ETV Bharat / bharat

ইতিহাস ! দেশৰ প্ৰথমটো পূৰ্ণকালীন মহিলা কোব্ৰা বেটালিয়ন মুকলি - চিআৰপিএফ মহিলা বেটালিয়ন

বিশ্বৰ সৰ্ববৃহৎ অৰ্ধসামৰিক বাহিনী কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ 88 নং মহিলা বেটালিয়নৰ 35 সংখ্যক প্ৰতিষ্ঠা দিৱসৰ দিনটোৱে নক্সালবিৰোধী অভিযানৰ বাবে বাহিনীৰ কোব্ৰা কামাণ্ডো বেটালিয়নত সংযোজিন কৰা হয় মহিলা কামাণ্ডোৰ এটা বেটালিয়ন ৷ মহিলা ব্ৰাছ বেণ্ডৰ সৈতে একেলগে কামাণ্ডো বেটালিয়নটো কোব্ৰাৰ সৈতে সংযুক্ত কৰা হয় ৷ এতিয়াৰে পৰা পুৰুষ বেটালিয়নৰ সমানেই মহিলা কামাণ্ডোসকলে নক্সাল অধ্যুষিত অঞ্চলত নিজৰ কৰ্তব্য সমাপন কৰিব ৷

কোব্ৰা কামাণ্ডোত আনুষ্ঠানিকভাৱে সংযোজিন মহিলা কামাণ্ডো

author img

By

Published : Feb 6, 2021, 4:01 PM IST

নিউজ ডেস্ক, 6 ফেব্ৰুৱাৰী : শনিবাৰৰ দিনটোতে ইতিহাস ৰচনা কৰি ভাৰতীয় সামৰিক-অৰ্ধসামৰিক বাহিনীত প্ৰথমবাৰৰ বাবে সংযোজন কৰা হ’ল দেশৰ প্ৰথমটো পূৰ্ণকালীন মহিলা কামাণ্ডো বেটালিয়ন ৷ বিশ্বৰ সৰ্ববৃহৎ অৰ্ধসামৰিক বাহিনী; ভাৰতৰ কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ 88 নং মহিলা বেটালিয়নৰ 35 সংখ্যক স্থাপনা দিৱসৰ দিনটোতে চিআৰপিএফৰ কোব্ৰা বেটালিয়নত আনুষ্ঠানিকভাৱে নিয়োগ কৰা হয় ব্ৰাছ বেণ্ডসহ মহিলা কামাণ্ডোৰ দলটো ৷

লগতে পঢ়ক : জয় হিন্দ: ইটিভি ভাৰত আৰু চিআৰপিএফৰ সৈতে গণৰাজ্য দিৱস বিশেষ

দেশৰ তথা বিশ্বৰ প্ৰথমটো মহিলা অৰ্ধসামৰিক বেটালিয়ন হিচাপে চিআৰপিএফৰ 88 বেটালিয়নক আজিৰ দিনটোতে 35 বৰ্ষ পূৰ্বে সেৱাত নিয়োজিত কৰি প্ৰতিষ্ঠা কৰা হৈছিল ৷ গুৰগাঁওস্থিত বেটালিয়ন মুখ্যালয়ত শনিবাৰে অনুষ্ঠিত হোৱা স্থাপনা দিৱস কাৰ্যসূচীতে বেটালিয়নৰ 6 টাকৈ কোম্পানীৰ 34 গৰাকী মহিলা কামাণ্ডোক 3 মাহযোৰা কঠোৰ প্ৰশিক্ষণৰ অন্তত চিআৰপিএফৰ কোব্ৰা বাহিনীত সংযোজিত কৰা হয় ৷

  • Congratulations to the personnel of 88 Mahila battalion- the first woman battalion of India as the Battalion celebrates its 35th Raising Day. Several gallantry medals including the Ashok Chakra and supreme sacrifice of 7 Bravehearts speaks volumes of your valour and courage. pic.twitter.com/o3i6Y5WumJ

    — 🇮🇳CRPF🇮🇳 (@crpfindia) February 6, 2021 " class="align-text-top noRightClick twitterSection" data=" ">

তিনিমাহৰ প্ৰশিক্ষণত তেওঁলোকক স্বয়ংচালিত অত্যাধুনিক অস্ত্ৰ প্ৰণালী, অত্যাধুনিক আৰু কঠোৰ সমৰ-কলা তথা জংঘল জীৱন যাপন, বিস্ফোৰক, নক্সা নিৰীক্ষণ আদি বিভিন্ন প্ৰশিক্ষণ প্ৰদান কৰা হৈছিল আৰু আজি অনুষ্ঠিত হোৱা স্থাপনা দিৱসত কোব্ৰাৰ পুৰুষ কামাণ্ডোৰ সমান্তৰালকৈ এইসকল মহিলা কামাণ্ডোৱে এতিয়াৰে পৰা চুকমা, ডান্টেৱাৰা আদিৰ দৰে নক্সাল অধ্যুষিত অঞ্চলত কৰ্তব্যত নিয়োজিত হ’ব বুলি জানিবলৈ দিয়ে চিআৰপিএফে ৷

লগতে পঢ়ক : গুৰুগ্ৰামত কেন্দ্ৰীয়ভাৱে RAFৰ 28 সংখ্যক স্থাপনা দিৱস উদযাপন

স্থাপনা দিৱসৰ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থকা চিআৰপিএফৰ মহানিৰ্দেশক এপি মাহেশ্বৰীয়ে সামৰিক-অৰ্ধসামৰিক-পেৰামিলিটাৰী বাহিনীত লিংগ সমতা স্থাপনৰ লগতে মহিলা সৱলীকৰণৰ এক সুন্দৰ আৰু শৃংখলাবদ্ধ উন্নয়ন বুলি উল্লেখ কৰে ৷

  • History in making: The first batch of CRPF Women Warriors joins the elite CoBRA. The batch will undergo strenuous @CoBRASECTORHQ pre-induction training and will then be posted in LWE areas alongside their male counterparts.

    Congratulations to the new entrants.#Narishakti pic.twitter.com/wshaOW2gAe

চিআৰপিএফৰ 88 বেটালিয়নে নিজৰ 34 বছৰীয়া কাৰ্যকালত দেশ সেৱাৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে ৷ বেটালিয়নে দেশৰ বিভিন্ন প্ৰান্তৰ লগতে ৰাষ্ট্ৰসংঘৰ শান্তিৰক্ষী বাহিনীৰ অভিযানটো অংশগ্ৰহণ কৰি নিজৰ অৱদান আগবঢ়াইছে ৷ সেৱাত নিয়োজিত হৈ থকা অৱস্থাতে বেটালিয়নৰ 7গৰাকী জোৱানে দেশৰ বাবে আত্মবলিদান দিছে ৷ বেটালিয়নে বহুকেইটা সাহসিক বঁটাৰ লগতে অশোক চক্ৰও লাভ কৰিবলৈ সক্ষম হৈছে ৷

লগতে পঢ়ক : 76 গৰাকী চিআৰপিএফ শ্বহীদ হোৱা দিনটোৰ এটা দশক !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.