ETV Bharat / bharat

Tripura politics : বিজেপি বিধায়কৰ বিৰুদ্ধে নিৰ্বাচন আয়ুক্তক অভিযোগ দাখিল CPIMৰ

author img

By

Published : Nov 16, 2021, 12:20 PM IST

ত্ৰিপুৰা(Tripura)ত ৰাজনৈতিক দলৰ মাজত অব্যাহত আছে বোকা ছটিওৱাৰ ৰাজনীতি । এইবাৰ শাসকীয় দল বিধায়কৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি ৰাজ্যিক নিৰ্বাচনী আয়ুক্ত(State Election Commissioner)ৰ কাষ চাপিল চিপিআইএমৰ নেতা । বিৰোধী দল চিপিআইএম(CPIM)ৰ ৰাজ্যিক সমিতিৰ সম্পাদক জীতেন্দ্ৰ চৌধুৰীয়ে নিৰ্বাচনী আয়ুক্ত এম এল দেলৈ এখন পত্ৰ প্ৰেৰণ কৰি বিজেপি বিধায়ক সুৰজিৎ দত্ত(MLA Surajit Datta)ৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে ।

CPIM files complaint with SEC against Tripura BJP MLA
বিজেপি বিধায়কৰ বিৰুদ্ধে নিৰ্বাচন আয়ুক্তক অভিযোগ দাখিল CPIMৰ

নেশ্যনেল ডেস্ক, ১৬ নৱেম্বৰ : ত্ৰিপুৰা(Tripura)ত বিজেপি বিধায়কৰ ভাষণক লৈ আৰম্ভ হৈছে নতুন বিতৰ্ক । ৰাজ্যিক নিৰ্বাচনী আয়ুক্ত(State Election Commissioner)লৈ পত্ৰ লিখি নিৰ্বাচনী আয়োগ(Election Commission)ৰ হস্তক্ষেপ বিচাৰিলে চিপিআইএম(CPIM)ৰ নেতাই । শেহতীয়াকৈ চিপিআইএম(CPIM)ৰ ৰাজ্যিক সমিতিৰ সম্পাদক জীতেন্দ্ৰ চৌধুৰী(Jitendra Chowdhury)য়ে নিৰ্বাচনী আয়ুক্ত এম এল দে(M L Dey)লৈ এখন পত্ৰ প্ৰেৰণ কৰিছে । এই পত্ৰখনত বিজেপি বিধায়ক সুৰজিৎ দত্ত(MLA Surajit Datta)ৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে চিপিআইএমৰ নেতাজনে ।

তেওঁ পত্ৰখনত উল্লেখ কৰিছে যে, সুৰজিৎ দত্তই ভাষণ প্ৰদান কৰাৰ সময়ত মণ্ডল কৰ্মীসকলক নিৰ্দেশ দিছিল যে, "বিৰোধী প্ৰাৰ্থীসকলক য'তেই দেখা পায়, তেওঁলোকক খেদি যাওক । ইয়াত কোনো দয়া, সৌজন্য প্ৰদৰ্শন কৰা নহ'ব । আমাৰ পক্ষত হাজাৰ হাজাৰ ভোট পাব লাগিব" । জীতেন্দ্ৰ চৌধুৰীৰ মতে এখন গণতান্ত্ৰিক দেশত এয়া এক মুকলি প্ৰত্যাহ্বান ।

তেওঁ নিৰ্বাচনী আয়ুক্তক প্ৰশ্ন কৰে যে, তেওঁ বিজেপি বিধায়কগৰাকীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিব নে নাই । চিপিআইএমৰ নেতাজনে কয় যে, মুখ্যমন্ত্ৰী বিপ্লব কুমাৰ দেৱ(Chief Minister Biplab Kumar Deb) অনুষ্ঠানটিত উপস্থিত থকাৰ সময়তে সুৰজিৎ দত্তই এই বিতৰ্কিত মন্তব্য কৰিছিল ।

কিন্তু মুখ্যমন্ত্ৰীয়ে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাছিল । চিপিআইএমৰ নেতাজনৰ মতে, বিপ্লৱ কুমাৰ দেৱে সেই সময়ত মৌনতা অৱলম্বন কৰিছিল আৰু এক প্ৰকাৰে বিধায়কগৰাকীক সমৰ্থন কৰিছিল । জীতেন্দ্ৰ চৌধুৰীয়ে লগতে অভিযোগ তোলে যে, শেহতীয়াকৈ ত্ৰিপুৰাত বিৰোধী দলৰ নেতা-কৰ্মীৰ ওপৰত চলা আক্ৰমণ এনে উচতনিমূলক ভাষণৰে পৰিণতি ।

তেওঁ নিৰ্বাচনী আয়ুক্তক এই ক্ষেত্ৰত হস্তক্ষেপ কৰিবলৈ আহ্বান জনায় । তেওঁ কয় যে, বিজেপি বিধায়কগৰাকীয়ে এনে মন্তব্য কৰি নিৰ্বাচনৰ মুক্ত, নিৰপেক্ষ আৰু শান্তিপূৰ্ণ পৰিচালনাৰ বাবে নিৰ্বাচনী আয়োগৰ প্ৰচেষ্টাক প্ৰত্যাহ্বান জনায় । নিৰ্বাচনী আয়ুক্তক দত্তৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিবলৈ আহ্বান জনায় চিপিআইএমৰ নেতাজনে ।

লগতে পঢ়ক:চিজুছাত অৰুণাচল চৰকাৰৰ গুৰুত্বপূৰ্ণ কেবিনেটত ৰাজ্যৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.