ETV Bharat / bharat

CPI Maoist on police remand : বিদ্ৰোহী নেতা প্ৰমোদ মিশ্ৰক আজি জেৰা চলাব বিভিন্ন ৰাজ্যৰ আৰক্ষীৰ লগতে নিয়াৰ দলে

আৰক্ষীৰ জিম্মাত বিদ্ৰোহী নেতা প্ৰমোদ মিশ্ৰ ৷ চিপিআইৰ শীৰ্ষ মাওবাদী নেতা প্ৰমোদ মিশ্ৰ আৰু তেওঁৰ এগৰাকী সহযোগীক 9 আগষ্টত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ৷ 26 আগষ্টত আৰক্ষীয়ে দুয়োকে জিম্মাত লৈছে । বিভিন্ন ৰাজ্যৰ আৰক্ষীৰ লগতে নিয়াৰ দলেও জেৰা চলাব বিদ্ৰোহী নেতাজনক ।

Etv Bharat
Etv Bharat
author img

By ETV Bharat Assamese Team

Published : Aug 26, 2023, 11:18 AM IST

নেশ্যনেল ডেস্ক, 26 আগষ্ট: বিহাৰৰ গয়া জেলত থকা নিষিদ্ধ নক্সালবাদী সংগঠন চিপিআই মাওবাদীৰ শীৰ্ষ নেতা প্ৰমোদ মিশ্ৰ আৰু তেওঁৰ সহযোগী অনিল যাদৱক আৰক্ষীয়ে জিম্মাত লৈছে । আৰক্ষীয়ে জিম্মাত লোৱাৰ পিছত বহু কেন্দ্ৰীয় সংস্থাইও প্ৰমোদ মিশ্ৰক জেৰা কৰিব বুলি জানিব পৰা গৈছে । যোৱা পাঁচ দশক ধৰি নক্সালবাদী সংগঠনৰ সৈতে জড়িত তথা পলিটব্যুৰ’ৰ অন্যতম সদস্য প্ৰমোদ মিশ্ৰক যোৱা 9 আগষ্টত গয়াত এজন সহযোগীৰ সৈতে গ্ৰেপ্তাৰ কৰা হৈছিল ।

সূত্ৰৰ পৰা পোৱা তথ্য অনুসৰি প্ৰমোদ মিশ্ৰ আৰু তেওঁৰ সহযোগীক 72 ঘণ্টাৰ বাবে আৰক্ষীয়ে জিম্মাত লৈছে । কেন্দ্ৰীয় সংস্থাটোৱে নক্সালবাদী সংগঠনটোক সম্পূৰ্ণৰূপে উৎখাত কৰাৰ উদ্দেশ্যৰে সংগঠনটোৰ ভিতৰুৱা তথ্য জনাৰ উদ্দেশ্যৰে সোধ-পোচ চলাব বুলি জানিব পৰা গৈছে । বিশেষকৈ বিহাৰ আৰু ঝাৰখণ্ডত যেতিয়া নক্সালবাদী সংগঠনৰ ভেঁটি দুৰ্বল হৈ পৰিছিল, তেতিয়া প্ৰমোদ মিশ্ৰৰ নেতৃত্বত নক্সালবাদীৰ ভেঁটি পুনৰ সুদৃঢ় হৈ পৰিছিল ।

জানিব পৰা মতে, পাটনা আৰু ৰাঁচীৰ নিয়া বিষয়া আৰু তেলেংগানা, ছত্তীশগড় আৰু পশ্চিমবংগ আৰক্ষীয়ে প্ৰমোদ মিশ্ৰক জেৰা চলাব । লগতে বহু ৰাজ্যৰ আৰক্ষী গয়াত উপস্থিত হোৱাৰ তথ্যও পোৱা গৈছে । উল্লেখ্য যে, প্ৰমোদ মিশ্ৰৰ নক্সালবাদী কাৰ্যকলাপ দেশৰ বহু ৰাজ্যত সক্ৰিয় হৈ আহিছে । এনে অৱস্থাত বহু ৰাজ্যৰ আৰক্ষীয়ে তেওঁক বিচাৰি আছিল । একে তথ্য অনুসৰি দিল্লীৰ চোৰাংচোৱা সংস্থাৰ বিষয়াসকলেও গয়াত উপস্থিত হৈ প্ৰমোদ মিশ্ৰক জেৰা কৰাৰ সম্ভৱনা আছে । বৰ্তমান সময়ত প্ৰমোদ মিশ্ৰ আৰু তেওঁৰ সহযোগীক জেৰা কৰি নক্সালবাদী বিদ্ৰোহ দমন কৰিব পাৰি বুলি ভাবিয়েই গ্ৰহণ কৰা হৈছে এই পদক্ষেপ ।

আনহাতে প্ৰমোদ মিশ্ৰক জিম্মাত লোৱাৰ পিছত নিৰাপত্তাৰ ক্ষেত্ৰত গ্ৰহণ কৰা হৈছে বিশেষ পদক্ষেপ । বিশেষকৈ বিদ্ৰোহী নেতাগৰাকীক জেৰা কৰিবলগীয়া অঞ্চলটোত কঠোৰ নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে । এই সন্দৰ্ভত গয়াৰ এছ এছ পি আশীষ ভাৰতীয়ে কয় যে 9 আগষ্টত নক্সালবাদী শীৰ্ষ নেতা প্ৰমোদ মিশ্ৰ আৰু তেওঁৰ সহযোগী অনিল যাদৱক গ্ৰেপ্তাৰ কৰা হৈছিল । দুয়োকে গয়া কেন্দ্ৰীয় কাৰাগাৰত ৰখা হৈছে ।

9 আগষ্টত দিল্লী চোৰাংচোৱা সংস্থাৰ ইনপুটত গয়া আৰক্ষী আৰু নিৰাপত্তাৰক্ষীৰ দলটোৱে প্ৰমোদ মিশ্ৰ আৰু তেওঁৰ সহযোগী অনিল যাদৱক গ্ৰেপ্তাৰ কৰাত সফল হয় । গয়া আৰক্ষীৰ বাবে ই এক ডাঙৰ সফলতা আছিল । নক্সালবাদী নেতা প্ৰমোদ মিশ্ৰই বিহাৰ-ঝাৰখণ্ডত সংগঠনটোক শক্তিশালী কৰাৰ বাবে অবিৰতভাৱে কাম কৰি আছিল । গ্ৰেপ্তাৰৰ পিছত দুয়োকে গয়া জেলত ৰখা হয় ।

লগতে পঢ়ক: Madurai Train Fire : ৰেলত অগ্নিকাণ্ডৰ ঘটনা; 9 জন নিহত, 20 জনতকৈ অধিক আহত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.