নিউজ ডেস্ক, 9 মে’: কিছুদিন পূৰ্বে কৰ’ণা ভাইৰাছত আক্ৰান্ত হোৱা ৰাজ্যসভাৰ সাংসদ ৰঘুনাথ মহাপাত্ৰই দেওবাৰে ভূৱনেশ্বৰৰ এইমছত চিকিৎসাধীন অৱস্থাত মৃত্যুবৰণ কৰে ৷ চিকিৎসালয়খনৰ এজন জ্যেষ্ঠ বিষয়াই নিশ্চিত কৰিছে এই কথা ৷
ভূৱনেশ্বৰ এইমছৰ সঞ্চালক ডাঃ গীতাঞ্জলি বেটমেনাবানে কয় যে, পদ্মভূষণ বঁটা বিজয়ী মহাপাত্ৰক ২২ এপ্ৰিলত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল । চিকিৎসকসকলৰ অশেষ প্ৰচেষ্টা স্বত্বেও সাংসদগৰাকী জীৱন যুদ্ধত পৰাজিত হয় আৰু দেওবাৰে বিয়লি ৩.৪৯ বজাত মৃত্যু বৰণ কৰে ৷
78 বছৰত মৃত্যুবৰণ কৰা সাংসদ ৰঘুনাথ মহাপাত্ৰ এগৰাকী বিশিষ্ট ভাস্কৰ্যশিল্পীও আছিল ৷ মুখ্যমন্ত্ৰী নবীন পাটনায়ক, কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ লগতে অন্যান্যসকলে ৰাজ্যসভাৰ সাংসদ ৰঘুনাথ মহাপাত্ৰৰ মৃত্যুত শোক প্ৰকাশ কৰে ।
লগতে পঢ়ক: সৰ্বানন্দ সোণোৱালৰ সন্দৰ্ভত কি ক’লে হিমন্ত বিশ্ব শৰ্মাই ?