ETV Bharat / bharat

Vaccination drive in Tripura : ত্ৰিপুৰাত কিশোৰ-কিশোৰীক প্ৰদান Corbevax প্ৰতিষেধক

author img

By

Published : Mar 17, 2022, 11:47 AM IST

দেশৰ ভিন্ন প্ৰান্তৰ লগতে ত্ৰিপুৰাৰো ১২-১৪ বছৰ বয়সৰ কিশোৰ-কিশোৰীক ক'ভিড প্ৰতিষেধক প্ৰদান কৰা হৈছে (Covid vaccination for teenagers begins in Tripura)। টীকাকৰণ অভিযান পূব যোগেন্দ্ৰনগৰৰ অন্তৰ্গত নেতাজী সুভাষ কলনী উচ্চ বিদ্যালয়ৰ পৰা আৰম্ভ হয় । ৰাজ্যখনত ১ লাখ ৩৯ হাজাৰ ক'ৰ্বেভেক্স (Corbevax) প্ৰতিষেধক মজুত আছে ।

Vaccination drive in Tripura
ত্ৰিপুৰাত কিশোৰ কিশোৰীক প্ৰদান Corbevax প্ৰতিষেধক

আগৰতলা,১৭ মাৰ্চ : দেশত আৰম্ভ হৈছে ১২-১৪ বছৰ বয়সৰ কিশোৰ-কিশোৰীক ক'ভিড টীকাকৰণৰ প্ৰক্ৰিয়া (Covid vaccination for teenagers)। ত্ৰিপুৰাতো এই টীকাকৰণ অভিযান আৰম্ভ হৈছে (Covid vaccination for teenagers begins in Tripura)। ইয়াৰ বাবে ৰাজ্যখনৰ প্ৰতিখন জিলাৰে দুখনকৈ বিদ্যালয়ত বিশেষ প্ৰতিষেধক প্ৰদান শিবিৰ স্থাপন কৰা হৈছে । ত্ৰিপুৰাৰ পশ্চিম জিলাত এই টীকাকৰণ অভিযান পূব যোগেন্দ্ৰনগৰৰ অন্তৰ্গত নেতাজী সুভাষ কলনী উচ্চ বিদ্যালয়ৰ পৰা আৰম্ভ হয় ।

সমগ্ৰ দেশতে ১২-১৪ বছৰ বয়সৰ কিশোৰ-কিশোৰীসকলক প্ৰদান কৰা হৈছে ভাৰতত প্ৰস্তুত হোৱা ক'ৰ্বেভেক্স প্ৰতিষেধক (Corbevax for teenagers)। প্ৰতিষেধকৰ প্ৰতিটো বটল বা ভাইলৰ পৰা ২০ টাকৈ পালি দিয়া হৈছে । অৰ্থাৎ প্ৰতিগৰাকীকে ০.৫ মি:লি:কৈ প্ৰতিষেধক দিয়া হৈছে । দ্বিতীয় পালি প্ৰতিষেধক ২৮ দিনৰ অন্তত গ্ৰহণ কৰিব পৰা যাব ।

ক'ৰ্বেভেক্স প্ৰতিষেধক কেৱল ১২ বছৰ বা তাৰ উৰ্ধৰ কিশোৰ-কিশোৰীকহে দিব পৰা যায় । সেয়েহে প্ৰতিষেধক প্ৰদানৰ সময়ত হিতাধিকাৰীৰ বয়স ১২ বছৰ হৈছে নে নাই সেয়া সঠিকভাৱে পৰীক্ষা কৰা হয় ।

২০১০ চনৰ ১৬ মাৰ্চৰ পূৰ্বে জন্ম লাভ কৰা ১২-১৪ বছৰৰ সমূহ কিশোৰ-কিশোৰী এই প্ৰতিষেধক গ্ৰহণৰ বাবে যোগ্য হ'ব । হিতাধিকাৰীসকলে চৰকাৰৰ কো-উইন পৰ্টেলত পঞ্জীয়ন কৰিব পাৰিব । জানিব পৰা মতে ৰাজ্যখনত ১ লাখ ৩৯ হাজাৰ ক'ৰ্বেভেক্স (Corbevax) প্ৰতিষেধক মজুত আছে ।

লগতে পঢ়ক :আজিৰে পৰা আৰম্ভ কিশোৰ-কিশোৰীৰ লগতে বুষ্টাৰ ড’জ প্ৰদানৰ কাৰ্যসূচী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.