ETV Bharat / bharat

অমিত শ্বাহৰ সভাত ক’ভিড নিয়ম উলংঘন: 5 মাহৰ পাচত FIR

author img

By

Published : Jun 19, 2021, 10:40 AM IST

১৭ জানুৱাৰীত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ এক ৰেলীৰ সময়ত ক’ভিড প্ৰট’কল উলংঘা কৰাৰ পাচতো এজাহাৰ পঞ্জীয়ন নকৰাৰ বাবে বেলাগাভি আৰক্ষী আয়ুক্তক সমালোচনা কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ ৷ এই পটভূমিত বেলাগাভি আৰক্ষী আয়ুক্তই শুকুৰবাৰে এক শপতনামা দাখিল কৰি কয় যে, সভাখন আয়োজন কৰা ৬ জন লোকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে ।

covid-rule-violation-at-amit-shah-meeting-fir-after-5-months
অমিত শ্বাহৰ সভাত ক’ভিড নিয়ম উলংঘন: 5 মাহৰ পিছত FIR

নেচনেল ডেস্ক, 19 জুন: ১৭ জানুৱাৰীত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে অংশগ্ৰহণ কৰা এক ৰেলীৰ সময়ত ক’ভিড প্ৰট’কল উলংঘন কৰাৰ অভিযোগত বেলাগাভি আৰক্ষীয়ে 6 জন লোকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে ৷ এই ঘটনাত তাৎক্ষণিকভাৱে কোনো ব্যৱস্থা গ্ৰহণ কৰি পাঁচটাকৈ মাহৰ অন্তত গোচৰ ৰুজু কৰা বিষয়টোক লৈ সকলোৱে আশ্চৰ্য প্ৰকাশ কৰিছে ৷

কৰ্ণাটক উচ্চ ন্যায়ালয়ে ৰেলীৰ সময়ত ক’ভিড প্ৰট’কল উলংঘা কৰাৰ পাচতো কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবে কৰ্ণাটক উচ্চ ন্যায়ালয়ে বেলাগাভি আৰক্ষী আয়ুক্তক সমালোচনা কৰাৰ পাচতে অৱশেষত বেলাগাভি আৰক্ষীয়ে এই পদক্ষেপ গ্ৰহণ কৰে ৷ বিচাৰপীঠে মন্তব্য কৰে যে, আৰক্ষী আয়ুক্তজনে "কৰ্ণাটক মহামাৰী ৰোগ আইন, ২০২০ ৰ ব্যৱস্থা আৰু কৰ্তৃপক্ষক উলংঘনৰ বাবে প্ৰথম তথ্য প্ৰতিবেদন পঞ্জীয়ন কৰিবলৈ সক্ষম কৰা নিয়মাৱলীৰ বিষয়ে অজ্ঞাত যেন লাগিছে"। এই পটভূমিত বেলাগাভি আৰক্ষী আয়ুক্তই শুকুৰবাৰে এক শপতনামা দাখিল কৰি কৈছিল যে সভাখন আয়োজন কৰা ৬ জন লোকৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰা হৈছে ।

এডভোকেট জেনেৰেলে আদালতক জনায় যে, আদালতৰ নিৰ্দেশনা অনুসৰি ১৪ জুনত সভাৰ আয়োজকসকলৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰা হৈছিল । ইয়াৰ প্ৰত্যুত্তৰত বিচাৰপীঠে সভাখনত ইমান মানুহ থকাৰ পাচতো কেৱল 6 জন লোকৰ বিৰুদ্ধেহে কিয় এজাহাৰ দাখিল কৰা হৈছে বুলি প্ৰশ্ন কৰে ৷ বিচাৰপীঠে কয় যে, যিসকলে মাস্ক পৰিধান কৰা নাছিল সেইসকলৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰা উচিত ৷

বিচৰপীঠৰ এই মন্তব্যৰ পাচতে এডভোকেট জেনেৰেলে প্ৰতিশ্ৰুতি দিছিল যে, তদন্তৰ পাচত উলংঘনকাৰীসকলৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হ'ব । বিচাৰপীঠে শুনানি স্থগিত ৰাখি এই সন্দৰ্ভত তদন্তৰ প্ৰতিবেদন দাখিল কৰাৰ পৰামৰ্শ দিছিল । উল্লেখ্য যে, বিগত জানুৱাৰী মাহতে অনুস্থিত হোৱা বৈঠকখনৰ 5 মাহ পাচতত অৰ্থাৎ 14 জুনতহে 6 জন লোকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰাৰ বিষয়টোৱে যথেষ্ট তাৎপৰ্য বহন কৰিছে ৷

লগতে পঢ়ক : উপাস্য দেৱতাৰ মূৰ্তি ক্ষতিসাধন কৰাৰ বাবে কৃষকক জৰিমনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.