ETV Bharat / bharat

‘Cyclone’ কি? - ক্ৰান্তীয় ঘূৰ্ণীবতাহ

ভাৰতীয় উপ মহাদেশ বিশ্বৰ ভিতৰতে অন্যতম ঘূৰ্ণীবতাহ প্ৰৱণ অঞ্চল ৷ প্ৰতিবছৰে গড়ে পাঁচৰ পৰা ছয়টা ক্ৰান্তীয় ঘূৰ্ণীবতাহৰ উৎপত্তি হয় যদিও ইয়াৰে দুইৰ পৰা তিনিটাহে অত্যন্ত গুৰুতৰ হয় ৷

Cyclones at a glance
‘Cyclone’ কি?
author img

By

Published : Nov 27, 2020, 8:28 PM IST

বিশ্বৰ ভিতৰতে অন্যতম ঘূৰ্ণীবতাহ প্ৰৱণ অঞ্চল হ’ল ভাৰতীয় উপ মহাদেশ ৷ ভাৰতীয় উপ মহাদেশৰ উপকূল ৰেখাৰ 8,041 কিলোমিটাৰ অঞ্চল বিশ্বৰ 10 শতাংশ ক্ৰান্তীয় ঘূৰ্ণীবতাহৰ মুখামুখী হয় ৷ ইয়াৰ প্ৰায় সংখ্যক ঘূৰ্ণী বতাহেই বংগোপ সাগৰ আৰু ভাৰতৰ পূৱ উপকূলক আঘাত কৰে ৷ উল্লেখ্য যে, প্ৰতিবছৰে গড়ে পাঁচৰ পৰা ছটা ক্ৰান্তীয় ঘূৰ্ণীবতাহৰ উৎপত্তি হয় যদিও ইয়াৰে দুইৰ পৰা তিনিটাহে অত্যন্ত গুৰুতৰ হয় ৷

আৰৱ সাগৰৰ তুলনাত বংগোপ সাগৰত সৰহ সংখ্যক ঘূৰ্ণীবতাহৰ উৎপত্তি হয় আৰু ইয়াৰ অনুপাত হ’ল 4:1 ৷

ক্ৰন্তীয় ঘূৰ্ণীবতাহ প্ৰধানকৈ মে’-জুন আৰু অক্টোৱৰ-নৱেম্বৰ মাহত উৎপত্তি হয় ৷ ঘূৰ্ণী বতাহসমূহ 50ৰ পৰা 320 কিলোমিটাৰ ব্যাসত পৰিৱৰ্তিত হয়; কিন্তু ইয়াৰ প্ৰভাৱ সাগৰৰ তীৰ আৰু নিম্ন বায়ুমণ্ডলৰ পৰা কেইবা হাজাৰ বৰ্গকিলোমিটাৰ জুৰি বিয়পি থাকে ৷ আনহাতে, উত্তৰ ভাৰতীয় মহাসাগৰত তীব্ৰ বতাহ, ধুমুহা, বৰষুণৰ ফলত সৃষ্টি হোৱা ভূমিস্খলনৰ সময়ত দুৰ্যোগৰ পৰিমাণ বৃদ্ধি পায় ৷

ঘূৰ্ণীবতাহৰ প্ৰকাৰঃ

ঘূৰ্ণী বতাহসমূহ ইয়াৰ ধংসাত্মক ক্ষমতা আৰু ধ্বংসৰ প্ৰক্ৰিয়াৰ ওপৰত ভিত্তি কৰি উচ্চ ক্ৰান্তীয় ঘূৰ্ণীবতাহ আৰু ক্ৰান্তীয় ঘূৰ্ণীবতাহ এই দুই ভাগত বিভক্ত কৰা হয় ৷

বিশ্ব বতৰ বিজ্ঞান সংস্থাই কোনো বতাহৰ তীব্ৰতাই ‘গেল ফৰ্চ’ক অতিক্ৰম কৰিলে সেই বতাহক বুজাবলৈ ‘ক্ৰান্তীয় ঘূৰ্ণীবতাহ’ শব্দটো ব্যৱহাৰ কৰে ৷ আনহাতে ভাৰতত সম্পৰ্কিত বতাহৰ শক্তি, প্ৰলয়ংকাৰী ঢৌ, ব্যতিক্ৰমী বৃষ্টিপাতৰ ঘটনা আদি কাৰকৰ ওপৰত ভিত্তি কৰি ঘূৰ্ণী বতাহক বিভক্ত কৰা হয় ৷

