ETV Bharat / bharat

এম্বুলেঞ্চতে সন্তান জন্ম দিলে কৰ'ণা আক্ৰান্ত মহিলাই - তেলিয়ামূৰা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ

এফালে ক'ভিড-১৯ত আক্ৰান্ত ৰোগী, আনফালে প্ৰসৱ বেদনা । অৱশেষত এম্বুলেঞ্চতে সন্তান প্ৰসৱ কৰিলে এগৰাকী কৰ'ণা আক্ৰান্ত মহিলাই । সংকটৰ সময়তো কণমানি কন্যা সন্তানে হাঁহি বিৰিঙালে কৰ'ণা আক্ৰান্ত মাতৃৰ মুখত ।

Covid infected mother gives birth to baby girl in ambulance
এম্বুলেঞ্চতে সন্তান প্ৰসৱ কৰ'ণা আক্ৰান্ত মহিলাৰ
author img

By

Published : May 12, 2021, 1:07 PM IST

নেশ্যনেল ডেস্ক, ১২ মে': ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ অধীনত ত্ৰিপুৰাত আৰম্ভ কৰা স্মাৰ্ট এম্বুলেঞ্চ সেৱা আশীৰ্বাদ হিচাপে পৰিগণিত হ'ল প্ৰসৱ বেদনাত চটফটাই থকা এগৰাকী কৰ'ণা আক্ৰান্ত মহিলাৰ বাবে । এম্বুলেঞ্চৰ ভিতৰতে এটি কন্যা সন্তান জন্ম দিলে মহিলাগৰাকীয়ে । ত্ৰিপুৰাৰ খোৱাই জিলাৰ মুংগিয়াকামি অঞ্চলত সংঘটিত হৈছে এই ঘটনা ।

জানিব পৰা মতে, মহিলাগৰাকী ক'ভিড-১৯ত আক্ৰান্ত ৰোগী । তেওঁক চিকিৎসালয়লৈ নিয়াৰ বাবে চিকিৎসালয়ৰ পৰা এম্বুলেঞ্চ বিচাৰিছিল পৰিয়ালৰ লোকে । পিছত খোৱাই চিকিৎসালয়ৰ পৰা তেলিয়ামূৰা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ এখন এম্বুলেঞ্চ প্ৰেৰণ কৰা হৈছিল ।

তেলিয়ামূৰা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ পৰা মুংগিয়াকামি অঞ্চলত থকা মহিলাগৰাকীৰ ঘৰলৈ এম্বুলেঞ্চখন প্ৰেৰণ কৰা হৈছিল যদিও তেওঁ প্ৰসৱ বেদনা যথেষ্ট বেছি আছিল । অৱশেষত স্বাস্থ্য কৰ্মী মেঘান দেৱনাথৰ সহায়ত এম্বুলেঞ্চতে মহিলাগৰাকীয়ে এটি সন্তান জন্ম দিয়ে ।

পিছত নৱজাত শিশু আৰু মাতৃক হোম আইছ'লেছ'নত ৰখাৰ ব্যৱস্থা কৰা হয় । ঘৰতে তেলিয়ামূৰা স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসকে তেওঁক চিকিৎসা সেৱা আগবঢ়ায় । আনহাতে, স্বাস্থ্য কৰ্মীসকলে আগবঢ়োৱা চিকিৎসা সেৱাক লৈ সন্তুষ্টি প্ৰকাশ কৰিছে মহিলাগৰাকীৰ পৰিয়ালৰ লোকে ।

লগতে পঢ়ক:ত্ৰিপুৰাৰ শান্তিৰ বজাৰত বাওঁমৰ্চাৰ প্ৰতিনিধিৰ দলক আক্ৰমণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.