নেশ্যনেল ডেস্ক, ১৪ জানুৱাৰী: সমগ্ৰ দেশতে অহা ১৬ জানুৱাৰীৰ পৰা COVID-১৯ৰ টীকাকৰণ প্ৰক্ৰিয়া আৰম্ভ কৰাৰ দিন ধাৰ্য কৰা হৈছে । দেশৰ বিভিন্ন ৰাজ্যৰ লগতে মিজোৰামতো টীকাকৰণ প্ৰক্ৰিয়া সূচাৰুৰূপে সম্পন্ন কৰাৰ বাবে পূৰ্ণ প্ৰস্তুতি চলাই থকা হৈছে । বৃহস্পতিবাৰে COVID-১৯ৰ প্ৰতিষেধক কঢ়িওৱা এয়াৰ ইণ্ডিয়াৰ বিমান মিজোৰামৰ লেংপুই বিমানবন্দৰত অৱতৰণ কৰে । ৰাজ্যখনত টীকাকৰণ প্ৰক্ৰিয়াৰ বাবে প্ৰথম পৰ্যায়ত ১৪,০০০ লোকৰ নাম পঞ্জীয়ন কৰা হৈছে ।
বৰ্তমান মিজোৰামত টীকাকৰণ প্ৰক্ৰিয়া সম্পন্ন কৰাৰ বাবে ৪ টা স্থান বাচনি কৰা হৈছে । ইয়াৰে আইজলৰ তিনিটা স্থান আৰু লুংলেইৰ এটা স্থানত টীকাকৰণ প্ৰক্ৰিয়া সম্পন্ন কৰা হ'ব । আইজল অসামৰিক চিকিৎসালয়, কুলিকান হাস্পতাল, আইজলৰ নগৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ, আই টি আই আৰু আইজল লেহ অসামৰিক চিকিৎসালয়ত টীকাকৰণৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা হৈছে ।
অসামৰিক চিকিৎসালয়ত প্ৰতিষেধক ৰখাৰ ব্যৱস্থা কৰা হৈছে । মিজোৰামত ছিৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়াই প্ৰস্তুত কৰা কভিশ্বিল্ড প্ৰতিষেধক ব্যৱহাৰ কৰা হ'ব ।
লগত পঢ়ক:উত্তৰ প্ৰদেশত আত্মহননৰ পথ বাচি ল'লে ধৰ্ষণৰ বলি হোৱা কিশোৰীয়ে