আগৰতলা,৬ ছেপ্টেম্বৰ: ত্ৰিপুৰাত বিৰোধী দল CPI(M) ৰ সংবাদমেল(Press conference of CPIM) । এখন সংবাদমেল সম্বোধন কৰি CPI(M) ৰ ৰাজ্যিক সমিতিৰ সম্পাদক জীতেন্দ্ৰ চৌধুৰীয়ে মঙলবাৰে কয় যে BJP য়ে কোৱা উন্নয়ণ-বিকাশৰ কথা সম্পূৰ্ণ মিছা(Jitendra Chaudhary slams BJP) । তেঁও উল্লেখ কৰে যে BJPয়ে চাৰে চাৰি বছৰত কোনো উন্নয়ণ কৰা নাই । জে পি নাড্ডাই ২৯৯ টা প্ৰতিশ্ৰুতিত উল্লেখ কৰা ভিজন ডকুমেণ্টৰ কাম সম্পূৰ্ণ হোৱা বুলি কোৱা কথাকো নস্যাৎ কৰে চৌধুৰীয়ে(CPIM in Tripura) ।
তেওঁ লগতে কয় যে ২০১৮ চনৰ পিছত মিছা প্ৰতিশ্ৰুতি আৰু চিপিআইএম দলৰ কাৰ্যালয়সমূহত আক্ৰমণ কৰি গঠন হোৱা বিজেপি চৰকাৰে কেৱল মিছাৰ আশ্ৰয় লৈয়ে চৰকাৰ চলাই আছে । জীতেন্দ্ৰই লগতে অভিযোগ উত্থাপন কৰে যে যোৱা কেইদিনমানৰ পৰা CPIM নেতাসকলে ভাবুকি লাভ কৰি আছে আৰু মঙলবাৰেও বিভিন্ন ক্ষেত্ৰত বিজেপি সমৰ্থিত দুৰ্বৃত্তই বিশৃঙ্খল পৰিৱেশৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰিছিল ।
লগতে CPI(M) ৰ ৰাজ্যিক সমিতিৰ সম্পাদকগৰাকীয়ে উল্লেখ কৰে যে যোৱা চাৰি বছৰৰ পৰা তেওঁলোকে এক ভয়ৰ মনোৰোগ সৃষ্টি কৰিছে । বিজেপিয়ে MNREGA কৰ্মীসকলৰ ধন যোগান ধৰাৰ দ্বাৰা এই সামাজিক বিৰোধিতাবোৰ কঢ়িয়াই আনিছে ।