ETV Bharat / bharat

Covid case in India: ভাৰতত হ্ৰাস পাইছে Covid-19 ৰ সংক্ৰমণৰ হাৰ - ভাৰতত হ্ৰাস পাইছে Covid 19 ৰ সংক্ৰমণৰ হাৰ

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে দিলে এক ইতিবাচক খবৰ । ভাৰতত কমি আহিছে ক'ভিডত আক্ৰান্ত ৰোগীৰ সংখ্যা (Covid-19 infection rate is declining in India) । দৈনিক পজিটিভিটিৰ হাৰ ১.৫২ শতাংশ ৰেকৰ্ড হৈ থকাৰ সময়তে সাপ্তাহিক পজিটিভিটিৰ হাৰ ০.৯৫ শতাংশ হ্ৰাস পাইছে বুলি সদৰি কৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে (India records 1334 fresh Covid cases) ।

covid 19 infection rate is declining in india
ভাৰতত হ্ৰাস পাইছে Covid-19 ৰ সংক্ৰমণৰ হাৰ
author img

By

Published : Oct 24, 2022, 2:18 PM IST

নেশ্যনেল ডেস্ক, ২৪ অক্টোবৰ: কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে সোমবাৰে প্ৰকাশ কৰে যে ভাৰতত ১,৩৩৪ টা নতুন কৰোনা ভাইৰাছ সংক্ৰমণ পঞ্জীয়ণ কৰিছে । যি ১৮৮ দিনত সৰ্বনিম্ন । যাৰ ফলত ক'ভিড আক্ৰন্তৰ সংখ্যা ৪,৪৬,৪৪,০৭৬ লৈ বৃদ্ধি পাইছে । আনহাতে সক্ৰিয় ৰোগীৰ সংখ্যা ২৩,১৯৩লৈ হ্ৰাস পাইছে(Covid-19 infection rate is declining in India) । পুৱা ৮ বজাত মন্ত্ৰালয়ে সদৰি কৰা তথ্য অনুসৰি ক'ভিডত মৃত্যুৰ সংখ্যা ৫,২৮,৯৭৭ লৈ বৃদ্ধি পাইছে আৰু ১৬ জনৰ মৃত্যু হৈছে । যাৰ ভিতৰত ১২ জন কেৰালাৰ বুলি জানিব পৰা গৈছে(India records 1334 fresh Covid cases) ।

আনহাতে যি সময়ত আৰোগ্যৰ হাৰ ৯৮.৭৬ শতাংশলৈ বৃদ্ধি পোৱাৰ সময়ত সংক্ৰমণৰ হাৰ ০.০৫ শতাংশ হোৱা পৰিলক্ষিত হৈছে । মন্ত্ৰালয়ে উল্লেখ কৰে যে সক্ৰিয় ঘটনাৰ ভিতৰত ২৪ ঘণ্টাৰ ভিতৰত ২৩৯ টা ঘটনা হ্ৰাস পোৱা দেখা গৈছে । ইফালে দৈনিক পজিটিভিটিৰ হাৰ ১.৫২ শতাংশ ৰেকৰ্ড হৈ থকাৰ সময়তে সাপ্তাহিক পজিটিভিটিৰ হাৰ ০.৯৫ শতাংশ হ্ৰাস পাইছে বুলি উল্লেখ কৰে । ক'ভিডৰ পৰা আৰোগ্য হোৱা লোকৰ সংখ্যা ৪,৪০,৯১,৯০৬ লৈ বৃদ্ধি হৈছে । আনহাতে মৃত্যুৰ হাৰ ১.১৮ শতাংশ নথিভুক্ত কৰা হৈছে ।

মন্ত্ৰালয়ৰ মতে, দেশজুৰি টীকাকৰণ অভিযানৰ অধীনত এতিয়ালৈকে ২১৯.৫৬ কোটি ভেকছিন প্ৰদান কৰা হৈছে । ভাৰতৰ ক'ভিডত আক্ৰান্তৰ সংখ্যাই ২০২০ চনৰ ৭ আগষ্ট ২০ লাখ, ২৩ আগষ্টত ৩০ লাখ, ৪ ছেপ্টেম্বৰত ৪০ লাখ আৰু ১৬ ছেপ্টেম্বৰত ৫০ লাখ অতিক্ৰম কৰিছিল । ইফালে ২৮ ছেপ্টেম্বৰত ৬০ লাখ, ১১ অক্টোবৰত ৭০ লাখ, ২৯ অক্টোবৰত ৮০ লাখ, ২০ নৱেম্বৰত ৯০ লাখ অতিক্ৰম কৰিছিল । উদ্বোগজনকভাৱে ২০২০ চনৰ ১৯ ডিচেম্বৰত এক কোটিৰ সীমা অতিক্ৰম কৰিছিল আক্ৰান্তৰ সংখ্যাই । ভাৰতে ৪ মে'ত দুই কোটি আৰু যোৱা বছৰৰ ২৩ জুনত তিনি কোটি আৰু ২৫ জানুৱাৰীত চাৰি কোটি ক'ভিড আক্ৰান্তৰ তথ্য নথিভুক্ত কৰিছিল ।

লগতে পঢ়ক: Modi greets people on Diwali: নৰেন্দ্ৰ মোদীয়ে দেশবাসীক জনালে দীপাৱলীৰ শুভেচ্ছা

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.