নেশ্যনেল ডেস্ক,25 মে’: আসন্ন তীব্ৰবেগী ঘূৰ্ণী বতাহ য়াছৰ ফলত ওড়িশা আৰু পশ্চিমবংগৰ সীমান্তত ভূমিস্খলন হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই ৷ বতৰ বিজ্ঞান কেন্দ্ৰৰ এই তথ্যৰ ভিত্তিত ইতিমধ্যে জিলা দুখনৰ প্ৰশাসনে স্থানীয় লোকসকলক বাসগৃহৰ পৰা জগতসিংপুৰ জিলাৰ আশ্ৰয়গৃহলৈ স্থানান্তৰ কৰিছে ।
ঘূৰ্ণীবতাহ য়াছে ২৬ মে'ৰ দুপৰীয়া বালাচোৰৰ ওচৰৰ পাৰাদ্বীপ আৰু সাগৰ দ্বীপৰ মাজেৰে অতিক্ৰম কৰাৰ সম্ভাৱনা ব্যক্ত কৰিছে ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই । ওড়িশাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়কে সোমবাৰে ঘূৰ্ণীবতাহ প্ৰৱণ অঞ্চলত থকা লোকসকলক আশ্ৰয়গৃহলৈ যাবলৈ অনুৰোধ জনায় । মুখ্যমন্ত্ৰী গৰাকীয়ে প্ৰতিটো জীৱন ৰক্ষা কৰা প্ৰথম দায়িত্ব বুলি উল্লেখ কৰি ঘূৰ্ণীবতাহ প্ৰৱণ অঞ্চলৰ সকলো লোকক আশ্ৰয় গৃহলৈ যাবলৈ আৰু প্ৰশাসনৰ সৈতে সহযোগিতা কৰিবলৈ অনুৰোধ জনায় ৷
আনহাতে, ওড়িশা চৰকাৰে সোমবাৰে ঘূৰ্ণীবতাহ য়াছৰ ফলত ৰাজ্যখনত ব্যাপক ক্ষতিৰ আশংকা কৰি শীৰ্ষ বিষয়া-কৰ্মচাৰীক জিলাসমূহক সাহায্য, পুন সংস্থাপন আৰু পুনৰুদ্ধাৰৰ কাম তদাৰক কৰিবলৈ দায়িত্ব প্ৰদান কৰে । ওড়িশাৰ অতিৰিক্ত সচিব ইন্দ্ৰমানী ত্ৰিপাঠীয়ে আই এ এছ বিষয়াসকলৰ তালিকা তৈয়াৰ কৰি এই নিৰ্দেশ জাৰি কৰে ৷
লগতে পঢ়ক : অখিলক লৈ মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্যত ৰাছেল হুছেইনৰ প্ৰতিক্ৰিয়া