উচ্চ ক্ৰান্তীয় ঘূৰ্ণীবতাহঃ

যিবোৰ ঘূৰ্ণীবতাহ মকৰ ৰেখা আৰু ক্ৰান্তীয় অঞ্চলসমূহৰ মাজত বিকশিত হয়, সেই সমূহ ঘূৰ্ণীবতাহক উচ্চ ক্ৰন্তীয় ঘূৰ্ণী বতাহ বোলা হয় ৷ যদিও এই ঘূৰ্ণীবতাহ সাধাৰণতে নাতিশীতোষ্ণ আৰু উচ্চ অক্ষাংশৰ অঞ্চলসমূহত সৃষ্টি হয়; কিন্তু ইয়াৰ উৎস মেৰু অঞ্চলসমূহত বুলিহে জনা যায় ৷

বিশ্বব্যাপী পৰিভাষাঃ

বিভিন্ন অঞ্চলত ঘূৰ্ণী বতাহক বিভিন্ন নামেৰে জনা যায় ৷ যেনে- চীন সাগৰ আৰু প্ৰশান্ত সাগৰত ঘূৰ্ণী বতাহক টাইফুন , আটলান্টিক মহাসাগৰ আৰু কেৰিবিয়ান সাগৰত থকা দক্ষিণ ভাৰতীয় দ্বীপত হাৰিকেন, দক্ষিণ আমেৰিকা আৰু দক্ষিণ আফ্ৰিকাৰ গিনিয়াত টৰ্নেড’ , উত্তৰ-দক্ষিণ অষ্ট্ৰেলিয়াত উইলি-উইলছ আৰু ভাৰত মহাগাৰত ক্ৰান্তীয় ঘূৰ্ণীবতাহ বুলি জনা যায় ৷

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে আৰৱ সাগৰৰ নিম্ন চাপ ব্যৱস্থা আৰু বংগোপসাগৰৰ ধ্বংসৰ পৰিমাণৰ ওপৰত ভিত্তি কৰি তলত উল্লেখ কৰা মানদণ্ডটো তৈয়াৰ কৰিছে ৷ উল্লেখ্য যে, এই মানদণ্ডক বিশ্ব বতৰ বিজ্ঞান সংস্থায়ো গ্ৰহণ কৰিছে ৷

Cyclones at a glance
ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ মাণদণ্ড অনুসৰি ঘূৰ্ণীবতাহ

বতাহৰ বেগ আৰু দুৰ্যোগৰ পৰিমাণৰ ওপৰত ভিত্তি কৰি ঘূৰ্ণীবতাহক তলত উল্লেখ কৰা পাঁচটা ভাগত বিভক্ত কৰা হয়-

Cyclones at a glance
বতাহৰ বেগ আৰু দুৰ্যোগৰ পৰিমাণৰ ওপৰত ভিত্তি কৰি ঘূৰ্ণীবতাহ

ঘূৰ্ণীবতাহৰ নামাকৰণঃ

2000 চনত WMO/ESCAP(World Meteorological Organisation/United Nations Economic and Social Commission for Asia and the Pacific) নামে ৰাষ্ট্ৰৰ এটা দলে ঘূৰ্ণীবতাহৰ নামাকৰণৰ আৰম্ভ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ এই ৰাষ্ট্ৰসমূহৰ ভিতৰত আছিল বাংলাদেশ,ভাৰত,মালদ্বীপ, ম্যানমাৰ,ওমান, পৰিস্তান,শ্ৰী লংকা আৰু থাইলেণ্ড ৷ ইয়াৰ পিছতেই প্ৰতিখন ৰাষ্ট্ৰই ঘূৰ্ণীবতাহৰ বিভিন্ন নামৰ পৰামৰ্শ WMO/ESCAPলৈ পঠিয়াই আৰু ইয়াৰ পৰাই ‘ক্ৰান্তীয় ঘূৰ্ণীবতাহ’ নামটো চূড়ান্ত কৰা হয় ৷ 2018 চনত WMO/ESCAP এ ইৰাণ, কটৰ, চৌদী আৰৱ, ইউ এ ই আৰু য়েমেনক ইয়াৰ অন্তৰ্ভূক্ত কৰে ৷

