নিউজ ডেস্ক,১৬ ফেব্ৰুৱাৰী: দেশত প্ৰতিদিনে ক'ভিড-১৯ত আক্ৰান্তৰ সংখ্যা কমি আহিছে । দেশবাসীৰ বাবে ভাল খবৰ যে মঙলবাৰে প্ৰকাশ পেৱা তথ্য মতে এই মাহত ৪ৰ্থ বাৰলৈ দৈনিক আক্ৰান্তৰ সংখ্যা ১০ হাজাৰৰ তলত আছে । কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি চলিত মাহত দেশত দশমবাৰৰ বাবে ১০০ জনৰ তলত কৰ'ণাত আক্ৰান্তৰ মৃত্যু হৈছে । তথ্য অনুসৰি দেশত নতুনকৈ আক্ৰান্ত হৈছে ৯ হাজাৰ ১২১ গৰাকী লোক আৰু ইয়াৰ লগে লগে দেশত আক্ৰান্তৰ সংখ্যা হ'লগৈ ১ কোটি ৯ লাখ ২৫ হাজাৰ ৭১০ গৰাকী । ইফালে মঙলবাৰে প্ৰকাশ পোৱা তথ্য অনুসৰি পুৱা ৮ বজালৈ নতুনকৈ ৮১ গৰাকীৰ মৃত্যুৰ লগে লগে বৰ্তমানলৈ দেশত মুঠ মৃত্যুৰ সংখ্যা ১ লাখ ৫৫ হাজাৰ ৮১৩ গৰাকী । সমান্তৰালকৈ দেশত আৰোগ্য হোৱা ৰোগীৰ সংখ্যা হৈছে ১ কোটি ৬ লাখ ৩৩ হাজাৰ ২৫ গৰাকী আৰু আৰোগ্যৰ হাৰ বৰ্তমান ৯৭.৩২ শতাংশ য'ত কৰ'ণাত মৃত্যুৰ হাৰ ১.৪৩ শতাংশ । দেশত সক্ৰিয় ঘটনা বৰ্তমান ১ লাখ ৩৬ হাজাৰ ৮৭২ টা যিটো মুঠ আক্ৰান্তৰ ১.২৫ শতাংশ ।
ইফালে বিগত বছৰৰ ৭ আগষ্টত কৰ'ণাত আক্ৰান্তৰ সংখ্যাই পাৰ কৰিছিল ২০ লাখৰ ঘৰ, ২৩ আগষ্টত এই সংখ্যা আছিল ৩০ লাখ,১৬ ছেপ্তেম্বৰত এই সংখ্যা আছিল ৫০ লাখ । অক্টোবৰৰ ১১ তাৰিখত এই সংখ্যা আছিল ৭০ লাখ আৰু ডিচেম্বৰৰ ১৯ তাৰিখে দেশত কৰ'ণাত আক্ৰান্তৰ সংখ্যা অতিক্ৰম কৰিছিল ১ কোটিৰ ঘৰ । আইচিএমআৰৰ মতে ১৫ ফেব্ৰুৱাৰীলৈ মুঠ ২০ কেটি ৭৩ লাখ ৩২ হাজাৰ ২৯৮ টা নমুনা পৰীক্ষা কৰা হৈছে আৰু কেৱল সোমবাৰৰ দিনটোত দেশত মুঠ ৬ লাখ ১৫ হাজাৰ ৬৬৪ টা নমুনা পৰীক্ষা কৰা হৈছে ।
লগতে পঢ়ক:মধ্য প্ৰদেশত শোকাৱহ বাছ দুৰ্ঘটনাঃ 39 গৰাকী যাত্ৰীৰ মৃতদেহ উদ্ধাৰ