ETV Bharat / bharat

ৰাজসাহাৰ্য বিলত 160 শতাংশ বৃদ্ধি আনিছে ক’ভিড-19য়ে

author img

By

Published : Feb 1, 2021, 6:22 PM IST

সংসদত উত্থাপন কৰা শেহতীয়া তথ্য অনুসৰি 2019-20 বিত্তীয় বৰ্ষত খাদ্য, ইন্ধন আৰু সাৰৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ ৰাজসাহাৰ্য বিলত প্ৰায় 2.28 লাখ কোটি টকা নিৰ্ধাৰণ কৰা হৈছিল ৷ বিগত বৰ্ষৰ বাজেট উত্থাপনৰ পূৰ্বে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কিছু কিছু ক্ষেত্ৰত সামান্য সাল-সলনি ঘটাই এক নিৰ্দিষ্ট সীমাতে ৰাজসাহাৰ্য বিলৰ অনুমান কৰিছিল ৷ কিন্তু ক’ভিড 19ৰ ফলত ঘোষিত লক ডাউনত কেন্দ্ৰই নিৰ্ধাৰিত পৰিমাণতকৈ 2.6 গুণ বেছি ধন খাদ্য, ইন্ধন আৰু সাৰৰ ক্ষেত্ৰত ব্যয় কৰিবলগীয়া হৈছিল ৷

Covid results in massive 160% rise in the subsidy bill
ৰাজসাহাৰ্য বিলত 160 শতাংশ বৃদ্ধি আনিছে ক’ভিড-19য়ে

নিউজ ডেস্ক,1 ফেব্ৰুৱাৰী: মহামাৰী কৰ’ণা ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে তিনিমহীয়া সম্পূৰ্ণ লক ডাউনে চলিত বৰ্ষত কেন্দ্ৰৰ ৰাজসাহাৰ্য বিলত 160 শতাংশ বৃদ্ধি আনিছে ৷ সোমবাৰে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰা সাধাৰণ বাজেটত এই কথা উল্লেখ কৰা হৈছে যে দেশৰ এক তৃতীয়াংশ জনসংখ্যাক খাদ্য সাহাৰ্য, ইন্ধন আৰু কিছু পৰিমাণে আৰ্থিক সাহাৰ্য প্ৰদানৰ বাবে এই ৰাজসাহাৰ্যৰ প্ৰয়োজন আছিল ৷

সংসদত উত্থাপন কৰা শেহতীয়া তথ্য অনুসৰি 2019-20 বিত্তীয় বৰ্ষত খাদ্য, ইন্ধন আৰু সাৰৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ ৰাজসাহাৰ্য বিলত প্ৰায় 2.28 লাখ কোটি টকা নিৰ্ধাৰণ কৰা হৈছিল ৷ বিগত বৰ্ষৰ বাজেট উত্থাপনৰ পূৰ্বে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কিছু কিছু ক্ষেত্ৰত সামান্য সাল-সলনি ঘটাই এক নিৰ্দিষ্ট সীমাতে ৰাজসাহাৰ্য বিলৰ অনুমান কৰিছিল ৷ কিন্তু ক’ভিড 19ৰ ফলত ঘোষিত লক ডাউনত কেন্দ্ৰই নিৰ্ধাৰিত পৰিমাণতকৈ 2.6 গুণ বেছি ধন খাদ্য, ইন্ধন আৰু সাৰৰ ক্ষেত্ৰত ব্যয় কৰিবলগীয়া হৈছিল ৷

ইয়াৰ উপৰিও চৰকাৰৰ খাদ্য সুৰক্ষা বিল 1.15 লাখ কোটি টকাৰ পৰা বৃদ্ধি হৈ 4.22 লাখ কোটি টকাতকৈ অধিক হৈছে ৷ যি বাজেট অনুমানতকৈ 267 শতাংশ বেছি ৷ সমান্তৰলাকৈ সাৰ ৰাজসাহাৰ্য বিলতো 89 শতাংশ বৃদ্ধি হৈ পূৰ্বৰ 71,000 কোটিৰ পৰা 1.38 লাখ কোটি হৈছে ৷

কেৱল পেট্ৰ’লিয়াম ৰাজসাহাৰ্য বিলৰ ক্ষেত্ৰতহে কিছু হ্ৰাস হোৱা দেখা গৈছে ৷ পূৰ্বৰ 41,000 কোটিৰ পৰা ইয়াৰ পৰিমাণ হ্ৰাস হৈ 38,790 কোটি হৈছেগৈ ৷

উল্লেখ্য যে, কেন্দ্ৰীয় চৰকাৰৰ ৰাজসাহাৰ্য বিলৰ আনুমানিক পৰিমাণ প্ৰায় 5.95 লাখ কোটি টকা ৷ ই চলিত বিত্তীয় বৰ্ষত চৰকাৰৰ সৰ্বমুঠ বাজেটৰ 17 শতাংশ ৷ ইয়াৰ অনুমানিক পৰিমাণ প্ৰায় 34.50 লাখ কোটি টকা ৷

পৰৱৰ্তী ৰাজকোষত ৰাজসাহাৰ্য বিলৰ নিৰ্ধাৰিত পৰিমাণ 3.35 লাখ কোটিলৈ হ্ৰাস পাব বুলি অনুমান কৰা হৈছে যি 2021-22 বৰ্ষৰ বাজেট খৰচৰ 9.62 শতাংশ হ’ব ৷

লগতে পঢ়ক-প্ৰধানমন্ত্ৰী আত্মনিৰ্ভৰ সুস্থ ভাৰত যোজনাঃ নতুন গতি লাভ কৰিব স্বাস্থ্য সেৱা ব্যৱস্থাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.