ETV Bharat / bharat

Cyclone Biparjoy : আজি বিয়লি গুজৰাটত প্ৰৱেশৰ সম্ভাৱনা, বিপৰ্যয়ৰে মোকাবিলা কৰিবলৈ সাজু নৌসেনা

ঘূৰ্ণীবতাহ বিপৰ্যয়ে আজি গুজৰাটৰ স্থলভাগত প্ৰৱেশ কৰিব ৷ যাৰবাবে সষ্টম হৈছে প্ৰশাসন (Cyclone Biparjoy landfall update) ৷ নিয়োগ কৰা হৈছে NDRF, SDRF আৰু বিভিন্ন চৰকাৰী বিভাগক ৷ ক্ষয়-ক্ষতিৰ সম্ভাৱনা থকা অঞ্চলসমূহ সাজু কৰা হৈছে ৷

Cyclone Biparjoy landfall latest updates
ঘূৰ্ণীবতাহ বিপাৰজয়ে আজি গুজৰাটৰ স্থলভাগত প্ৰৱেশ কৰিব
author img

By

Published : Jun 15, 2023, 10:31 AM IST

নেশ্যনেল ডেস্ক, ১৫ জুন : আহি পালে কাল বিপৰ্যয় ৷ বৃহস্পতিবাৰে পুৱতি নিশা ২:৩০ বজাত বিপাৰ্যয় জাখৌ বন্দৰৰ (গুজৰাট)ৰ পৰা প্ৰায় ২০০ কিলোমিটাৰ পশ্চিম-দক্ষিণ কেন্দ্ৰ কৰি অৱস্থান কৰিছে (west-southwest of Jakhau Port) । বতৰ বিজ্ঞান বিভাগে জনোৱা অনুসৰি, আজি অৰ্থাৎ ১৫ জুনৰ বিয়লি ৪ বজাৰ পৰা ৮ বজাৰ ভিতৰত স্থলপথত প্ৰৱেশ কৰিব ঘূৰ্ণীবতাহ ‘বিপাৰ্যয়’ ৷ যাৰ বাবে একপ্ৰকাৰে সাজু হৈ আছে গুজৰাট প্ৰশাসন (Cyclone Biparjoy landfall) ৷ আনকি ৰাজ্যখনৰ পশ্চিমাংশ খালী কৰা হৈছে ৷ লগতে দুৰ্যোগ ব্যৱস্থাপনা কৰ্মীকো নিয়োগ কৰা হৈছে ।

শেহতীয়া তথ্য অনুসৰি, বৃহস্পতিবাৰে পুৱাৰে পৰা বিভাগীয় কৰ্তৃপক্ষই উপকূলীয় বাদ পৰি ৰোৱা অঞ্চলসমূহ খালী কৰাৰ কাম আৰম্ভ কৰি গৈছে (Cyclone Biparjoy landfall update) ৷ যাতে এই ভয়াৱহ ঘূৰ্ণীবতাহৰ ফলত কোনো মানুহৰ যাতে লোকচান নহয় । মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা প্ৰকাশিত এক বিবৃতিত ৰাজ্য চৰকাৰে ৮ খন উপকূলীয় জিলাৰ দুৰ্বল অঞ্চলৰ পৰা ৭৪ হাজাৰৰো অধিক লোকক সুৰক্ষিত স্থানলৈ উলিয়াই আনিছে ।

  • VSCS Biparjoy over Northeast Arabian Sea at 0230 hours IST of 15th June, 2023 about 200 km west-southwest of Jakhau Port (Gujarat). To cross Saurashtra & Kutch and adjoining Pakistan coasts between Mandvi and Karachi near Jakhau Port by evening of 15th June as a VSVS. pic.twitter.com/2mnj4zC4sy

    — India Meteorological Department (@Indiametdept) June 15, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

