ETV Bharat / bharat

কৰ'ণাৰ ভয়াৱহতা: ঝাৰখণ্ডলৈ সহায়ৰ হাত অসম চৰকাৰৰ - ঝাৰখণ্ডৰ স্বাস্থ্য সচিব কেকে ছোন

ঝাৰখণ্ডত পুনৰ দ্ৰুত গতিত বৃদ্ধি পাইছে কৰ‘ণাৰ সংক্ৰমণৰ ঘটনা ৷ ইয়াৰ ফলতে ৰাজ্যখনত দেখা দিছিল ৰেমডেছিবিৰ ঔষধৰ সংকটৰ ৷ কিন্তু এই ক্ষেত্ৰত ঝাৰখণ্ডক ৰেমডেছিবিৰ ঔষধ প্ৰদান কৰি সহায় কৰিলে অসম চৰকাৰে ৷

covid-19-vaccines-end-in-jharkhand
কৰ'ণাৰ ভয়াৱহতা: ঝাৰখণ্ডলৈ সহায়ৰ হাত অসম চৰকাৰৰ
author img

By

Published : Apr 5, 2021, 9:19 PM IST

নিউজ ডেস্ক, 5 এপ্ৰিল : ঝাৰখণ্ডত পুনৰ দ্ৰুত গতিত বৃদ্ধি পাইছে কৰ‘ণাৰ সংক্ৰমণৰ ঘটনা ৷ কিন্তু চিন্তাৰ বিষয় এয়া যে, ৰাজ্যখনত 5 এপ্ৰিললৈকে মাত্ৰ তিনিলাখ পঞ্চাশ হাজাৰ কৰ‘ণাৰ প্ৰতিষেধক উপলব্ধ আছে ৷ ইয়াৰে তিনিলাখ 25 হাজাৰ প্ৰতিষেধক ক‘ভিশ্বীল্ডৰ আৰু 25 হাজাৰ ক‘ভেকচিনৰ আছে ৷ এতিয়া যদি আগন্তুক তিনিদিনৰ ভিতৰত ৰাজ্যখনত অত্যাধিক প্ৰতিষেধক আহি নাপায় তেন্তে কৰ‘ণাৰ প্ৰতিষেধক প্ৰদান অভিযানত বাধা আহি পৰাৰ আশংকা কৰা হৈছে ৷

ঝাৰখণ্ডৰ স্বাস্থ্য সচিব কেকে ছোনে কয় যে, কৰ‘ণা সংক্ৰমিত সকলক দিয়া ৰেমডেছিবিৰ ঔষধ পৰ্যাপ্ত মাত্ৰাত উপলৱ্ধ আছে ৷ ৰোগীৰ সংখ্যা হঠাৎ বাঢ়ি যোৱাত ঔষধবিধৰ সংকটে দেখা দিছিল ৷

দেওবাৰলৈকে ৰিম্সত মাত্ৰ 100 ড‘জ ৰেমডেছিবিৰ উপলব্ধ আছিল ৷ কিন্তু এই ক্ষেত্ৰত ৰাজ্যখনৰ সহায়ৰ বাবে আগবাঢ়ি আহিল অসম চৰকাৰ ৷ অসম চৰকাৰে ৰাজ্যখনলৈ 2000 ড‘জ ৰেমডেছিবিৰ প্ৰদান কৰি এই সংকটৰ সময়ত সহায় আগবঢ়ায় ৷ তদুপৰি আগন্তুক 2-3 দিনৰ ভিতৰত ৰাজ্যখনত আৰু 4 হাজাৰ ড‘জ উপলব্ধ হ‘ব বুলি জানিবলৈ দিছে স্বাস্থ্য সচিবগৰাকীয়ে ৷

লগতে পঢ়ক: ভোটাৰ আছিল 90 গৰাকী, ভোট দিলে 181 গৰাকীয়ে : ক’ত ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.