নেচনেল ডেস্ক, ৫ ফেব্ৰুৱাৰী: জামছেদপুৰৰ গোবিন্দপুৰ থানা অঞ্চলৰ অন্তৰ্গত কৈলাশ নগৰত বাস কৰা কমেশ পাল নামৰ এজন যুৱকক অসমৰ পৰা যোৱা ক্ৰাইম ব্ৰাঞ্চৰ এটা দলে গ্ৰেপ্তাৰ কৰিছে । প্ৰাপ্ত তথ্য অনুযায়ী গোবিন্দপুৰৰ পৰা কমেশ পালক গ্ৰেপ্তাৰ কৰাৰ পাছতে ক্ৰাইম ব্ৰাঞ্চৰ দলটোৱে এমজিএম চিকিৎসালয়ত স্বাস্থ্য পৰীক্ষা কৰোৱাৰ পাছত আদালতত হাজিৰ কৰি নিজৰ সৈতে অসমলৈ লৈ যায় ।
জানিব পৰা মতে কমেশ পাল ঝাৰখণ্ডৰ গঢ়ৱা জিলাৰ কাণ্ডী থানা অঞ্চলৰ বাসিন্দা আৰু বিগত কেইবা বছৰৰ পৰা জামছেদপুৰৰ গোবিন্দপুৰ স্থিত এক কোম্পানীত ঠিকা মজদুৰিৰ কাম কৰি আছিল । এচবিআইৰ য়'ন' এপৰ সহায়ত অভিযুক্ত কমেশ পালৰ বেংকৰ একাউন্ট ইতিমধ্যে গুৱাহাটীলৈ ট্ৰান্সফাৰ কৰা হৈছে । জানিব পৰা মতে উক্ত একাউন্টত দেশজুৰি এনইটি পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰী সকলক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত নামভৰ্তি কৰোৱাৰ বাবে নম্বৰ বঢ়োৱাৰ নামত কোটি টকাৰ লেনদেন হৈছে ।
লেনদেন হোৱা ধনৰ পৰিমান প্ৰায় তিনি কোটি বুলি জানিব পৰা গৈছে । প্ৰাপ্ত তথ্য অনুসৰি চিবিআইৰ দলৰ তদন্তত এই কথা পোহৰলৈ আহিছে যে, ধনৰ লেনদেন হোৱা একাউন্টটো কমেশৰ নম্বৰ দি খোলা হৈছিল । সেয়ে, মোবাইল নম্বৰৰ লোকেশ্বনৰ আধাৰত জামছেদপুৰত উপস্থিত হৈ চিবিআইৰ দলটোৱে কমেশক গ্ৰেপ্তাৰ কৰে ।
ঘটনা সন্দৰ্ভত বৰ্তমানলৈকে জামছেদপুৰ আৰু গুৱাহাটী ক্ৰাইম ব্ৰাঞ্চে কোনো কথা স্পষ্টৰূপে প্ৰকাশ কৰা নাই । অৱশ্যে তেঁওলোকে এই কথা জানিবলৈ দিয়ে যে, চাইবাৰ অপৰাধৰ গোচৰত কমেশক গ্ৰেপ্তাৰ কৰা হৈছে ।
লগতে পঢ়ক:কিশোৰীক ধৰ্ষণ আৰু হত্য়াৰ গোচৰত ছট্টিশগড়ত গ্ৰেপ্তাৰ ৬ জন