ETV Bharat / bharat

কৰ’ণা সংক্ৰমণৰ বাবে অনিৰ্দিষ্টকাললৈ বন্ধ ভূপালৰ সকলো হোষ্টেল

author img

By

Published : Apr 8, 2021, 3:31 PM IST

মধ্যপ্ৰদেশ চৰকাৰে ৰাজধানী চহৰ ভূপালৰ সকলো হোষ্টেল অনিৰ্দিষ্টকালৰ বাবে বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । কৰ’ণা ভাইৰাছ সংক্ৰমণ প্ৰতিৰোধৰ পৰৱৰ্তী নিৰ্দেশ নোপোৱালৈকে বিভাগীয় হোষ্টেলসমূহ বন্ধ ৰাখিবলৈ নিৰ্দেশ প্ৰদান কৰিছে ।

ক'ভিড-১৯ঃ অনিৰ্দিষ্ট কাললৈ বন্ধ ভূপালৰ সকলো হোষ্টেল

নেশ্যনেল ডেস্ক,৮ এপ্ৰিল: দেশত দ্ৰুতগতিত বৃদ্ধি পাবলৈ ধৰিছে কৰ’ণাত আক্ৰান্ত লোকৰ সংখ্যা । ইয়াৰ প্ৰতি লক্ষ্য ৰাখি দেশৰ ৰাজ্য প্ৰশাসনসমূহে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে । কোনো স্থানত শিক্ষানুষ্ঠান, হোষ্টেলসমূহ পুনৰ বন্ধৰ ঘোষণা কৰিছে প্ৰশাসনে । মধ্যপ্ৰদেশ চৰকাৰেও কৰ’ণাৰ দ্ৰুত সংক্ৰমণ প্ৰতিহত কৰিবলৈ সাৱধানতা অৱলম্বন কৰিছে । ৰাজ্যৰ ৰাজধানী ভূপালৰ সকলো হোষ্টেল অনিৰ্দিষ্টকালৰ বাবে বন্ধ ৰখাৰ সিদ্ধান্ত লৈছে ।

ভূপালৰ জিলা উপায়ুক্ত অবিনাশ লাৱনিয়াই চৰকাৰী মহাবিদ্যালয়সমূহৰ হোষ্টেল অধীক্ষকসকলক কৰ’ণা ভাইৰাছ সংক্ৰমণ প্ৰতিৰোধৰ পৰৱৰ্তী নিৰ্দেশ নোপোৱালৈকে হোষ্টেলসমূহ বন্ধ ৰাখিবলৈ নিৰ্দেশ প্ৰদান কৰিছে । ইয়াৰ পূৰ্বে গৃহ বিভাগৰ অতিৰিক্ত মুখ্য সচিবে ভূপালৰ সকলো বিদ্যালয়-মহাবিদ্যালয়ত ১৫ এপ্ৰিললৈকে শিক্ষানুষ্ঠান আৰু অন্যান্য শৈক্ষিক প্ৰতিষ্ঠান বন্ধ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছিল । ইয়াৰোপৰি তেওঁ ২০২০-২১ শিক্ষাবৰ্ষৰ বাবে সকলো স্নাতক আৰু স্নাতকোত্তৰ পৰীক্ষা মে' আৰু জুন মাহত অনুষ্ঠিত কৰাৰ নিৰ্দেশ প্ৰদান কৰিছিল ।

লগতে পঢ়ক: তিৰুপতি বালাজী মন্দিৰ দৰ্শনত নিষেধাজ্ঞা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.