কচ্ছ জিলাৰ জাখাউ বন্দৰৰ সমীপত স্থলপথত প্ৰৱেশ কৰাৰ সম্ভাৱনা থকা এই ঘূৰ্ণীবতাহৰ ফলত ইতিমধ্যে সৌৰাষ্ট্ৰ-কচ্ছ অঞ্চলৰ কিছু অংশত প্ৰৱল বৰষুণ আৰু প্ৰচণ্ড বতাহ বলিছে । গুজৰাট, কেৰালা, তামিলনাডু, কৰ্ণাটক, মহাৰাষ্ট্ৰ, ৰাজস্থান, মধ্যপ্ৰদেশ, গোৱা, দমন দিউ, লক্ষদ্বীপ, দাদৰ আৰু নাগাৰাজুন হাভেলীৰ বাবে বতৰ বিজ্ঞান কেন্দ্ৰই সতৰ্কবাণী প্ৰকাশ কৰিছে । গুজৰাটৰ উপকূলীয় অঞ্চলৰ বেছিভাগ ঠাইতে বুধবাৰে ঘূৰ্ণীবতাহৰ ব্যৱস্থাৰ ফলত অতি প্ৰবল বৃষ্টিপাত হোৱা পৰিলক্ষিত হয় ৷ বতৰ বিজ্ঞান কেন্দ্ৰই জনোৱা মতে, বৃহস্পতিবাৰে কচ্ছ, দেৱভূমি দ্বাৰকা আৰু জামনগৰৰ লগতে আম কেবাটাও অঞ্চলত প্ৰৱল বৃষ্টিপাত হোৱাৰ সম্ভাৱনা আছে ৷

ভাৰতীয় নৌ সেনাৰ জাহাজ সাজু :

ভাৰতীয় নৌ সেনাই বুধবাৰে উল্লেখ কৰা অনুসৰি, তেওঁলোকে HADR ইটাৰে সজ্জিত চাৰিখন জাহাজৰ ব্যৱস্থা কৰিছে ৷ তদুপৰি পোৰবন্দৰ আৰু ওখা দুয়োখনতে পাঁচটা সাহায্য দলৰ লগতে ভালছুৰাত ১৫ টা সাহায্য দলে অসামৰিক কৰ্তৃপক্ষক সাহায্য আৰু সহায় আগবঢ়াবলৈ সাজু হৈ আছে । তদুপৰি গোৱাৰ আই এন এছ হান্সা আৰু মুম্বাইৰ আই এন এছ শিকৰাত নিয়োজিত হেলিকপ্টাৰসমূহ গুজৰাটলৈ তাৎক্ষণিক যাতায়ত কৰিবলৈ সাজু হৈ আছে ৷

সষ্টম প্ৰশাসন :

বুধবাৰে গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলে জ্যেষ্ঠ বিষয়াৰ সৈতে ৰাজ্যখনৰ সামগ্ৰিক পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰে ৷ লগতে প্ৰস্তুতিৰ সন্দৰ্ভতো পৰ্যালোচনা কৰে । কেন্দ্ৰীয় পৰ্যায়ত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী মানসুখ মাণ্ডবিয়া আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে পৃথকে পৃথকে ঘূৰ্ণীবতাহৰ প্ৰভাৱ নিয়ন্ত্ৰণৰ ব্যৱস্থাসমূহ পৰীক্ষা কৰে ।

ভাৰতৰ বতৰ বিজ্ঞান বিভাগে উল্লেখ কৰা অনুসৰি, বিপৰ্যয়ে নিজৰ পথ সলনি কৰি উত্তৰ-পূবৰ ক্চ্ছ আৰু সৌৰাষ্ট্ৰৰ দিশে আগবাঢ়িব । এই ভয়াৱহ ঘূৰ্ণীবতাহ স্থলভাগত প্ৰৱেশ কৰাৰ আশা কৰা হৈছে ৷ বতাহৰ গতিবেগ ঘণ্টাত ১২৫-১৩৫ কিলোমিটাৰ আৰু ধুমুহাৰ গতিবেগ ঘণ্টাত ১৪৫ কিলোমিটাৰ পৰ্যন্ত হ’ব । সেয়ে গুজৰাট চৰকাৰে ক্চ্ছ অঞ্চলকে আদি কৰি বিস্তৰ ক্ষতি হ’ব পৰা কেবাটাও অঞ্চল খালী কৰা হৈছে ৷ উপকূলৰ পৰা ১০ কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত বাস কৰা লোকসকলক অস্থায়ী আশ্ৰয় শিবিৰলৈ স্থানান্তৰ কৰা হৈছে ।

