ETV Bharat / bharat

Commandant Life Imprisonment : সেনা বিষয়াৰ কন্যাক ধৰ্ষণ কৰা কমাণ্ডেণ্টক যাৱজ্জীৱন কাৰাদণ্ড

author img

By

Published : Aug 11, 2023, 5:52 PM IST

আগ্ৰাত এজন সেনা বিষয়াৰ কন্যাক এজন সেনানায়কে ধৰ্ষণ কৰিছিল । ভুক্তভোগীয়ে সাহ কৰি ঘটনাটো পোহৰলৈ আনে । ঘটনাটোৰ প্ৰায় ১০ বছৰ পিছত অভিযুক্তক শাস্তি প্ৰদান কৰা হৈছে ।

Commandant Life Imprisonment
Commandant Life Imprisonment

নিউজ ডেস্ক, ১১ আগষ্ট : এগৰাকী জ্যেষ্ঠ সেনা বিষয়াৰ কন্যা এজন সেনানায়কৰ হাতত ধৰ্ষণৰ বলি হৈছিল । কেৱল সেয়াই নহয়, অভিযুক্তই এই ঘৃণনীয় কাৰ্যৰ এটা ভিডিঅ'ও বনাইছিল । কিন্তু ভুক্তভোগীয়ে ছয় বছৰ ধৰি ঘটনাটোৰ বিষয়ে কাকো জনাবলৈ সাহস কৰিব পৰা নাছিল । কিন্তু তেওঁৰ বিদ্যালয়ত অনুষ্ঠিত পক্সো আইনৰ ওপৰত এখন কৰ্মশালাই তেওঁক এই অপৰাধটোৰ বিৰুদ্ধে মাত মাতিবলৈ অনুপ্ৰাণিত কৰে । তাৰ পিছতে ঘটনাটো সন্দৰ্ভত এটা গোচৰ ৰুজু কৰা হয় । এই গোচৰটোৰ বিচাৰ আদালতত চলি আছিল । এই গোচৰৰ ৰায়ত বিশেষ ন্যায়াধীশ (পক্সো আইন) প্ৰমেন্দ্ৰ কুমাৰে বৃহস্পতিবাৰে সেনানায়ক এন ঘনশ্যামক অসদাচৰণ আৰু পক্সো আইনৰ অধীনত যাৱজ্জীৱন কাৰাদণ্ড বিহে । লগতে তেওঁক ১ লাখ টকাৰ জৰিমনাও বিহা হয় ।

ন্যায়াধীশগৰাকীয়ে তেওঁৰ আদেশত এইটোও তীক্ষ্ণভাৱে পৰ্যবেক্ষণ কৰি লিখিছে যে এয়া সাধাৰণ ধৰ্ষণৰ অপৰাধ নহয় । ইয়াত এগৰাকী ১১ বছৰীয়া কিশোৰীক ৩২ বছৰীয়া আৰু বিবাহিত এজন ব্যক্তিয়ে ধৰ্ষণ কৰাৰ দৰে ঘটনা সংঘটিত হৈছে । কেৱল সেয়াই নহয়, অভিযুক্ত সশস্ত্ৰ বাহিনীত আছিল । ভুক্তভোগীয়ে ইমানেই ভয় খাইছিল যে অভিযুক্তৰ বিষয়ে তেওঁৰ পিতৃ-মাতৃক সঁচা কথা ক'বলৈও তেওঁক সাত বছৰতকৈও অধিক সময় লাগে ।

