ETV Bharat / bharat

ড্ৰাগছৰ গোচৰ সন্দৰ্ভত আৰু বহু লোক কৰায়ত্ত হোৱাৰ সম্ভাৱনাঃ এন চি বিৰ সকীয়নি - নাৰ্ক'টিক ড্ৰাগছ এণ্ড চাইকোট্ৰপিক চাবষ্টেন্স আইন

মুম্বাইৰ পৰা গোৱা অভিমুখী ক্ৰুজত চলা পাৰ্টীত ড্ৰাগছৰ ব্যৱহাৰ সম্পৰ্কীয় গোচৰৰ তদন্ত অব্যাহত থকাৰ মাজতে নাৰ্ক'টিক্স কন্ট্ৰল ব্যুৰ'ৰ মুম্বাই শাখাৰ সঞ্চালক সমীৰ ৱাংখেড়েই এক গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে । তেওঁ জনোৱা মতে, এতিয়াও এই গোচৰৰে জড়িত আৰু বহু লোকক সন্দেহজনক লোকৰ ওপৰত দৃষ্টি ৰাখিছে নাৰ্ক'টিক্স কন্ট্ৰল ব্যুৰ'ই । যোৱা ২ অক্টোবৰত পাৰ্টী চলি থকা অৱস্থাতে এখন ক্ৰুজত অভিযান চলাইছিল নাৰ্ক'টিক্স কন্ট্ৰল ব্যুৰ'ই ।

Cruise ship party case
ড্ৰাগছৰ গোচৰ সন্দৰ্ভত আৰু বহু লোক কৰায়ত্ত হোৱাৰ সম্ভাৱনা
author img

By

Published : Oct 5, 2021, 11:16 AM IST

নেশ্যনেল ডেস্ক, ৫ অক্টোবৰ : ড্ৰাগছৰ যোগান ধৰি নৱ প্ৰজন্মক ধ্বংসৰ গৰাহলৈ ঠেলি দিয়া মুম্বাইৰ বহু অসাধু লোক শীঘ্ৰেই নাৰ্ক'টিক্স কন্ট্ৰল ব্যুৰ'ৰ জালত পৰাৰ সম্ভাৱনা আছে । শেহতীয়াকৈ নাৰ্ক'টিক্স কন্ট্ৰল ব্যুৰ'(Narcotics Control Bureau)ৰ মুম্বাই শাখাৰ সঞ্চালক সমীৰ ৱাংখেড়েই প্ৰকাশ কৰা মন্তব্যই এই কথাৰেই ইংগিত দিছে ।

তেওঁ কয় যে, মুম্বাইৰ পৰা গোৱা অভিমুখী ক্ৰুজত চলা পাৰ্টী সন্দৰ্ভত ৰুজু হোৱা গোচৰৰে বহু সন্দেহযুক্ত লোক জড়িত আছে । এই সন্দৰ্ভত তদন্ত অব্যাহত আছে বুলিও তদন্তকাৰী বিষয়াগৰাকীয়ে মন্তব্য কৰে । তেওঁ লগতে জানিবলৈ দিয়ে যে, এতিয়ালৈকে মুঠ আঠজন লোকক আদালতত হাজিৰ কৰোৱা হৈছে । ইয়াৰে ৫ জনক গ্ৰেপ্তাৰ কৰা হৈছে আৰু চাৰি দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে ।

উল্লেখ্য যে, এন চি বিৰ এটা দলে যোৱা ২ অক্টোবৰৰ নিশা মাজ সাগৰতে গোৱা অভিমুখী কৰ্ডেলিয়া ক্ৰুজত ড্ৰাগছ পাৰ্টী চলি থকা অৱস্থাতে অভিযান চলাইছিল । সঞ্চালক সমীৰ ৱাংখেড়েৰ মতে, ক্ৰুজখনত ড্ৰাগছ জব্দ কৰাৰ সন্দৰ্ভত এন চি বিয়ে আঠজন লোকক সোধ-পোছৰ বাবে আটক কৰিছিল আৰু পাচত ৩ অক্টোবৰত আটাইকেইজনকে গ্ৰেপ্তাৰ কৰা হয় ।

শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ান খান, আৰবাজ ছেথ মাৰ্চেণ্ট আৰু মুনমুন ধামেচাকে ধৰি তিনিজন অভিযুক্তক মুম্বাইৰ এস্প্লেনেড আদালতত হাজিৰ কৰোৱা হয় । আদালতে আটাইকে ৪ অক্টোবৰ পৰ্যন্ত এন চি বিৰ জিম্মালৈ প্ৰেৰণ কৰে ।

এন চি বিয়ে জনোৱা তথ্য অনুসৰি, তিনিজন অভিযুক্তৰ বিৰুদ্ধে নাৰ্ক'টিক ড্ৰাগছ এণ্ড চাইকোট্ৰপিক চাবষ্টেন্স আইন(Narcotic Drugs and Psychotropic Substances Act)ৰ ৮চি, ২০বি, ২৭ আৰু ৩৫ নং ধাৰাৰ অধীনত গোচৰ ৰুজু কৰা হৈছে । আৰিয়ান খানৰ অধিবক্তা সতীশ মানেশিন্দে আদালতত যুক্তি দৰ্শাই যে, আৰিয়ান খানক ক্ৰুজ পাৰ্টীৰ বাবে আমন্ত্ৰণ জনোৱা হৈছিল ।

তেওঁৰ লগত বৰ্ডিং পাছ নাছিল আৰু তেওঁৰ বাবে কোনো আসন অথবা কেবিন বুক কৰা হোৱা নাছিল । লগতে তেওঁৰ পৰা অভিযানকাৰী দলটোৱে কোনো নিচাজাতীয় দ্ৰব্য জব্দ কৰা নাছিল । কেৱল হোৱাটছএপৰ জৰিয়তে হোৱা বাৰ্তালাপৰ ওপৰত ভিত্তি কৰি আৰিয়ানক গ্ৰেপ্তাৰ কৰা হৈছে । আনহাতে, এই গোচৰটোৰ আন অভিযুক্তসকল হৈছে নুপুৰ সতীজা, ঈশমিত সিং চাধা, মোহক জয়ছোৱাল, গোমিত চোপ্ৰা আৰু বিক্ৰান্ত ছ'কাৰ ।

লগতে পঢ়ক:পাকিস্তানে শান্তিৰ কথা কয়; কিন্তু ইয়াৰ প্ৰধানমন্ত্ৰীয়ে সন্ত্ৰাসবাদীক শ্বহীদ আখ্যা দিয়ে !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.