ETV Bharat / bharat

৫ মে'ৰ পৰা ১৪ গৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ, বৰেলী জিলাত তীব্ৰ আতংক

author img

By ETV Bharat Assamese Team

Published : Nov 27, 2023, 3:47 PM IST

উত্তৰ প্ৰদেশত যোৱা ৫ মে'ৰ পৰা কেইবাগৰাকী মহিলাক নৃশংসভাৱে হত্যা কৰা হৈছে । শ্বাহী আৰক্ষী থানা, ফতেহগঞ্জ আৰক্ষী থানা আৰু শীষগড় আৰক্ষী থানাৰ অন্তৰ্গত অঞ্চলত এনে ঘটনাবোৰ সংঘটিত হৈছে । ঘটনাৰ ৰহস্য ফাদিল কৰাত ব্যৰ্থ আৰক্ষী ।

Murder of woman in Bareilly
৫ মে'ৰ পৰা ১৪ গৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ, বৰেলী জিলাত তীব্ৰ আতংক

নেশ্যনেল ডেস্ক,২৭ নৱেম্বৰ : উত্তৰ প্ৰদেশৰ বৰেলী জিলাত এটাৰ পাছত আন এটা হত্যাকাণ্ড সংঘটিত হৈছে । যোৱা ৫ মে'ৰ পৰা এতিয়ালৈ জিলাখনত ১৪ টাকৈ হত্যাকাণ্ড সংঘটিত হৈছে । লক্ষণীভাৱে আটাইকেইটা ঘটনাতে ভুক্তভোগী মহিলা । হত্যাকাৰীয়ে মহিলাসকলক লক্ষ্য কৰি লৈছে । যাৰ বাবে জিলাখনত মহিলাসকল আতংকিত হৈ পৰিছে । দেওবাৰে পুনৰ শীষগড় আৰক্ষীৰ অন্তৰ্গত এখন গাঁৱত মহিলাৰ মৃতদেহ উদ্ধাৰ হৈছে ।

জানিব পৰা মতে গাঁওখনৰ ৫৫ বছৰীয়া এগৰাকী মহিলাই সৰিয়হৰ খেতি চাবলৈ পথাৰলৈ গৈছিল । মহিলাগৰাকীৰ স্বামী আৰু পুত্ৰ কামৰ বাবে শীষগড়লৈ গৈছিল । কিন্তু সন্ধিয়া মহিলাগৰাকী ঘৰলৈ উভতি নহাত পৰিয়ালৰ লোকসকল চিন্তিত হৈ পৰে । পাছত পৰিয়ালৰ সদস্যসকলে পথাৰত মহিলাগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰে । ইফালে খবৰ পোৱাৰ পাছতে আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আৰু মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে । পৰিয়ালৰ সদস্যসকলে অভিযোগ কৰা মতে মহিলাগৰাকীৰ শৰীৰত আঘাতৰ দাগ আছিল ।

ইফালে আৰক্ষীৰ স্নিফাৰ ডগ আৰু ফৰেনচিকৰ দলো ঘটনাস্থলীত উপস্থিত হৈ অনুসন্ধান আৰম্ভ কৰে । মৃত মহিলাগৰাকীৰ পুত্ৰই আৰক্ষীক কোৱা মতে তেওঁৰ কোনো লোকৰ সৈতে শত্ৰুতা নাছিল । পৰিয়ালৰ সদস্যৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰিছে ।

ঘটনাটোৰ পাছতে অঞ্চলটোত আতংকৰ সৃষ্টি হৈছে । কিয়নো যোৱা মে' মাহৰ পৰা কেইবাগৰাকী মহিলা নিৰ্মম হত্যাৰ বলি হৈছে । আৰক্ষীয়ে জনোৱা মতে হত্যাকাৰীয়ে কেৱল মহিলাসকলকহে লক্ষ্য কৰি লৈছে । হত্যাকাণ্ডবোৰৰ পাছত অঞ্চলটোৰ মহিলা আৰু শিশুসকলে ঘৰ এৰিবলৈও ভয় কৰিছে । এই সকলোবোৰ ঘটনা শ্বাহী আৰক্ষী থানা, ফতেহগঞ্জ আৰক্ষী থানা আৰু শীষগড় আৰক্ষী থানাৰ অন্তৰ্গত অঞ্চলবোৰত হৈছে ।

শ্বাহী আৰক্ষী থানাৰ অন্তৰ্গত এখন গাঁৱত ৫ মে'ৰ সন্ধিয়া পথাৰলৈ যোৱা এগৰাকী মহিলা নিৰুদ্দেশ হৈছিল । পাছত তেওঁৰ মৃতদেহ পথাৰত পোৱা গৈছিল । এয়া আছিল প্ৰথমটো ঘটনা । তাৰ পাছত দ্বিতীয় ঘটনাটো ১৭ জুনত একেটা অঞ্চলতে সংঘটিত হৈছিল । এগৰাকী মহিলা বজাৰলৈ যোৱাৰ পাছৰে পৰা সন্ধানহীন হৈ আছিল । দুদিন পাছত অৰ্থাৎ ১৯ জুনত তেওঁৰ মৃতদেহ কুঁহিয়াৰৰ খেতিপথাৰত পোৱা গৈছিল ।