উল্লেখ্য যে, 2004 চনটেই থাইলেণ্ডে ‘আম্ফান’ নামটোৰ পৰামৰ্শ দিছিল ৷ ঘূৰ্ণী বতাহৰ নামৰ প্ৰথম তালিকাখন 2004 চনত প্ৰকাশ পাইছিল, য’ত 8 খন দেশে 64 টা নামৰ পৰামৰ্শ প্ৰদান কৰিছিল আৰু এই তালিকাখনৰেই শেষৰ নামটো আছিল ‘আম্ফান’ ৷

ঘূৰ্ণীবতাহৰ নামাকৰণৰ প্ৰয়োজনীয়তাঃ

ঘূৰ্ণীবহাতৰ নামকৰণে সংখ্যা আৰু বিভিন্ন কাৰিকৰী নামৰ সলনি সাধাৰণভাৱে ইয়াক মনত ৰখাত সহায় কৰে ৷ সাধাৰণ লোকৰ উপৰিও ই বৈজ্ঞানিক, সংবাদক্ষেত্ৰ আৰু দুৰ্যোগ প্ৰশমন বিভাগকো ইয়াক সহজ অৰ্থত জনসাধাৰক বুজাই দিয়াত সহায় কৰে ৷

ঘূৰ্ণীবতাহৰ নামাকৰণৰ ক্ষেত্ৰত সকলো দেশেই তলত উল্লেখ কৰা নিৰ্দেশনাসমূহ মানি চলিব লাগে-

  • প্ৰস্তাৱিত নামটো ৰাজনীতি আৰু ৰাজনৈতিক ব্যক্তি, ধৰ্মীয় আস্থা, সংস্কৃতি আৰু লিংগ ভেদে সমান হ’ব লাগিব ৷
  • নামটো এনেদৰে নিৰ্বাচন কৰিব লাগিব যাতে ই বিশ্বৰ কোনো জনসাধাৰণৰ মনত আঘাত সানিব নোৱাৰে ৷
  • ই ৰুক্ষ বা নিষ্ঠুৰ প্ৰকৃতিৰ হ’ব নোৱাৰিব ৷
  • ই চুটি আৰু উচ্চাৰণ কৰিবলৈ সহজ হ’ব লাগিব ৷
  • নামৰ সৰ্বোচ্চ দৈঘ্য 8 টা আখৰৰ হ’ব লাগিব ৷
  • ওপৰত উল্লিখিত মানদণ্ডত থিয় হ’ব নোৱাৰিলে পেনেলে নমাটো প্ৰত্যাখ্যান কৰিব পাৰিব ৷

ভাৰতত ঘূৰ্ণী বতাহে সৃষ্টি কৰা দুৰ্যোগৰ বিৱৰণঃ

বিভিন্ন ধৰণৰ দুৰ্যোগৰ ক্ষেত্ৰত ভাৰত কেইবা ঠাইটো দুৰ্বল ৷ ভাৰতৰ 58.6 শতাংশতকৈয়ো অধিক ভূ-ভাগ উচ্চ প্ৰাবল্যৰ ভূমিকম্প প্ৰৱণ ৷ 40 মিলিয়ন হেক্টৰ(12%) ভূমি গৰাখহনীয়া আৰু বানপানী প্ৰৱণ ৷ আনহাতে, 7,516 কিলোমিটাৰ দৈৰ্ঘৰ উপকূলীয় ৰেখাৰ প্ৰায় 5,700 কিলোমিটাৰ ঘূৰ্ণী বতাহ আৰু চূনামী প্ৰৱণ অঞ্চল ৷ ইয়াৰ উপৰিও কৃষি উপযোগী 68% অঞ্চল শুকান আৰু পাহাৰীয়া অঞ্চলসমূহ ভূমিস্খলন আৰু হিমস্খলন প্ৰৱণ ৷

