নেশ্যনেল ডেস্ক, ১৯ এপ্ৰিল: দেশজুৰি কৰ'ণাৰ সংক্ৰমণে ত্ৰাসৰ সৃষ্টি কৰাৰ সময়তে কৰ্ণাটকৰ এগৰাকী ব্যক্তিয়ে কপাহেৰে সাজি উলিয়াইছে মাস্ক । পৰিৱেশ সংৰক্ষণৰ বাবে এই অনন্য পদক্ষেপ গ্ৰহণ কৰিছে সামাজিক উদ্যোগী তথা পৰিৱেশ কৰ্মী নীতিন ভাছে । পৰিৱেশ কৰ্মী গৰাকীয়ে সাজি ওলোৱা এই মাস্ক এবাৰ ব্যৱহাৰ কৰি পেলাই দিয়াৰ পাছত সেই কপাহেৰে তৈয়াৰী মাস্কখনৰ পৰা পৰৱৰ্তী সময়ত গছ গজি উঠিব ৷ এই মাস্কসমূহত বিভিন্ন ফল আৰু শস্যৰ বীজ ব্যৱহাৰ কৰা হৈছে ৷ যাৰ বাবে মাস্ক খন ব্যৱহাৰ কৰি পেলাই দিয়াৰ পাছত তাৰ পৰা ফল আৰু শস্যৰ পুলি গজি উঠিব ৷
এই সন্দৰ্ভত সংবাদ মাধ্যমৰে হোৱা এক বাৰ্তালাপত নীতিনে কয় যে, 'আমি এটা সংগঠন হিচাপে এই মাক্স তৈয়াৰ কৰিছো । মাক্সৰ প্ৰথম স্তৰটো কপাহৰ টুকুৰাৰে গঠিত আৰু ভিতৰৰ স্তৰটো কপাহৰ আৱৰণেৰে গঠিত । এই মাক্সবোৰ মাটিত পেলাই দিয়াৰ পিছত বীজবোৰৰ পৰা উদ্ভিদবোৰ গজি উঠিব' । এই মাস্কখনে সম্পূৰ্ণকৈ সংক্ৰমণ ৰক্ষা কৰিব বুলিও ভাছে মন্তব্য কৰে । তেওঁ কয় যে যদিও এই মাক্সকেইখন চাৰ্জিকেল মাস্কৰ দৰে কোমল নহয় যদিও দীৰ্ঘম্যাদী ৷
লগতে পঢ়ক: দেশত ৰেমডেচিবিৰ পৰ্যাপ্ত পৰিমাণে থকাৰ আশ্বাস অমিত শ্বাহৰ