উল্লেখ্য যে এই ঘটনাটো সংঘটিত হৈছিল ২০১৩ চনৰ ফেব্ৰুৱাৰী মাহত । বিষয়াগৰাকীৰ এগৰাকী নাবালিকা কন্যা আছিল । সেনানায়ক এন ঘনশ্যাম ভুক্তভোগীৰ বাসগৃহলৈ গৈছিল । তেওঁ মণিপুৰৰ থৌবাল জিলাৰ বাসিন্দা । এদিন তেওঁ বিষয়াগৰাকীৰ কন্যাক অকলশৰে পাই তেওঁক আটক কৰি ধৰ্ষণ কৰে । এই ঘৃণনীয় কাৰ্যৰ তেওঁ এটা ভিডিঅ'ও বনাইছিল । যাৰ ফলত ভুক্তভোগী আতংকিত হৈ পৰিছিল । এই আতংকৰ বাবেই তেওঁ অভিযুক্তৰ বিষয়ে কাৰো ওচৰত অভিযোগ কৰা নাছিল । আনহাতে, অভিযুক্তই ভুক্তভোগীক ভাবুকিও দিছিল যাতে এই ঘটনা কাৰো আগত প্ৰকাশ নকৰে । তাৰ মাজতে ভুক্তভোগীৰ পিতৃ আগ্ৰাৰ পৰা ভূপাললৈ বদলি হয় । ইয়াৰ পিছত অভিযুক্ত তাত গৈ উপস্থিত হৈছিল । তেওঁ তাত গৈও এই জঘন্য কাম কৰিছিল ।

আনহাতে, অভিযুক্ত সেনানায়কৰ হাতত অশ্লীল ভিডিঅ' থকাৰ বাবে কিশোৰাগৰাকী ছয় বছৰ ধৰি নীৰৱে আছিল । এদিন ভুক্তভোগীৰ বিদ্যালয়ত পক্সো আইনৰ ওপৰত এখন কৰ্মশালা অনুষ্ঠিত হয় । তাত পৰামৰ্শদাতাসকলে কৈছিল যে অপৰাধটোৰ বিৰুদ্ধে মাত মাতিব লাগে । যেতিয়া তেওঁ এই ক্ষেত্ৰত নীৰৱ হৈ থাকে, অভিযুক্তই বাৰে বাৰে একেটা ভুলকে কৰে । এনে ক্ষেত্ৰত শীঘ্ৰেই এটা অভিযোগ কৰিব লাগে, যাতে অভিযুক্তক তেওঁৰ কামৰ বাবে শাস্তি দিব পাৰি । পৰামৰ্শদাতাসকলৰ এই কথাবোৰে ভুক্তভোক সাহস দিছিল । ইয়াৰ পিছত তেওঁ বিদ্যালয়ৰ পৰা গৈ ঘৰত উপস্থিত হোৱাৰ পিছত পৰিয়ালৰ আগত সমগ্ৰ ঘটনাটোৰ বিষয়ে কয় । সেই সময়ত ভুক্তভোগীৰ বয়স ১৮ বছৰ আছিল । ২০১৯ চনত অভিযুক্ত সেনানায়ক এন ঘনশ্যামৰ বিৰুদ্ধে ধৰ্ষণ আৰু পক্সো আইনৰ অধীনত ভূপালৰ মহিলা আৰক্ষী চকীত এটা গোচৰ ৰুজু কৰা হৈছিল ।

মধ্যপ্ৰদেশ আৰক্ষীয়ে ঘটনাটোৰ তদন্ত কৰিছিল । ইয়াৰ পিছত গোচৰটোৰ তদন্ত ২০২০ চনত ভূপালৰ পৰা আগ্ৰালৈ স্থানান্তৰ কৰা হয় । এই সন্দৰ্ভত আগ্ৰাৰ সদৰ আৰক্ষীয়ে প্ৰমাণ সংগ্ৰহ কৰে । তাৰ পিছত অনুসন্ধানকাৰীয়ে আদালতত অভিযুক্তৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰে । এই ক্ষেত্ৰত ভুক্তভোগী, তেওঁৰ মাতৃ, পিতৃ, ভাতৃৰ লগতে অনুসন্ধানকাৰী জীতেন্দ্ৰ কুমাৰ সিং, পৰিদৰ্শক প্ৰমোদ পানৱাৰ আৰু অন্যান্যসকলৰ ভাষ্য গ্ৰহণ কৰে । অভিযুক্তক আৰক্ষীয়ে সংগ্ৰহ কৰা প্ৰমাণ আৰু সাক্ষীৰ সাক্ষ্যৰ ভিত্তিত দোষী সাব্যস্ত কৰা হয় ।

লগতে পঢ়ক :Pakistani intruders killed : পঞ্জাৱ সীমান্তত পুনৰ বিএছএফৰ গুলীত নিহত পাকিস্তানী অনুপ্ৰৱেশকাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.