ETV Bharat / bharat

ত্ৰিপুৰাত নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ বিৰুদ্ধে ২০ খনকৈ এজাহাৰ CPI(M)ৰ - ত্ৰিপুৰা

বিজেপি আৰু চিপিআই(এম)ৰ মাজত অব্যাহত আছে সংঘাত । কৰ্মী আৰু প্ৰাৰ্থীক আক্ৰমণৰ অভিযোগত বিজেপিৰ বিৰুদ্ধে বিভিন্ন থানাত ২০ খনকৈ এজাহাৰ দাখিল কৰিছে চিপিআই(এম) দলে ।

Tripura
বিজেপিৰ বিৰুদ্ধে ২০ খনকৈ এজাহাৰ CPIMৰ
author img

By

Published : Nov 10, 2021, 12:55 PM IST

আগৰতলা, ১০ নৱেম্বৰ : সমাগত ত্ৰিপুৰাৰ পৌৰ নিগমৰ নিৰ্বাচন (Municipal Elections) । তাৰ প্ৰাকক্ষণত বিজেপি (BJP) আৰু চিপিআই(এম) দলৰ সংঘাতে চৰম পৰ্যায় লৈছে । ইতিমধ্যে বিজেপিৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ অভিযোগ কৰিছে চিপিআই(এম) দলে । নিৰ্বাচনৰ প্ৰাকক্ষণত চিপিআই(এম) দলৰ প্ৰাৰ্থী আৰু কৰ্মীক বিজেপিৰ গুণ্ডা বাহিনীয়ে আক্ৰমণ কৰাৰ গুৰুতৰ অভিযোগৰ পাছতে এইবাৰ আৰক্ষীৰ ওচৰ চাপিছে চিপিআই(এম) দলৰ নেতা-কৰ্মী ।

বিজেপিৰ গুণ্ডাবাহিনীৰ বিৰুদ্ধে ইতিমধ্যে চিপিআই(এম) দলে বিভিন্ন আৰক্ষী থানাত ২০ খনকৈ এজাহাৰ দাখিল কৰিছে । ইফালে চিপিআই(এম)ৰ ৰাজ্যিক সমিতিৰ সম্পাদক জিতেন্দ্ৰ চৌধুৰীয়ে কয় যে মঙলবাৰে দলৰ নেতাসকলে ৰাজ্যখনৰ সাম্প্ৰতিক পৰিস্থিতি আৰু পৌৰ নিগমৰ নিৰ্বাচনৰ বিষয়ে আলোচনা কৰিছে ৷ জিতেন্দ্ৰ চৌধুৰীয়ে উল্লেখ কৰা মতে নিৰ্বাচনৰ অৰ্থ হৈছে সকলো ৰাজনৈতিক দলে যুঁজ দিয়াৰ বাবে সমান অধিকাৰ লাভ কৰা ।

ভাৰতৰ নিৰ্বাচন আয়োগ বা ৰাজ্যিক নিৰ্বাচন আয়োগ (SEC) নিৰ্বাচনৰ বাবে অনুকূল পৰিৱেশ সৃষ্টি কৰিবলৈ দায়বদ্ধ । চৰকাৰক সমালোচনা কৰি তেওঁ কয় যে ত্ৰিপুৰাত বিজেপি-আইপিএফটি চৰকাৰ গঠন হোৱাৰ পাছত তেওঁলোকে ৰাজ্যিক নিৰ্বাচন আয়োগক ভাবিবলৈ আৰম্ভ কৰিছে যে তেওঁলোকৰ নিজা বিভাগ ।