ভূমিস্খলৰ পূৰ্বে কৰিবলগীয়া আৰু কৰিব নলগা সমূহ-

ঘূৰ্ণীবহাত বহৰৰ পূৰ্বে-

  • নিজৰ থকা ঘৰটো ভালদৰে নিৰীক্ষণ কৰক ৷
  • ঘৰৰ কাষত থকা গছৰ ঠাল-ঠেঙুলি আৰু মৃত গছসমূহ অপসাৰণ কৰক ৷
  • ঘৰৰ গ্লাচৰ খিৰিকীসমূহ ৰক্ষা কৰাৰ বাবে কিছু কাডৰ বোৰ্ড প্ৰস্তুত ৰাখক ৷
  • কেৰচনিৰ চাকি, বেটেৰী চালিত টৰ্চ বা বেটেৰী প্ৰস্তুত কৰি ৰাখক ৷
  • জৰুৰীকালীন অৱস্থাৰ বাবে কিছু শুকান খাদ্য যোগাৰ কৰি ৰাখক ৷

ঘূৰ্ণীবতাহ চলি থকা সময়তঃ

  • ৰেডিঅ’ শুনক ৷
  • সজাগতাসমূহ সকলোসময়তে নিৰীক্ষণ কৰি থাকক ৷ ই ঘূৰ্ণী বতাহৰ সময়ত জৰুৰী কালীন অৱস্থাৰ সৃষ্টি হ’লে সহায়ক হ’ব ৷
  • তথ্যসমূহ অন্য লোকৰ সৈতে ভগাই লওক ৷
  • ভুৱা বাতৰিৰ পৰা আঁতৰত থাকক লগতে নিজেই ভুৱা বাতৰি প্ৰচাৰ কৰাৰ পৰা বিৰত থাকক ৷
  • চৰকাৰী তথ্যৰ ওপৰতহে বিশ্বাস কৰিব ৷
  • পৰৱৰ্তী 24 ঘন্টাৰ বাবে প্ৰস্তুত থাকক ৷ কাৰণ ঘূৰ্ণী বতাহৰ সতৰ্কতা মানে বিপদ আগন্তক 24 ঘন্টাৰ ভিতৰত আৰম্ভ হোৱাৰ সম্ভাৱনা ৷
  • আপোনাৰ ঘৰৰ বৈদ্যুতিক সৰঞ্জামসমূহ বন্ধ কৰি ৰাখক ৷

ঘূৰ্ণী বতাহৰ পিছত গ্ৰহণ কৰিবলগীয়া ব্যৱস্থাসমূহঃ

  • আপোনাক নিজৰ ঘৰলৈ উভটি যোৱাৰ নিৰ্দেশনা প্ৰদান নকৰা পৰ্যন্ত আশ্ৰয়স্থলীতে থাকক ৷
  • বৈদ্যুতিক খুটিৰ পৰা ওলমি থকা তাঁৰ আদিৰ পৰা আঁতৰত থাকক ৷
  • সাৱধানতা অৱলম্বন কৰি বাহন চলাওক ৷
  • আপোনাৰ ঘৰৰ কাষৰ ধ্বংসাৱশেষ সমূহ অনতি পলমে পৰিস্কাৰ কৰক ৷
  • বিভাগীয় কৰ্তৃপক্ষক ধ্বংসৰ বিষয়ে অৱগত কৰক ৷

বংগোপসাগৰৰ ভয়াৱহ ঘূৰ্ণীবতাহসমূহঃ
Cyclones at a glance
বংগোপসাগৰৰ ভয়াৱহ ঘূৰ্ণীবতাহসমূহ

ভাৰতক স্পৰ্শ কৰি যোৱা গুৰুত্বপূৰ্ণ ঘূৰ্ণীবতাসমূহঃ
Cyclones at a glance
ভাৰতক স্পৰ্শ কৰি যোৱা গুৰুত্বপূৰ্ণ ঘূৰ্ণীবতাসমূহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.