ৰাজ্যিক সাহায্য আয়ুক্ত আলোক কুমাৰ পাণ্ডেই বুধবাৰে সন্ধিয়া অঞ্চল খালী কৰণ সন্দৰ্ভত কয়, ‘‘বৰ্তমান ঘূৰ্ণীবতাহ ক্চ্ছৰ পৰা প্ৰায় ২৯০ কিলোমিটাৰ দূৰত । সতৰ্কতামূলক ব্যৱস্থা হিচাপে আমি ইতিমধ্যে উপকূলীয় অঞ্চলত বাস কৰা প্ৰায় ৫০ হাজাৰ লোকক স্থানান্তৰিত কৰিছো । তাৰ পিচত ৫,০০০ ব্যক্তিক সন্ধিয়াৰ শেষৰ ফালে নিৰাপদ স্থানলৈ স্থানান্তৰ কৰা হ'ব’’ ।

উপকূলীয় অঞ্চলৰ পৰা খালী কৰা লোকসকলৰ ভিতৰত আছে প্ৰায় ১৮ হাজাৰ ব্যক্তি, যিসকলক ক্চ্ছ জিলাৰ আশ্ৰয় শিবিৰলৈ স্থানান্তৰ কৰা হৈছে ৷ বাকীসকলক জুনাগড়, জামনগৰ, পোৰবন্দৰ, দেৱভূমি দ্বাৰকা, মৰ্বি, আৰু ৰাজকোটৰ পৰা স্থানান্তৰ কৰা হৈছে । NDRF, SDRF আৰু বিভিন্ন চৰকাৰী বিভাগকে ধৰি বিভিন্ন উপকূলীয় জিলাত সাহায্য আৰু সহায় আগবঢ়াবলৈ একাধিক দল নিয়োগ কৰা হৈছে ।

আজিও বন্ধ মন্দিৰ :

জাখৌ বন্দৰৰ সমীপত ঘূৰ্ণীবতাহ ‘বিপৰ্যয়’ৰ স্থলভাগৰ আশাৰ পৰিপ্ৰেক্ষিতত স্থানীয় প্ৰশাসনে দেৱভূমি দ্বাৰকা জিলাৰ বিখ্যাত দ্বাৰকাধীশ মন্দিৰ ভক্তৰ বাবে বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । দ্বাৰকাৰ মহকুমাধিপতি তথা দ্বাৰকাধীশ মন্দিৰ ট্ৰাষ্টৰ প্ৰশাসক পাৰ্থ তালছানিয়াই জনোৱা মতে, বৃহস্পতিবাৰেও মন্দিৰটো ভক্ত আৰু দৰ্শনাৰ্থীৰ বাবে বন্ধ থাকিব । ঘূৰ্ণীবতাহৰ সতৰ্কবাণীৰ প্ৰতি লক্ষ্য ৰাখি সকলোৰে সুৰক্ষাৰ বাবে এই সিদ্ধান্ত লোৱা হৈছে ৷

অৱশ্যে দৈনন্দিন ৰীতি-নীতি অনুসৰি পুৰোহিতসকলে সকলো কাৰ্য সম্পন্ন কৰিব ৷ সেই সকলো দৃশ্যাংশ মন্দিৰৰ ৱেবছাইটৰ লগতে চ’চিয়েল মিডিয়া হেণ্ডেলতো ভক্তসকলে ইয়াক লাইভ চাব পাৰিব । গিৰ সোমনাথ জিলাত বৃহস্পতিবাৰেও খোলা থাকিব বিখ্যাত সোমনাথ মন্দিৰ ৷ কিন্তু মন্দিৰ পৰিচালনা সমিতিয়ে ভক্তসকলক মন্দিৰ দৰ্শন নকৰিবলৈ আহ্বান জনাইছে ।

লগতে পঢ়ক : Cyclone Biparjoy updates :50 হাজাৰৰো অধিক লোকক সুৰক্ষিত স্থানলৈ স্থানান্তৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.