চৌধুৰীৰ অভিযোগ আৰক্ষী সম্পূৰ্ণৰূপে শাসকীয় দলৰ নিয়ন্ত্ৰণত আছে আৰু এই পৰিস্থিতিৰ মাজতে নিৰ্বাচন অনুষ্ঠিত হ'বলৈ গৈ আছে । তেওঁ অভিযোগ কৰে যে পৌৰ নিগমৰ নিৰ্বাচনৰ তাৰিখ ঘোষণাৰ পিছৰে পৰা বিজেপি সমৰ্থিত গুণ্ডাই চিপিআই(এম) দলৰ কৰ্মী আৰু প্ৰাৰ্থীসকলৰ ওপৰত কেইবাবাৰো আক্ৰমণ চলাইছে । তেওঁৰ অভিযোগ আৰক্ষীৰ সন্মুখতে বিজেপিৰ গুণ্ডাই প্ৰাৰ্থীৰ ঘৰত আক্ৰমণ কৰিছে আৰু ভাবুকি প্ৰদান কৰিছে । আৰক্ষীৰ ভূমিকাৰ ওপৰত প্ৰশ্ন তুলি তেওঁ কয় যে আৰক্ষী এতিয়াও নীৰৱ হৈ আছে ।

বিজেপিৰ গুণ্ডাই ৰাণীৰ বজাৰ, জিৰানিয়া, কমলাপুৰ, উদয়পুৰ, বিশলগড় আৰু শান্তিৰ বজাৰত ৰিটাৰ্ণিং বিষয়াৰ কাৰ্যালয়ো দখল কৰিছে, যাৰ বাবে চিপিআই(এম) দলে মনোনয়ন পত্ৰ দাখিল কৰিব পৰা নাছিল । চৌধুৰীয়ে কোৱা মতে তেওঁলোকে আৰক্ষী, ৰাজ্যিক নিৰ্বাচন আয়ুক্ত আৰু জিলা দণ্ডাধীশসকলক বহুবাৰ এই সম্পৰ্কে অৱগত কৰিছে কিন্তু কোনো পদক্ষেপ লোৱা নাই । তেওঁ জনোৱা মতে ১৩ টা ৱাৰ্ডত ৪ গৰাকী প্ৰাৰ্থীকে ধৰি চিপিআই(এম)ৰ ৩৪ গৰাকী কৰ্মী আৰু সমৰ্থক আক্ৰমণৰ বলি হৈছে যাৰ বাবে বিভিন্ন থানাত ২০ খন এজাহাৰ পঞ্জীয়ন কৰা হৈছে ।

কিন্তু লক্ষণীয়ভাৱে আৰক্ষীয়ে এজনো লোকক গ্ৰেপ্তাৰ কৰা নাই । চৌধুৰীয়ে উল্লেখ কৰা মতে বিজেপিৰ গুণ্ডা বাহিনীয়ে ঘৰ লণ্ড ভণ্ড কৰিছিল, জুই লগাইছিল, বাহনত আক্ৰমণ কৰিছিল । ২০ টা ঘৰ আৰু দোকান ভাঙিছিল গুণ্ডা বাহিনীয়ে । ১৬ জন প্ৰাৰ্থীয়ে তেওঁলোকৰ পৰিয়ালৰ সদস্য আক্ৰমণৰ বলি হোৱাত প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰিবলৈ বাধ্য হৈছিল ।

এই সকলোবোৰ আক্ৰমণ শাসকীয় দলৰ মন্ত্ৰী আৰু বিধায়কসকলৰ নেতৃত্বত সংঘটিত হৈছিল বুলি গুৰুতৰ অভিযোগ কৰে চিপিআই(এম)ৰ ৰাজ্যিক সমিতিৰ সম্পাদক জিতেন্দ্ৰ চৌধুৰীয়ে । চিপিআইএমে দাবী কৰা মতে ৰাজ্যিক নিৰ্বাচন আয়োগে এখন মুক্ত আৰু নিৰপেক্ষ নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ পদক্ষেপ ল'ব লাগে আৰু সকলো ৰাজনৈতিক দলক সমান অধিকাৰ দিব লাগে ।

লগতে পঢ়ক :যোগী আদিত্যনাথৰ ভ্ৰমণৰ পূৰ্বে মীৰাট ৰে’ল ষ্টেচনত বোমাতংক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.