একেদৰে শ্বাহী আৰক্ষী থানাৰ এখন গাঁৱত ২৯ জুনত এগৰাকী মহিলা সন্ধানহীন হৈছিল । পিছদিনা কুঁহিয়াৰৰ খেতিপথাৰৰ পৰা তেওঁৰ মৃতদেহ উদ্ধাৰ কৰা হয় । মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত মহিলাগৰাকীক ডিঙি চেপি হত্যা কৰাৰ কথাটো স্পষ্ট হৈছিল । তাৰ পাছত ২২ জুলাইত এগৰাকী ৪০ বছৰীয়া মহিলাৰ মৃতদেহ শ্বাহী আৰক্ষী থানাৰে অন্তৰ্গত এখন পথাৰত উদ্ধাৰ হৈছিল । ঘটনাটো সন্দৰ্ভত ৰামপুৰা গাঁৱৰ এগৰাকী লোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছিল ।

পঞ্চমটো ঘটনা মিৰগঞ্জ আৰক্ষী থানাৰ অন্তৰ্গত এখন গাঁৱত সংঘটিত হৈছিল । ১ আগষ্টত এগৰাকী বৃদ্ধ মহিলাৰ মৃতদেহ নদীত ওপঙি থকা অৱস্থাত পোৱা গৈছিল । অৱশ্যে মহিলাগৰাকীৰ মৃতদেহ চিনাক্ত কৰা হোৱা নাছিল । ১০ আগষ্টত শ্বাহী আৰক্ষী থানাৰ অন্তৰ্গত এখন গাঁৱত পুনৰ এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ হৈছিল । ফতেহগঞ্জ পশ্চিমৰ পানৱাদিয়া গাঁৱৰ অৰণ্যত উদ্ধাৰ হৈছিল মহিলাগৰাকীৰ মৃতদেহ ।

২৩ আগষ্টত একেটা অঞ্চলৰে এগৰাকী ৩৫ বছৰীয়া মহিলাৰ মৃতদেহ পথাৰত উদ্ধাৰ হয় । ৪ ছেপ্টেম্বৰত মিৰগঞ্জ আৰক্ষী থানাৰ অন্তৰ্গত এখন গাঁৱত আন এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ হয় । মহিলাগৰাকীৰ বয়স আছিল প্ৰায় ৪৫ বছৰ । তেওঁক এতিয়ালৈকে চিনাক্ত কৰা হোৱা নাই । ১৬ অক্টোবৰত মিৰগঞ্জত জংঘলৰ মাজত অৰ্ধগলিত অৱস্থাত এগৰাকী মহিলাগৰাকীৰ মৃতদেহ উদ্ধাৰ হৈছিল । ১ নৱেম্বৰত, শীষগড় আৰক্ষী থানাৰ অন্তৰ্গত এখন গাঁৱৰ বাসিন্দা ৬০ বছৰীয়া এগৰাকী মহিলাৰ মৃতদেহ অৰণ্যত উদ্ধাৰ হয় । মহিলাগৰাকী ঘাঁহ কাটিবলৈ গৈছিল । গোচৰটোত কোনো লোকক এতিয়ালৈ গ্ৰেপ্তাৰ কৰা হোৱা নাই ।

ফতেহগঞ্জ পশ্চিম আৰক্ষী থানাৰ অন্তৰ্গত এখন গাঁৱৰ অৱসৰপ্ৰাপ্ত ৰে'ল কৰ্মচাৰীৰ ৬৫ বছৰীয়া পত্নীৰ মৃতদেহ যোৱা ৯ নৱেম্বৰত বনাঞ্চলৰ পৰা উদ্ধাৰ কৰা হয় । শ্বাহী আৰক্ষী থানাৰ অন্তৰ্গত এখন গাঁৱত পুনৰ ১৯ নৱেম্বৰত এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ হয় । অৱশ্যে, আৰক্ষীয়ে গোচৰটোত মহিলাগৰাকীৰ স্বামীক গ্ৰেপ্তাৰ কৰে আৰু তেওঁক কাৰাগাৰলৈ প্ৰেৰণ কৰে । ২০ নৱেম্বৰত শ্বাহী আৰক্ষী থানাৰ অন্তৰ্গত এখন গাঁৱত কুঁহিয়াৰৰ খেতিপথাৰত পুনৰ এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ হয় ।

এই হত্যাকাণ্ডবোৰে এতিয়া সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে । আৰক্ষীয়ে এই সন্দৰ্ভত বিস্তৃত তদন্ত অব্যাহত ৰাখিছে । অৱশ্যে মহিলাৰ বিৰুদ্ধে সংঘটিত এনেধৰণৰ ঘটনাই আৰক্ষীকো বিবুদ্ধিত পেলাইছে ।

লগতে পঢ়ক :ৰাজপথতে প্ৰেমিকাক নৃশংসভাৱে হত্যা কৰি পলায়ন যুৱকৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.