ETV Bharat / bharat

Friends Robbed Petrol Pump Worker : ডিজেল ভৰাবলৈ গৈ পেট্ৰল পাম্পৰ কৰ্মচাৰীক লুট; ধৃত ৩ বন্ধু - bhagalpur bihar petrol pump loot case

মে' মাহত বিহাৰৰ ভাগলপুৰ জিলাত চাৰিজন যুৱকে পেট্ৰ'ল পাম্পৰ কৰ্মচাৰীক ডকাইতি কৰাৰ সবিশেষ প্ৰকাশ কৰিছে আৰক্ষীয়ে । সমগ্ৰ ঘটনাটো বৰ্ণনা কৰি আৰক্ষী অধীক্ষকে কয় যে চাৰিজন বন্ধু ছুটী কটাবলৈ বাহিৰলৈ গৈছিল । কিন্তু যেতিয়া তেওঁলোকৰ টকা শেষ হয় তেতিয়া তেওঁলোকে পেট্ৰ'ল পাম্পৰ কৰ্মচাৰীক ছুৰী দেখুৱাই লুট কৰে । ইয়াৰে মাজৰ এজন যুৱক চেফ আৰু আন এজনে চিএ-ৰ বাবে প্ৰস্তুতি চলাই আছে ।

Friends Robbed Petrol Pump Worker
Friends Robbed Petrol Pump Worker
author img

By

Published : Jul 21, 2023, 6:10 PM IST

নিউজ ডেস্ক, ২১ জুলাই : অপৰাধৰ আঁৰৰ উদ্দেশ্যই কেতিয়াবা মানুহক আচৰিত কৰি তোলে । তেনে এক ঘটনাই শেহতীয়াকৈ পোহৰলৈ আহিছে । ঘটনাটো সংঘটিত হৈছে বিহাৰৰ ভাগলপুৰৰ নৱগাচিয়াত । শিলিগুৰিৰ পৰা অৱসৰ বিনোদন কৰি উভতি অহাৰ সময়ত এটা যুৱকৰ দলৰ ধন শেষ হৈ গৈছিল । ইফালে তেওঁলোকৰ গাড়ীৰ ডিজেলো শেষ হৈ যায় । যাৰ ফলত ভাগলপুৰ জিলাৰ নৱগাচিয়াত চাৰিজন যুৱকে এটা পেট্ৰ'ল পাম্পত ডকাইতি কৰে । ১০ মে'ৰ নিশা ১.৪০ বজাত যুৱককেইজনে ছুৰী দেখুৱাই ভয় খুৱাই পেট্ৰ'ল পাম্পটোৰ কৰ্মচাৰীক লুট কৰে । আৰক্ষীয়ে চিচিটিভি ফুটেজৰ ভিত্তিত তদন্ত আগবঢ়াই অৱশেষত চাৰিজন যুৱকৰ ভিতৰত তিনিজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ।

নৱগাচিয়াৰ আৰক্ষী অধীক্ষক সুশান্ত কুমাৰ সৰোজে এক সংবাদমেলত কয় যে ১০ মে'ৰ নিশা পৱন বাবা চাকমাইদা পেট্ৰ'ল পাম্পৰ কৰ্মচাৰীক ডকাইতি কৰা হৈছিল । অভিযুক্তকেইজন এখন পাজেৰো বাহনত আহিছিল আৰু গাড়ীখনত তেল ভৰাই উঠি কৰ্মচাৰীক ডকাইতি কৰি ধন লুটি লৈ যায় । খাগৰীয়াৰ চৌথাম আৰক্ষী থানাৰ অন্তৰ্গত পাৰেহ গাঁৱৰ বাসিন্দা কৃষ্ণ প্ৰকাশ আৰু বাংকা জিলাৰ কজৰা আৰক্ষী থানা অঞ্চলৰ বাসিন্দা সঞ্জীৱ কুমাৰ নামৰ পেট্ৰ'ল পাম্পৰ কৰ্মচাৰী দুজনক ডকাইতি কৰা হয় ।

"চাৰিজন অভিযুক্তই শিলিগুৰিৰ পৰা ছুটী কটাই ঘৰলৈ উভতি আহিছিল । ইফালে গাড়ীখনত ডিজেল শেষ হৈ গৈছিল । আনহাতে, তেওঁলোকৰ হাতৰ টকাও শেষ হৈছিল । তেওঁলোকে গাড়ীখনত ডিজেল ভৰাবলৈ পেট্ৰ'ল পাম্পটোত উপস্থিত হয় । টেংকি ভৰ্তি কৰি উঠি কৰ্মচাৰী দুজনক ছুৰীৰে ভয় দেখুৱাই ৩৩,০০০ টকাতকৈ অধিক টকা ডকাইতি কৰে । এই ঘটনাত জড়িত তিনিজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে । নৱগাচিয়াৰ এছপি সুশান্ত কুমাৰ সৰোজে কয় ।

জানিব পৰা মতে, ডিজেল ভৰোৱাৰ পিছত যেতিয়া কৰ্মচাৰী দুজনে যুৱককেইজনৰ পৰা ৭,৫৮৯ টকা বিচাৰে, তেতিয়া তেওঁলোকে টকা দিয়াৰ পৰিৱৰ্তে কৃষ্ণ প্ৰকাশৰ পকেটৰ পৰা ১১,০০০ টকা আৰু কাউণ্টাৰত বহি থকা সঞ্জীৱ কুমাৰৰ পৰা ২২,৬০০ টকা লুট কৰে । ইয়াৰ পিছত পেট্ৰ'ল পাম্পৰ কৰ্মচাৰী কৃষ্ণ প্ৰকাশৰ বিবৃতিৰ ভিত্তিত নৱগাচিয়া আৰক্ষী থানাত এজাহাৰ দাখিল কৰা হৈছিল ।

গ্ৰেপ্তাৰ হোৱা যুৱককেইজনৰ ভিতৰত স্পৰ্শ অনুৰাগে পাটনাৰ বিখ্যাত হোটেল লেমন টিত চেফ হিচাপে কাম কৰে । প্ৰিয়াংশুৱে চিএ অধ্যয়ন কৰি আছে । আনহাতে, শুভম হৈছে এজন প্ৰৱঞ্চক । শুভম পূৰ্বতেও এটা প্ৰৱঞ্চনাৰ গোচৰত কাৰাগাৰলৈ হৈছিল । শুভমে ডকাইতি কৰা মোবাইল পাঁচ হাজাৰ টকাত মোবাইল দোকানীক বিক্ৰী কৰিছিল । আৰক্ষীয়ে ডকাইতিত ব্যৱহৃত এখন পাজোৰো গাড়ী, চুৰি হোৱা ভিভো মোবাইল ফোন, দুটা এণ্ড্ৰইড মোবাইল আৰু এটা এপ'ল আইফোন অভিযুক্তৰ পৰা উদ্ধাৰ কৰিছে ।

লগতে পঢ়ক :Kuki Women Raped: মণিপুৰৰ ৰাজ্যপালৰ আৰক্ষী সঞ্চালক প্ৰধানলৈ নিৰ্দেশ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.