰভাৱে খৰচ কৰিব পাৰে । সৃজনশীল কাম-কাজৰ বাবে সময়টো অত্যন্ত শুভ ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.