নেশ্যনেল ডেস্ক, 12 নৱেম্বৰ : উত্তৰ প্ৰদেশৰ চাচেন্দি আৰক্ষী থানা অঞ্চলৰ কানপুৰ-ঝান্সি ৰে’ললাইনত তীব্ৰবেগী ৰে’লৰ খুন্দাত দুই যুৱকৰ কৰুণ মৃত্যু ৷ মৃত যুৱক দুজন আশীষ কুমাৰ (১৮) আৰু সুভাষ কুমাৰ (২০) বুলি জানিব পৰা গৈছে ৷ ঘটনাৰ বিৱৰণী অনুসৰি, কানপুৰ-ঝান্সি ৰে’ললাইনত শনিবাৰে দুই যুৱকে মোবাইলত দক্ষিণ আফ্ৰিকা আৰু আফগানিস্তানৰ খেল চাই আছিল ৷ দুয়োৰে কাণত ইয়াৰফোন লাগি আছিল ৷ ফলত দুই যুৱকে দ্ৰুতগতিত আহি থকা ৰে’লখনৰ হৰ্ণ শুনি পোৱা নাছিল ৷ ইয়াৰ ফলত, ৰেলৰ খুন্দাত ঘটনাস্থলীতে যুৱকদ্বয়ৰ মৃত্যু হয় ।
জানিব পৰামতে, যুৱকদ্বয়ে যোৱা কেইবাদিনৰ পৰা ৰে’ল লাইনত এনেদৰে মোবাইলত খেল উপভোগ কৰি আছিল ৷ কিন্তু শনিবাৰে দিয়া বেয়া আছিল দুই যুৱকৰ ৷ এই দুৰ্ঘটনাৰ পিচতেই ৰে’লপথটোত কিছু সময়ৰ বাবে যান জঁটৰ সৃষ্টি হৈছিল ৷এই তথ্য পোৱাৰ পিছত, আৰক্ষী ঘটনাস্থলীত উপস্থিত হয়। আৰক্ষীয়ে মৃতদেহকেইটা চিনাক্ত কৰি পৰিয়ালক অৱগত কৰিছিল ৷
ইফালে দুই যুৱকৰ ঘৰত দীপাৱলীৰ বাবে ব্যাপক আয়োজন কৰা হৈছিল ৷ ফলত পৰিয়ালৰ লোক প্ৰস্তুতিত ব্যস্ত আছিল। এই দুৰ্ঘটনাৰ খবৰে দুই যুৱকৰ পৰিয়ালত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল ৷ পৰিয়ালৰ সদস্যসকল ঘটনাস্থলীলৈ আহি নিজ নিজ সন্তানৰ মৃতদেহ চমজি লয় ৷
আশীষৰ পিতৃ বিন্দা প্ৰসাদে এটা ব্যক্তিগত প্ৰতিষ্ঠানত কাম কৰে আনহাতে সুভাষৰ দেউতাক এজন কৃষক। দীপাৱলীৰ দিনা সংঘটিত হোৱা দুৰ্ঘটনাটোৱে দুয়োটা পৰিয়ালৰ মূৰত সৰগ ভাগি পৰাৰ দৰে পৰিস্থিতিৰ উদ্ভৱ কৰিছিল ৷
পৰিয়ালৰ সদস্যই কোৱা অনুসৰি, আশীষ আৰু সুভাষে সেনাত যোগদান কৰিবলৈ প্ৰস্তুতি চলাই আছিল। দুয়োজনে সিদ্ধান্ত লৈছিল যে তেওঁলোকে সেনাত যোগদান কৰি দেশৰ সেৱা কৰিব। স্থানীয় লোকসকলে এই ঘটনাৰ পিচতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, ৰে’লপথত বহা অথবা পাৰ হোৱাৰ সময়ত মোবাইল ফোন ব্যৱহাৰ কৰিব নালাগে । ইয়াৰফোনৰ বাবে শব্দ শুনা নাযায়। এনে পৰিস্থিতিত প্ৰায়ে দুৰ্ঘটনা সংঘটিত হয়, সেয়ে সতৰ্ক হোৱা প্ৰয়োজনীয়।
লগতে পঢ়ক: Mass killings in Sudan: চুডানত বৃদ্ধি হোৱা হিংসাত্মক পৰিস্থিতিত উদ্বেগ প্ৰকাশ ৰাষ্ট্ৰসংঘৰ